--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্গাপূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী৷ পূজাৰ আয়োজনত ব্যস্ত হৈ পৰিছে হিন্দুধৰ্মাৱলম্বী লোকসকল, ব্যস্ত হৈ পৰিছে মূৰ্তি নিৰ্মান কৰা খনিকৰ সকল, ব্যস্ত হৈ পৰিছে পূজা সমিতি সমূহ৷ হিন্দুধৰ্মৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱ পালনৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে বাংলাদেশ চৰকাৰ৷ প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ বাংলাদেশৰ ৩২ হাজাৰ ৬৬৬টা মণ্ডপত উদযাপন কৰা হ’ব দুৰ্গা পূজা৷ যোৱা বছৰৰ তুলনাত বৃদ্ধি পাইছে ২৫৮ টা পূজা মণ্ডপ৷ ইউনুছ চৰকাৰে বাংলাদেশত পূজাৰ বাবে আবন্তিত ধনৰ পৰিমান বৃদ্ধি কৰিছে বুলি জানিব পৰা গৈছে৷

বাংলাদেশৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছত কোনো বাধা বিঘিনি নোহোৱাকৈ দুৰ্গাপূজা উদযাপন কৰিবৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ ধৰ্মীয় পৰিক্ৰমা উপদেষ্টা এ এফ এম খালিদ হোছেইনে, মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে সুকলমে দুৰ্গাপূজা উদযাপন কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে বুলি সদৰি কৰিছে। পূজা সমিতিয়ে সন্মতি প্ৰকাশ কৰিলে স্বেচ্ছাসেৱক হিচাপে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে। চৰকাৰে দুৰ্গা পূজাৰ অনুদান ৩ৰ পৰা ৪ কোটি টকালৈ বৃদ্ধি কৰিছে। এই চাৰি কোটি টকা জিলা প্ৰশাসনৰ জৰিয়তে দুখীয়া মন্দিৰ সমূহত বিতৰণ কৰা হ’ব বুলি সদৰি কৰিছে। মঙলবাৰে ঢাকাৰ সচিবালয়ৰ ধৰ্মীয় মন্ত্ৰালয়ৰ সভাকক্ষত দুৰ্গা পূজাৰ আইন-শৃংখলা সন্দৰ্ভত আয়োজিত বৈঠকৰ অন্তত ধৰ্মীয় পৰিক্ৰমা উপদেষ্টাগৰাকীয়ে সাংবাদিকৰ আগত এই সম্পৰ্কে অৱগত কৰিছে৷

গৃহ পৰিক্ৰমা উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল এম.ডি. জাহাংগীৰ আলম চৌধুৰীয়ে সভাপত্তিত্ব কৰা এই বৈথকত ধৰ্মীয় উপদেষ্টা এ এফ এম খালিদ হোছেইনে সদৰি কৰা অনুসৰি নিৰাপত্তাৰ বাবে সমগ্ৰ দেশত সামগ্ৰিকভাৱে আইন-শৃংখলা কঠোৰ হ’ব বুলি সদৰি কৰিছে। এই বৈঠকত বাংলাদেশ পূজা উদযাপন পৰিষদৰ সভাপতি বাসুদেৱ ধৰ আৰু সাধাৰণ সম্পাদক সন্তোষ শৰ্মা, বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ যুটীয়া সাধাৰণ সম্পাদক ঢাকাৰ সভাপতি মনিন্দ্ৰ কুমাৰ নাথ মহানগৰ ৰাজহুৱা পূজা সমিতি জয়ন্ত কুমাৰ দেৱ আৰু সাধাৰণ সম্পাদক ড. তপস পাল উপস্থিত থাকে।

উল্লেখযোগ্য যে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ শাৰদীয় দুৰ্গা পূজা পালন কৰা হ’ব। এতিয়া দুৰ্গাপূজাৰ আয়োজনত ব্যস্ত হৈ পৰিছে সমগ্ৰ দেশ সেই অনুসাৰে শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ তৎপৰ হৈ পৰিছে প্ৰশসনো৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ