--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নদী বান্ধ কিমান ভয়াৱহ হ’ব পাৰে তাৰ শেহতীয়া প্ৰমাণ পোৱা গ’ল লিবিয়াত। উত্তৰ-পূব লিবিয়াত ধাৰাসাৰ বৰষুণৰ ফলত দুটাকৈ বান্ধ খহি পৰাৰ ফলত বৃহৎ  অঞ্চল প্লাবিত হৈ পৰিছে। লিবিয়াত হঠাতে অহা বানত  ডেৰনা আৰু দেশখনৰ পূবৰ অন্যান্য অংশত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে। লিবিয়াৰ চৰকাৰৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ মতে এই ঘটনাত কমেও ৫,৩০০ জন লোকে প্ৰাণ হেৰুৱাইছে।

 মৃতকৰ সংখ্যা আৰু  বৃদ্ধি হ'ব পাৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। প্ৰায় ১০,০০০ লোক এতিয়াও সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। ষ্টৰ্ম ডেনিয়েল নামৰ ধুমুহাৰ বাবেই দেশ খনত ধাৰাসাৰ বৰষুণ হৈছে। বৰষুণৰ ফলতে বান্ধ দুটা হঠাতে খহি পৰে।  বান্ধৰ তলৰ অংশত বাস কৰা এলেকাসমূহ নিমিষৰ ভিতৰতে সাগৰত পৰিণত হয়। 

উল্লেখ্য  ধুমুহা দানিয়েলে গ্ৰীচতো বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।  ফলত দেশ খনত  বানপানী হৈছে।  ইজিপ্তৰ প্ৰব্ৰজন মন্ত্ৰালয়ে বুধবাৰে কয় যে লিবিয়াত মৃত্যু হোৱা ৮৭ জন ইজিপ্তৰ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে মৃতদেহবোৰ ইজিপ্তৰ সামৰিক বাহিনীয়ে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল চেষ্টা চলাই আছে।।

লিবিয়াৰ স্বাস্থ্য মন্ত্ৰী ওথমান আব্দুলজালিলে প্ৰকাশ কৰিছে যে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত পূব চহৰ ডেৰনাত সন্ধানহীন লোকৰ সংখ্যা ৬,০০০ হৈছে।  তেওঁ পৰিস্থিতিটোক "প্ৰলয়ংকৰী" বুলি অভিহিত কৰে। দেশ খনত এতিয়া যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই আছে। নিহতৰ সংখ্যাই ১০,০০০ ঘৰ অতিক্ৰম কৰিব বুলি আশংকা কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা