--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইলিছ মাছৰ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্তই ভাৰত আৰু বাংলাদেশৰ কূটনৈতিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰেনে? বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মতে, আপাততঃ ইলিছ ৰপ্তানি নিষিদ্ধ কৰাৰ আঁৰত আন কোনো কাৰণ নাই। দেশৰ ঘৰুৱা চাহিদাই একমাত্ৰ কাৰণ। কিন্তু ভাৰতৰ পৰা কণী আমদানি কৰাৰ পাছত মহম্মদ ইউনুছৰ চৰকাৰে আলু-পিঁয়াজৰ ৰপ্তানি স্বাভাৱিক কৰি ৰাখিবলৈ অনুৰোধ জনায় ভাৰতক। 

বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত এইবাৰ পশ্চিমবংগত প্ৰৱেশ কৰা নাই পদ্মা ইলিছ। কিন্তু পশ্চিমবংগৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে কুকুৰাৰ কণী। আনহাতে, ঘৰুৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগ চৰকাৰে আপাততঃ বংগৰ পৰা বিদেশলৈ আলু ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু ইলিছ ‘ইছ্যু’ক লৈ ভাৰতৰ ক্ষোভৰ কথা মনত ৰাখি ইউনুছ চৰকাৰে আগতীয়াকৈ দুখ প্ৰকাশ কৰি আলু-পিঁয়াজৰ ৰপ্তানি স্বাভাৱিক কৰি ৰাখিবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও ইলিছৰ দৰে ‘ক্ষুদ্ৰ বিষয়’ এটাই ভাৰত-বাংলাদেশৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি দাবী কৰে।

বাংলাদেশৰ বজাৰত বৰ্তমান প্ৰতি কেজি আলুৰ মূল্য প্ৰায় ৭০ টকা। প্ৰতি কেজিত ১৪০ টকাকৈ বিক্ৰী কৰা হৈছে পিঁয়াজ। পূৰ্বৰ হাছিনা চৰকাৰৰ দিনত আলুৰ দাম আছিল প্ৰায় ৪০-৪৫ টকা। ইফালে বাংলাদেশৰ ব্যৱসায়ীসকলৰ সৈতে হোৱা বৈঠকত সেই দেশৰ ব্যৱসায়িক মহলে ঘৰুৱা বজাৰত আলু-পিঁয়াজৰ দাম সম্পূৰ্ণৰূপে ভাৰতৰ পৰা আমদানিৰ ওপৰত নিৰ্ভৰশীল বুলি প্ৰকাশ কৰে। 

এক সূত্ৰৰ মতে, আলোচনাৰ অন্তত ভাৰতৰ পৰা আলু-পিঁয়াজ আমদানি প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু বৰ্তমানৰ ইউনুছ চৰকাৰে ভাৰতৰ কণী, আলু, পিয়াজৰ চাহিদা থকাৰ পাছতো উৎসৱৰ বতৰত ইলিছ ভাৰতলৈ ৰপ্তানি কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰা নাই। বাংলাদেশৰ মীন উপদেষ্টা ফৰিদা আখতাৰে হাছিনাৰ কাৰ্যকালত দুৰ্গা পূজাৰ সময়ত ইলিছ প্ৰেৰণৰ বিষয়টোক আলোকপাত কৰি ভাৰতৰ ‘মাছ আমদানিকাৰী সংস্থা’ই প্ৰেৰণ কৰা পত্ৰখন সন্দৰ্ভত দুখ প্ৰকাশ কৰে। 

তেওঁ কয়, "পদ্মা ইলিছ পৃথিৱীৰ শ্ৰেষ্ঠ।" এবিধ সুস্বাদু মাছ। কিন্তু দাম বৃদ্ধিৰ বাবে ইলিছ বাংলাদেশৰ সাধাৰণ জনতাৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গৈছে। যেতিয়া মই দায়িত্ব পাইছিলো তেতিয়া মোৰ মূল লক্ষ্য আছিল বাংলাদেশৰ সকলোৰে বাবে ইলিছ সুলভ কৰি তোলা। এইবাৰ ১২ অক্টোবৰৰ পৰা ইলিছ ধৰা নিষিদ্ধ কৰা হৈছে। যদি এতিয়া ইলিছ ৰপ্তানি হয় তেন্তে দেশৰ বজাৰত নাটনি হ’ব। তেওঁ কয়, "আমি যৎপৰোনাস্তি চেষ্টা কৰিও এক কিলো ইলিছৰ দাম এতিয়াও হাজাৰ টকাৰ ভিতৰত আনিব পৰা নাই। এই পৰিস্থিতিত আমাৰ অক্ষমতা স্বীকাৰ কৰি আমি ভাৰত আৰু বিশেষকৈ পশ্চিম বংগৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন