--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ ৰাজনৈতিক পট পৰিৱৰ্তন হোৱাৰ পাছতে সলনি হৈছে বাংলাদেশৰ সমাজিক ৰাজনৈতিক পৰিবেশ৷শংকাত ভুগিছে সংখ্যালঘু লোকে৷সংখ্যালঘুৰ নিৰ্যাতন বন্ধ কৰাকে ধৰি ৮ দফীয়া দাবীৰে শ্বাহবাগত সমাগমৰ সৃষ্টি কৰিছে সংখ্যালঘু লোকে৷ বাংলাদেশৰ চট্টগ্ৰাম বৰিশালকে ধৰি বিভিন্ন স্থানতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংখ্যালঘু লোকে৷ 

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এজন উপদেষ্টা শ্বাহবাগলৈ আহি দাবী পূৰণৰ আশ্বাস নিদিয়া পৰ্যন্ত শ্বাহবাগত প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি সদৰি কৰিছে বাংলাদেশৰ হিন্দু জাগৰণ মঞ্চৰ সমন্বয়ক প্ৰদীপ কান্তি দেয়ে। শুকুৰবাৰে বিয়লি শ্বাহবাগ অৱৰোধ কাৰ্যসূচীত বাংলাদেশ হিন্দু পৰিষদৰ নেতৃত্বই এই কথা স্পষ্টৰূপে ঘোষণা কৰিছে।প্ৰদীপ কান্তি কয় যে ‘যদি চৰকাৰৰ কোনো উপদেষ্টা শ্বাহবাগলৈ আহি আমাৰ দাবী পূৰণৰ সন্দৰ্ভত কোনো আশ্বাস নিদিয়লৈ আমি শ্বাহবাগ এৰি নাযাওঁ।’ শ্বাহবাগ অৱৰোধ কৰি ‘তেজৰ বানে উটুৱাই নিব অন্যায়’, আদি শ্লোগানেৰে বাংলাদেশৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

বাংলাদেশ হিন্দু পৰিষদে সংখ্যালঘুৰ ওপৰত চলি থকা নিৰ্যাতন শীঘ্ৰে অন্ত পেলোৱা, ভুক্তভোগীক উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰা  সংসদত সংখ্যালঘুৰ প্ৰতিনিধিত্ব নিশ্চিত কৰি পৃথক নিৰ্বাচন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ক্ষিপ্ৰ বিচাৰ ন্যায়াধিকৰণ আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয় গঠন। হিন্দু কল্যাণ ট্ৰাষ্টৰ ফাউণ্ডেশ্যনলৈ ৰূপান্তৰ কৰা। সংখ্যালঘুৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰা। লগতে সকলো বেদখল কৰা সম্পত্তি আৰু মৃতকক ন্যস্ত সম্পত্তি আইন বাতিলকে ধৰি সঠিক মালিকৰ হাতত গতাই দিয়া। প্ৰতিখন ৰাজহুৱা বিশ্ববিদ্যালয়ে সংখ্যালঘুৰ বাবে পূজাগৃহ আৰু পৃথক হোষ্টেল নিৰ্মাণ কৰাৰ লগতে শৰৎকালীন দুৰ্গা পূজাত ৩ দিনীয়া চৰকাৰী বন্ধ ঘোষণা কৰিবলৈও দাবী উত্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ