--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত আটাইতকৈ বৃহৎ উৎসৱ দুৰ্গা পূজা সমাগত, মাজত মাত্ৰ এমাহ বাকী দুৰ্গা পূজা আৰম্ভ হ’বলৈ৷বাঙালী সকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ তথা প্ৰতীক্ষিত উৎসৱসমূহৰ এটা হৈছে দুৰ্গা পূজা।দুৰ্গোৎসৱ কেৱল এটা ধৰ্মীয় অনুষ্ঠানে নহয় এক বৃহৎ সাংস্কৃতিক উৎসৱো যি পৰিয়াল তথা সমাজ জীৱনক সম্প্ৰীতিৰ দোলেৰে একত্ৰিত কৰি ৰাখে৷ এনে সময়তে আহিছে এক দুখবৰ৷ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত দুৰ্গোৎসৱৰ সময়ত ইলিছ মাছৰ নাটনিৰ বাবে মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে৷

প্ৰাপ্ত তথ্য অনুসৰি বাংলাদেশৰ মীন আৰু পশুধন মন্ত্ৰালয়ে স্থানীয় গ্ৰাহকৰ বাবে পৰ্যাপ্ত পৰিমাণে মাছৰ যোগান নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ভাৰতলৈ ইলিছ ৰপ্তানি বন্ধ কৰিছে৷ মন্ত্ৰালয়ৰ উপদেষ্টা ফৰিদা আখতাৰে কয় যে যি সময়ত দেশৰ জনসাধাৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে মাছ উপলব্ধ নহয়৷ তেনে পৰিস্থিতিত দুৰ্গোৎসৱৰ সময়ত ভাৰতলৈ মাছ ৰপ্তানি বন্ধ কৰিবলৈ বাণিজ্য মন্ত্ৰালয়ক নিৰ্দেশ কৰা হৈছে৷

উল্লেখ যোগ্য যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ চৰকাৰৰ সময়ত দুৰ্গা পূজাৰ আগে আগে আৰু  দুৰ্গোৎসৱৰ সময়ত ভাৰতলৈ পদ্মা ইলিছৰ বৃহৎ ৰপ্তানি দীৰ্ঘদিন ধৰি অব্যাহত আছিল। শ্বেখ হাচিনাৰ নিৰ্বাসন পাছত নতুন চৰকাৰে দায়িত্ব লোৱাৰ পৰা দ্ৰুতগতিত সলনি হৈছে ভৰতবাংলাদেশৰ সম্পৰ্ক।শেহতীয়া কৈ শ্বেখ হাচিনাই ভাৰতৰ পৰা প্ৰদান কৰা বক্তব্যৰ বাবে ক্ষুব্ধ হৈ পৰিছল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ৷ অন্তৱৰ্তীকালীন চৰকাৰে শ্বেখ হাচিনাক ভাৰতৰ পৰা প্ৰত্যবৰ্তন কৰাৰ চেষ্টা কৰি আছে৷ এই সিদ্ধান্তৰ পৰা স্পষ্ট হৈ পৰিছে, ভৰতে শ্বেখ হাচিনাক আশ্ৰয় প্ৰদান কৰাত সন্তুষ্ট নহয় বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰ৷ 

উল্লেখযোগ্য যে ভৰতত ইলিছ মাছৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলাদেশৰ সম্পৰ্ক মজবুত কৰাৰ বাবে হিলছা কূটনীতি ভাৰত আৰু বাংলাদেশৰ মাজত এক গুৰুত্বপূৰ্ণ কূটনৈতিক আহিলা হৈ আহিছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আৰম্ভ কৰা এই প্ৰথাৰ বাবে ইলিছমাছ দুই জাতিৰ বন্ধুত্ব আৰু সদিচ্ছাৰ প্ৰতিক হৈ পৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ