--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য খেলুৱৈ তথা টপ অৰ্ডাৰ বেটাৰ কে এল ৰাহুলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলা হেৰুওৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ পৰিছে। যোৱা সপ্তাহত ক’ভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত ৰাহুলক কিছুদিন বিশ্ৰাম লোৱাৰ পৰামৰ্শ দিয়া হৈছে। নাম প্ৰকাশত অনিচ্ছুক বিচিচিআইৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে।  

যোৱা সপ্তাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সভাপতি সৌৰভ গাংগুলীয়ে মুম্বাইত অনুষ্ঠিত ব'ৰ্ডৰ শীৰ্ষ পৰিষদৰ বৈঠকৰ পিছত ৰাহুল ক’ভিডত আক্ৰান্ত হোৱা বুলি অৱগত কৰিছিল। অৱশ্যে ৰাহুলে ইতিমধ্যে আইচ’লেশ্যনৰ ম্যাদ সম্পূৰ্ণ কৰিছে যদিও বিচিচিআইৰ চিকিৎসা পৰামৰ্শক সকলে খেলুৱৈগৰাকীক  সম্পূৰ্ণ আৰোগ্যৰ বাবে পুনৰ এসপ্তাহৰ বিশ্ৰামৰ পৰামৰ্শ দিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আঘাতৰ বাবে ৰাহুল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা টি-২০ শৃংখলা আৰু ইংলেণ্ড ভ্ৰমণৰ পৰা বাহিৰ হৈছিল। শেহতীয়াকৈ অস্ত্ৰোপচাৰৰ পিছত খেলুৱৈগৰাকী প্ৰায় আঘাতৰ পৰা সুস্থ হৈ উঠিছিল আৰু বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।

আঘাতৰ পৰা মুক্ত হোৱাৰ পিছত ৰাহুলক ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু কেইদিনমানৰ ভিতৰতে ৰাহুলক ফিটনেছ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত ৰাহুলৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণ অনিশ্চিত হৈ পৰিছিল।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাটো ২৯ জুলাইত আৰম্ভ হ'ব আৰু ৭ আগষ্টত সমাপ্ত হ'ব। ইতিমধ্যে মঙলবাৰে টীম ইণ্ডিয়াৰ টি-২০ দল ত্ৰিনিদাদত উপস্থিত হৈছে। 

উল্লেখ্য যে বৰ্তমান ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাগ লৈ থকা ভাৰতীয় দল আজি তৃতীয়খন এদিনীয়াত অৱতীৰ্ণ হৈছে। ইতিমধ্যে ২-০ ৰ অগ্ৰগতিৰে ভাৰতে শৃংখলা হস্তগত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু