--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নদী বান্ধ কিমান ভয়াৱহ হ’ব পাৰে তাৰ শেহতীয়া প্ৰমাণ পোৱা গ’ল লিবিয়াত। উত্তৰ-পূব লিবিয়াত ধাৰাসাৰ বৰষুণৰ ফলত দুটাকৈ বান্ধ খহি পৰাৰ ফলত বৃহৎ  অঞ্চল প্লাবিত হৈ পৰিছে। লিবিয়াত হঠাতে অহা বানত  ডেৰনা আৰু দেশখনৰ পূবৰ অন্যান্য অংশত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে। লিবিয়াৰ চৰকাৰৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ মতে এই ঘটনাত কমেও ৫,৩০০ জন লোকে প্ৰাণ হেৰুৱাইছে।

 মৃতকৰ সংখ্যা আৰু  বৃদ্ধি হ'ব পাৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। প্ৰায় ১০,০০০ লোক এতিয়াও সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। ষ্টৰ্ম ডেনিয়েল নামৰ ধুমুহাৰ বাবেই দেশ খনত ধাৰাসাৰ বৰষুণ হৈছে। বৰষুণৰ ফলতে বান্ধ দুটা হঠাতে খহি পৰে।  বান্ধৰ তলৰ অংশত বাস কৰা এলেকাসমূহ নিমিষৰ ভিতৰতে সাগৰত পৰিণত হয়। 

উল্লেখ্য  ধুমুহা দানিয়েলে গ্ৰীচতো বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।  ফলত দেশ খনত  বানপানী হৈছে।  ইজিপ্তৰ প্ৰব্ৰজন মন্ত্ৰালয়ে বুধবাৰে কয় যে লিবিয়াত মৃত্যু হোৱা ৮৭ জন ইজিপ্তৰ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে মৃতদেহবোৰ ইজিপ্তৰ সামৰিক বাহিনীয়ে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল চেষ্টা চলাই আছে।।

লিবিয়াৰ স্বাস্থ্য মন্ত্ৰী ওথমান আব্দুলজালিলে প্ৰকাশ কৰিছে যে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত পূব চহৰ ডেৰনাত সন্ধানহীন লোকৰ সংখ্যা ৬,০০০ হৈছে।  তেওঁ পৰিস্থিতিটোক "প্ৰলয়ংকৰী" বুলি অভিহিত কৰে। দেশ খনত এতিয়া যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই আছে। নিহতৰ সংখ্যাই ১০,০০০ ঘৰ অতিক্ৰম কৰিব বুলি আশংকা কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ