--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইলিছ মাছৰ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্তই ভাৰত আৰু বাংলাদেশৰ কূটনৈতিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰেনে? বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মতে, আপাততঃ ইলিছ ৰপ্তানি নিষিদ্ধ কৰাৰ আঁৰত আন কোনো কাৰণ নাই। দেশৰ ঘৰুৱা চাহিদাই একমাত্ৰ কাৰণ। কিন্তু ভাৰতৰ পৰা কণী আমদানি কৰাৰ পাছত মহম্মদ ইউনুছৰ চৰকাৰে আলু-পিঁয়াজৰ ৰপ্তানি স্বাভাৱিক কৰি ৰাখিবলৈ অনুৰোধ জনায় ভাৰতক। 

বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত এইবাৰ পশ্চিমবংগত প্ৰৱেশ কৰা নাই পদ্মা ইলিছ। কিন্তু পশ্চিমবংগৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে কুকুৰাৰ কণী। আনহাতে, ঘৰুৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগ চৰকাৰে আপাততঃ বংগৰ পৰা বিদেশলৈ আলু ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু ইলিছ ‘ইছ্যু’ক লৈ ভাৰতৰ ক্ষোভৰ কথা মনত ৰাখি ইউনুছ চৰকাৰে আগতীয়াকৈ দুখ প্ৰকাশ কৰি আলু-পিঁয়াজৰ ৰপ্তানি স্বাভাৱিক কৰি ৰাখিবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও ইলিছৰ দৰে ‘ক্ষুদ্ৰ বিষয়’ এটাই ভাৰত-বাংলাদেশৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি দাবী কৰে।

বাংলাদেশৰ বজাৰত বৰ্তমান প্ৰতি কেজি আলুৰ মূল্য প্ৰায় ৭০ টকা। প্ৰতি কেজিত ১৪০ টকাকৈ বিক্ৰী কৰা হৈছে পিঁয়াজ। পূৰ্বৰ হাছিনা চৰকাৰৰ দিনত আলুৰ দাম আছিল প্ৰায় ৪০-৪৫ টকা। ইফালে বাংলাদেশৰ ব্যৱসায়ীসকলৰ সৈতে হোৱা বৈঠকত সেই দেশৰ ব্যৱসায়িক মহলে ঘৰুৱা বজাৰত আলু-পিঁয়াজৰ দাম সম্পূৰ্ণৰূপে ভাৰতৰ পৰা আমদানিৰ ওপৰত নিৰ্ভৰশীল বুলি প্ৰকাশ কৰে। 

এক সূত্ৰৰ মতে, আলোচনাৰ অন্তত ভাৰতৰ পৰা আলু-পিঁয়াজ আমদানি প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু বৰ্তমানৰ ইউনুছ চৰকাৰে ভাৰতৰ কণী, আলু, পিয়াজৰ চাহিদা থকাৰ পাছতো উৎসৱৰ বতৰত ইলিছ ভাৰতলৈ ৰপ্তানি কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰা নাই। বাংলাদেশৰ মীন উপদেষ্টা ফৰিদা আখতাৰে হাছিনাৰ কাৰ্যকালত দুৰ্গা পূজাৰ সময়ত ইলিছ প্ৰেৰণৰ বিষয়টোক আলোকপাত কৰি ভাৰতৰ ‘মাছ আমদানিকাৰী সংস্থা’ই প্ৰেৰণ কৰা পত্ৰখন সন্দৰ্ভত দুখ প্ৰকাশ কৰে। 

তেওঁ কয়, "পদ্মা ইলিছ পৃথিৱীৰ শ্ৰেষ্ঠ।" এবিধ সুস্বাদু মাছ। কিন্তু দাম বৃদ্ধিৰ বাবে ইলিছ বাংলাদেশৰ সাধাৰণ জনতাৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গৈছে। যেতিয়া মই দায়িত্ব পাইছিলো তেতিয়া মোৰ মূল লক্ষ্য আছিল বাংলাদেশৰ সকলোৰে বাবে ইলিছ সুলভ কৰি তোলা। এইবাৰ ১২ অক্টোবৰৰ পৰা ইলিছ ধৰা নিষিদ্ধ কৰা হৈছে। যদি এতিয়া ইলিছ ৰপ্তানি হয় তেন্তে দেশৰ বজাৰত নাটনি হ’ব। তেওঁ কয়, "আমি যৎপৰোনাস্তি চেষ্টা কৰিও এক কিলো ইলিছৰ দাম এতিয়াও হাজাৰ টকাৰ ভিতৰত আনিব পৰা নাই। এই পৰিস্থিতিত আমাৰ অক্ষমতা স্বীকাৰ কৰি আমি ভাৰত আৰু বিশেষকৈ পশ্চিম বংগৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক