--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাংলাদেশ বায়ুসেনাৰ এখন বিমান ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুলত খুন্দা মাৰে বিমানখনে। বিদ্যালয়ৰ গেট ভাঙি শ্ৰেণীকোঠাত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

ডিজিটেল ডেস্কঃ আজি বিয়লি বাংলাদেশত ১বাজি ৬ মিনিটত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত এতিয়ালৈকে এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০০ জন অতি গুৰুতৰভাৱে আহত হৈছে।


জানিব পৰা মতে বাংলাদেশ বায়ুসেনাৰ এখন বিমান ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুলত খুন্দা মাৰে বিমানখনে। বিদ্যালয়ৰ গেট ভাঙি শ্ৰেণীকোঠাত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাত বিদ্যালয়খনৰ কাষতে থকা এখন কলেজৰো বিস্তৰ ক্ষতিসাধন হৈছে।


ঘটনাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় উদ্ধাৰকাৰী দল । উদ্ধাৰ কাৰ্যৰ অন্তত ১৩ জন লোকক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাত অগ্নিদগ্ধ হৈ আহত হোৱা অধিকাংশই হৈছে বিদ্যালয়খনৰ শিক্ষাৰ্থী। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি সংকটজনক অৱস্থাত ভৰ্তি কৰা অধিকাংশই ছাত্ৰ-ছাত্ৰী।


অৱশ্যে এতিয়ালৈকে এই ঘটনাত প্ৰকৃততে কিমানজন আহত হৈছে তাৰ সঠিক খবৰ লাভ কৰা নাই। বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। বাংলাদেশ বায়ুসেনাই জনোৱা মতে দুৰ্ঘটনাগ্ৰস্ত বিমানখন এফ-৭।এই বিমানখন প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ