--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তাজিকিস্তান মুছলমান সংখ্যাগৰিষ্ঠ দেশ, য’ত ৯৮ শতাংশ জনসাধাৰণে ইছলাম ধৰ্ম পালন কৰে। চৰকাৰৰ নতুন নিয়মৰ মূল উদ্দেশ্য ধৰ্মীয় মৌলবাদক নিয়ন্ত্ৰণ কৰা ৷ তিনি দশক ধৰি ক্ষমতাত থকা একনায়কত্ববাদী ৰাষ্ট্ৰপতি ইমোনালি ৰহমানৰ মতে ইছলামৰ ৰাজহুৱা পৰিচয় ৰোধ কৰিব লাগিব আৰু লগতে ইছলামিক উগ্ৰবাদো হ্ৰাস পাব লাগিব ৷


ইছলামিক দেশ তাজিকিস্তানে মৌলবাদৰ বিৰুদ্ধে এক বৃহৎ সিদ্ধান্ত লৈছে। বিগত ৩০ বছৰে দেশৰ শাসনত থকা একনায়কত্ববাদী ইমোমালিয়ে দেশৰ মুছলমান মহিলাসকলক হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ লগতে দীঘল দাড়ি ৰখাতো নিষেধাজ্ঞা আৰোপ কৰিছে । নিয়ম মানি নচলাৰ বাবে জৰিমনা আৰু শাস্তিৰ নিয়ম প্ৰণয়ন কৰা হৈছে। ইমোমালিৰ মতে এই নতুন আইনখনে দেশত মৌলবাদৰ প্ৰসাৰ বন্ধ কৰিব।

আচলতে মুছলমান দেশ তাজিকিস্তান আফগানিস্তান, চীন, কিৰ্গিস্তান আৰু উজবেকিস্তানৰ সীমাৰেখাৰে আগুৰি আছে। বৰ্তমান এই দেশখন সন্ত্ৰাসবাদী ঘটনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰিৰ অধীনত আছে। ২০২৪ চনৰ মাৰ্চ মাহত ৰাছিয়াৰ ৰাজধানী মস্কোত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তাজিক মূলৰ ৪ জন সন্ত্ৰাসবাদী জড়িত হোৱাৰ পিছত চৰকাৰে দেশখনৰ ইছলামিক সাজ-পোছাক আৰু পৰিচয় নিৰ্মূল কৰিবলৈ আৰম্ভ কৰিছে।


নতুন আইনখনত চৰকাৰে ৰাজহুৱা স্থানত দাড়ি কটাৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ বাবে চৰকাৰে নিযুক্তি দিছে নৈতিক নাপিতক। লগতে আইন মানি নচলিলে ১ লাখতকৈ অধিক টকাৰ জৰিমনা আৰু শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে, যদি  তাজিকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ দিশে চোৱা হয়, তেন্তে দেশখনৰ গড় মাহিলী দৰমহা প্ৰায় ১৫ হাজাৰ টকা। যাৰ বাবে দেশত জৰিমনা সন্দৰ্ভত ব্যাপক সমালোচনা হৈছে।

ৰাজধানী দুশানবেৰ এগৰাকী শিক্ষয়িত্ৰী নিলোফাৰে জনায়, ‘শেহতীয়াকৈ আৰক্ষীয়ে তেওঁক তিনিবাৰকৈ হিজাব খুলিবলৈ কয় ৷ যেতিয়া তেওঁ হিজাব খুলিবলৈ অস্বীকাৰ কৰে তেতিয়া আৰক্ষীয়ে তেওঁক নিশাটো থানাত ৰাখে। একেদৰে স্বামীয়েও এবাৰ দাড়ি কাটিবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে তেওঁ ৫ দিন জেলত থাকিব লগা হৈছিল। কৰ্মজীৱনত প্ৰভাৱ পৰাৰ আশংকাত নিলোফাৰে এতিয়া হিজাব পৰিধান কৰা বন্ধ কৰি দিছে।


নতুন আইনখনৰ বাবে দেশত অসন্তুষ্টি বাঢ়িছে। বিশেষজ্ঞসকলে কয় যে এই পদ্ধতিয়ে অশান্তি ৰোধ কৰাৰ পৰিৱৰ্তে অধিক উচটনি দিব পাৰে। মানৱ অধিকাৰ বিশেষজ্ঞ লাৰিছা আলেকজেণ্ড্ৰ’ভাই কয় যে চৰকাৰে দৰিদ্ৰতা, দুৰ্নীতি আৰু সামাজিক বৈষম্যৰ দৰে প্ৰকৃত সমস্যাৰ সৈতে মোকাবিলা কৰাৰ পৰিৱৰ্তে নিম্ন পৰ্যায়ৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইমোমালি চৰকাৰৰ কেন্দ্ৰবিন্দু ভুল দিশত বুলি ৰাইজৰ মন্তব্য ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ