--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্গাপূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী৷ পূজাৰ আয়োজনত ব্যস্ত হৈ পৰিছে হিন্দুধৰ্মাৱলম্বী লোকসকল, ব্যস্ত হৈ পৰিছে মূৰ্তি নিৰ্মান কৰা খনিকৰ সকল, ব্যস্ত হৈ পৰিছে পূজা সমিতি সমূহ৷ হিন্দুধৰ্মৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱ পালনৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে বাংলাদেশ চৰকাৰ৷ প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ বাংলাদেশৰ ৩২ হাজাৰ ৬৬৬টা মণ্ডপত উদযাপন কৰা হ’ব দুৰ্গা পূজা৷ যোৱা বছৰৰ তুলনাত বৃদ্ধি পাইছে ২৫৮ টা পূজা মণ্ডপ৷ ইউনুছ চৰকাৰে বাংলাদেশত পূজাৰ বাবে আবন্তিত ধনৰ পৰিমান বৃদ্ধি কৰিছে বুলি জানিব পৰা গৈছে৷

বাংলাদেশৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছত কোনো বাধা বিঘিনি নোহোৱাকৈ দুৰ্গাপূজা উদযাপন কৰিবৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ ধৰ্মীয় পৰিক্ৰমা উপদেষ্টা এ এফ এম খালিদ হোছেইনে, মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে সুকলমে দুৰ্গাপূজা উদযাপন কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে বুলি সদৰি কৰিছে। পূজা সমিতিয়ে সন্মতি প্ৰকাশ কৰিলে স্বেচ্ছাসেৱক হিচাপে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে। চৰকাৰে দুৰ্গা পূজাৰ অনুদান ৩ৰ পৰা ৪ কোটি টকালৈ বৃদ্ধি কৰিছে। এই চাৰি কোটি টকা জিলা প্ৰশাসনৰ জৰিয়তে দুখীয়া মন্দিৰ সমূহত বিতৰণ কৰা হ’ব বুলি সদৰি কৰিছে। মঙলবাৰে ঢাকাৰ সচিবালয়ৰ ধৰ্মীয় মন্ত্ৰালয়ৰ সভাকক্ষত দুৰ্গা পূজাৰ আইন-শৃংখলা সন্দৰ্ভত আয়োজিত বৈঠকৰ অন্তত ধৰ্মীয় পৰিক্ৰমা উপদেষ্টাগৰাকীয়ে সাংবাদিকৰ আগত এই সম্পৰ্কে অৱগত কৰিছে৷

গৃহ পৰিক্ৰমা উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল এম.ডি. জাহাংগীৰ আলম চৌধুৰীয়ে সভাপত্তিত্ব কৰা এই বৈথকত ধৰ্মীয় উপদেষ্টা এ এফ এম খালিদ হোছেইনে সদৰি কৰা অনুসৰি নিৰাপত্তাৰ বাবে সমগ্ৰ দেশত সামগ্ৰিকভাৱে আইন-শৃংখলা কঠোৰ হ’ব বুলি সদৰি কৰিছে। এই বৈঠকত বাংলাদেশ পূজা উদযাপন পৰিষদৰ সভাপতি বাসুদেৱ ধৰ আৰু সাধাৰণ সম্পাদক সন্তোষ শৰ্মা, বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ যুটীয়া সাধাৰণ সম্পাদক ঢাকাৰ সভাপতি মনিন্দ্ৰ কুমাৰ নাথ মহানগৰ ৰাজহুৱা পূজা সমিতি জয়ন্ত কুমাৰ দেৱ আৰু সাধাৰণ সম্পাদক ড. তপস পাল উপস্থিত থাকে।

উল্লেখযোগ্য যে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ শাৰদীয় দুৰ্গা পূজা পালন কৰা হ’ব। এতিয়া দুৰ্গাপূজাৰ আয়োজনত ব্যস্ত হৈ পৰিছে সমগ্ৰ দেশ সেই অনুসাৰে শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ তৎপৰ হৈ পৰিছে প্ৰশসনো৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক