--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত আটাইতকৈ বৃহৎ উৎসৱ দুৰ্গা পূজা সমাগত, মাজত মাত্ৰ এমাহ বাকী দুৰ্গা পূজা আৰম্ভ হ’বলৈ৷বাঙালী সকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ তথা প্ৰতীক্ষিত উৎসৱসমূহৰ এটা হৈছে দুৰ্গা পূজা।দুৰ্গোৎসৱ কেৱল এটা ধৰ্মীয় অনুষ্ঠানে নহয় এক বৃহৎ সাংস্কৃতিক উৎসৱো যি পৰিয়াল তথা সমাজ জীৱনক সম্প্ৰীতিৰ দোলেৰে একত্ৰিত কৰি ৰাখে৷ এনে সময়তে আহিছে এক দুখবৰ৷ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত দুৰ্গোৎসৱৰ সময়ত ইলিছ মাছৰ নাটনিৰ বাবে মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে৷

প্ৰাপ্ত তথ্য অনুসৰি বাংলাদেশৰ মীন আৰু পশুধন মন্ত্ৰালয়ে স্থানীয় গ্ৰাহকৰ বাবে পৰ্যাপ্ত পৰিমাণে মাছৰ যোগান নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ভাৰতলৈ ইলিছ ৰপ্তানি বন্ধ কৰিছে৷ মন্ত্ৰালয়ৰ উপদেষ্টা ফৰিদা আখতাৰে কয় যে যি সময়ত দেশৰ জনসাধাৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে মাছ উপলব্ধ নহয়৷ তেনে পৰিস্থিতিত দুৰ্গোৎসৱৰ সময়ত ভাৰতলৈ মাছ ৰপ্তানি বন্ধ কৰিবলৈ বাণিজ্য মন্ত্ৰালয়ক নিৰ্দেশ কৰা হৈছে৷

উল্লেখ যোগ্য যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ চৰকাৰৰ সময়ত দুৰ্গা পূজাৰ আগে আগে আৰু  দুৰ্গোৎসৱৰ সময়ত ভাৰতলৈ পদ্মা ইলিছৰ বৃহৎ ৰপ্তানি দীৰ্ঘদিন ধৰি অব্যাহত আছিল। শ্বেখ হাচিনাৰ নিৰ্বাসন পাছত নতুন চৰকাৰে দায়িত্ব লোৱাৰ পৰা দ্ৰুতগতিত সলনি হৈছে ভৰতবাংলাদেশৰ সম্পৰ্ক।শেহতীয়া কৈ শ্বেখ হাচিনাই ভাৰতৰ পৰা প্ৰদান কৰা বক্তব্যৰ বাবে ক্ষুব্ধ হৈ পৰিছল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ৷ অন্তৱৰ্তীকালীন চৰকাৰে শ্বেখ হাচিনাক ভাৰতৰ পৰা প্ৰত্যবৰ্তন কৰাৰ চেষ্টা কৰি আছে৷ এই সিদ্ধান্তৰ পৰা স্পষ্ট হৈ পৰিছে, ভৰতে শ্বেখ হাচিনাক আশ্ৰয় প্ৰদান কৰাত সন্তুষ্ট নহয় বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰ৷ 

উল্লেখযোগ্য যে ভৰতত ইলিছ মাছৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলাদেশৰ সম্পৰ্ক মজবুত কৰাৰ বাবে হিলছা কূটনীতি ভাৰত আৰু বাংলাদেশৰ মাজত এক গুৰুত্বপূৰ্ণ কূটনৈতিক আহিলা হৈ আহিছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আৰম্ভ কৰা এই প্ৰথাৰ বাবে ইলিছমাছ দুই জাতিৰ বন্ধুত্ব আৰু সদিচ্ছাৰ প্ৰতিক হৈ পৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক