--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তাজিকিস্তান মুছলমান সংখ্যাগৰিষ্ঠ দেশ, য’ত ৯৮ শতাংশ জনসাধাৰণে ইছলাম ধৰ্ম পালন কৰে। চৰকাৰৰ নতুন নিয়মৰ মূল উদ্দেশ্য ধৰ্মীয় মৌলবাদক নিয়ন্ত্ৰণ কৰা ৷ তিনি দশক ধৰি ক্ষমতাত থকা একনায়কত্ববাদী ৰাষ্ট্ৰপতি ইমোনালি ৰহমানৰ মতে ইছলামৰ ৰাজহুৱা পৰিচয় ৰোধ কৰিব লাগিব আৰু লগতে ইছলামিক উগ্ৰবাদো হ্ৰাস পাব লাগিব ৷


ইছলামিক দেশ তাজিকিস্তানে মৌলবাদৰ বিৰুদ্ধে এক বৃহৎ সিদ্ধান্ত লৈছে। বিগত ৩০ বছৰে দেশৰ শাসনত থকা একনায়কত্ববাদী ইমোমালিয়ে দেশৰ মুছলমান মহিলাসকলক হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ লগতে দীঘল দাড়ি ৰখাতো নিষেধাজ্ঞা আৰোপ কৰিছে । নিয়ম মানি নচলাৰ বাবে জৰিমনা আৰু শাস্তিৰ নিয়ম প্ৰণয়ন কৰা হৈছে। ইমোমালিৰ মতে এই নতুন আইনখনে দেশত মৌলবাদৰ প্ৰসাৰ বন্ধ কৰিব।

আচলতে মুছলমান দেশ তাজিকিস্তান আফগানিস্তান, চীন, কিৰ্গিস্তান আৰু উজবেকিস্তানৰ সীমাৰেখাৰে আগুৰি আছে। বৰ্তমান এই দেশখন সন্ত্ৰাসবাদী ঘটনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰিৰ অধীনত আছে। ২০২৪ চনৰ মাৰ্চ মাহত ৰাছিয়াৰ ৰাজধানী মস্কোত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তাজিক মূলৰ ৪ জন সন্ত্ৰাসবাদী জড়িত হোৱাৰ পিছত চৰকাৰে দেশখনৰ ইছলামিক সাজ-পোছাক আৰু পৰিচয় নিৰ্মূল কৰিবলৈ আৰম্ভ কৰিছে।


নতুন আইনখনত চৰকাৰে ৰাজহুৱা স্থানত দাড়ি কটাৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ বাবে চৰকাৰে নিযুক্তি দিছে নৈতিক নাপিতক। লগতে আইন মানি নচলিলে ১ লাখতকৈ অধিক টকাৰ জৰিমনা আৰু শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে, যদি  তাজিকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ দিশে চোৱা হয়, তেন্তে দেশখনৰ গড় মাহিলী দৰমহা প্ৰায় ১৫ হাজাৰ টকা। যাৰ বাবে দেশত জৰিমনা সন্দৰ্ভত ব্যাপক সমালোচনা হৈছে।

ৰাজধানী দুশানবেৰ এগৰাকী শিক্ষয়িত্ৰী নিলোফাৰে জনায়, ‘শেহতীয়াকৈ আৰক্ষীয়ে তেওঁক তিনিবাৰকৈ হিজাব খুলিবলৈ কয় ৷ যেতিয়া তেওঁ হিজাব খুলিবলৈ অস্বীকাৰ কৰে তেতিয়া আৰক্ষীয়ে তেওঁক নিশাটো থানাত ৰাখে। একেদৰে স্বামীয়েও এবাৰ দাড়ি কাটিবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে তেওঁ ৫ দিন জেলত থাকিব লগা হৈছিল। কৰ্মজীৱনত প্ৰভাৱ পৰাৰ আশংকাত নিলোফাৰে এতিয়া হিজাব পৰিধান কৰা বন্ধ কৰি দিছে।


নতুন আইনখনৰ বাবে দেশত অসন্তুষ্টি বাঢ়িছে। বিশেষজ্ঞসকলে কয় যে এই পদ্ধতিয়ে অশান্তি ৰোধ কৰাৰ পৰিৱৰ্তে অধিক উচটনি দিব পাৰে। মানৱ অধিকাৰ বিশেষজ্ঞ লাৰিছা আলেকজেণ্ড্ৰ’ভাই কয় যে চৰকাৰে দৰিদ্ৰতা, দুৰ্নীতি আৰু সামাজিক বৈষম্যৰ দৰে প্ৰকৃত সমস্যাৰ সৈতে মোকাবিলা কৰাৰ পৰিৱৰ্তে নিম্ন পৰ্যায়ৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইমোমালি চৰকাৰৰ কেন্দ্ৰবিন্দু ভুল দিশত বুলি ৰাইজৰ মন্তব্য ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক