--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য খেলুৱৈ তথা টপ অৰ্ডাৰ বেটাৰ কে এল ৰাহুলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলা হেৰুওৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ পৰিছে। যোৱা সপ্তাহত ক’ভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত ৰাহুলক কিছুদিন বিশ্ৰাম লোৱাৰ পৰামৰ্শ দিয়া হৈছে। নাম প্ৰকাশত অনিচ্ছুক বিচিচিআইৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে।  

যোৱা সপ্তাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সভাপতি সৌৰভ গাংগুলীয়ে মুম্বাইত অনুষ্ঠিত ব'ৰ্ডৰ শীৰ্ষ পৰিষদৰ বৈঠকৰ পিছত ৰাহুল ক’ভিডত আক্ৰান্ত হোৱা বুলি অৱগত কৰিছিল। অৱশ্যে ৰাহুলে ইতিমধ্যে আইচ’লেশ্যনৰ ম্যাদ সম্পূৰ্ণ কৰিছে যদিও বিচিচিআইৰ চিকিৎসা পৰামৰ্শক সকলে খেলুৱৈগৰাকীক  সম্পূৰ্ণ আৰোগ্যৰ বাবে পুনৰ এসপ্তাহৰ বিশ্ৰামৰ পৰামৰ্শ দিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আঘাতৰ বাবে ৰাহুল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা টি-২০ শৃংখলা আৰু ইংলেণ্ড ভ্ৰমণৰ পৰা বাহিৰ হৈছিল। শেহতীয়াকৈ অস্ত্ৰোপচাৰৰ পিছত খেলুৱৈগৰাকী প্ৰায় আঘাতৰ পৰা সুস্থ হৈ উঠিছিল আৰু বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।

আঘাতৰ পৰা মুক্ত হোৱাৰ পিছত ৰাহুলক ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু কেইদিনমানৰ ভিতৰতে ৰাহুলক ফিটনেছ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত ৰাহুলৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণ অনিশ্চিত হৈ পৰিছিল।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাটো ২৯ জুলাইত আৰম্ভ হ'ব আৰু ৭ আগষ্টত সমাপ্ত হ'ব। ইতিমধ্যে মঙলবাৰে টীম ইণ্ডিয়াৰ টি-২০ দল ত্ৰিনিদাদত উপস্থিত হৈছে। 

উল্লেখ্য যে বৰ্তমান ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাগ লৈ থকা ভাৰতীয় দল আজি তৃতীয়খন এদিনীয়াত অৱতীৰ্ণ হৈছে। ইতিমধ্যে ২-০ ৰ অগ্ৰগতিৰে ভাৰতে শৃংখলা হস্তগত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ