--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ ৰাজনৈতিক পট পৰিৱৰ্তন হোৱাৰ পাছতে সলনি হৈছে বাংলাদেশৰ সমাজিক ৰাজনৈতিক পৰিবেশ৷শংকাত ভুগিছে সংখ্যালঘু লোকে৷সংখ্যালঘুৰ নিৰ্যাতন বন্ধ কৰাকে ধৰি ৮ দফীয়া দাবীৰে শ্বাহবাগত সমাগমৰ সৃষ্টি কৰিছে সংখ্যালঘু লোকে৷ বাংলাদেশৰ চট্টগ্ৰাম বৰিশালকে ধৰি বিভিন্ন স্থানতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংখ্যালঘু লোকে৷ 

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এজন উপদেষ্টা শ্বাহবাগলৈ আহি দাবী পূৰণৰ আশ্বাস নিদিয়া পৰ্যন্ত শ্বাহবাগত প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি সদৰি কৰিছে বাংলাদেশৰ হিন্দু জাগৰণ মঞ্চৰ সমন্বয়ক প্ৰদীপ কান্তি দেয়ে। শুকুৰবাৰে বিয়লি শ্বাহবাগ অৱৰোধ কাৰ্যসূচীত বাংলাদেশ হিন্দু পৰিষদৰ নেতৃত্বই এই কথা স্পষ্টৰূপে ঘোষণা কৰিছে।প্ৰদীপ কান্তি কয় যে ‘যদি চৰকাৰৰ কোনো উপদেষ্টা শ্বাহবাগলৈ আহি আমাৰ দাবী পূৰণৰ সন্দৰ্ভত কোনো আশ্বাস নিদিয়লৈ আমি শ্বাহবাগ এৰি নাযাওঁ।’ শ্বাহবাগ অৱৰোধ কৰি ‘তেজৰ বানে উটুৱাই নিব অন্যায়’, আদি শ্লোগানেৰে বাংলাদেশৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

বাংলাদেশ হিন্দু পৰিষদে সংখ্যালঘুৰ ওপৰত চলি থকা নিৰ্যাতন শীঘ্ৰে অন্ত পেলোৱা, ভুক্তভোগীক উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰা  সংসদত সংখ্যালঘুৰ প্ৰতিনিধিত্ব নিশ্চিত কৰি পৃথক নিৰ্বাচন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ক্ষিপ্ৰ বিচাৰ ন্যায়াধিকৰণ আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয় গঠন। হিন্দু কল্যাণ ট্ৰাষ্টৰ ফাউণ্ডেশ্যনলৈ ৰূপান্তৰ কৰা। সংখ্যালঘুৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰা। লগতে সকলো বেদখল কৰা সম্পত্তি আৰু মৃতকক ন্যস্ত সম্পত্তি আইন বাতিলকে ধৰি সঠিক মালিকৰ হাতত গতাই দিয়া। প্ৰতিখন ৰাজহুৱা বিশ্ববিদ্যালয়ে সংখ্যালঘুৰ বাবে পূজাগৃহ আৰু পৃথক হোষ্টেল নিৰ্মাণ কৰাৰ লগতে শৰৎকালীন দুৰ্গা পূজাত ৩ দিনীয়া চৰকাৰী বন্ধ ঘোষণা কৰিবলৈও দাবী উত্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক