--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাংলাদেশ বায়ুসেনাৰ এখন বিমান ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুলত খুন্দা মাৰে বিমানখনে। বিদ্যালয়ৰ গেট ভাঙি শ্ৰেণীকোঠাত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

ডিজিটেল ডেস্কঃ আজি বিয়লি বাংলাদেশত ১বাজি ৬ মিনিটত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত এতিয়ালৈকে এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০০ জন অতি গুৰুতৰভাৱে আহত হৈছে।


জানিব পৰা মতে বাংলাদেশ বায়ুসেনাৰ এখন বিমান ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুলত খুন্দা মাৰে বিমানখনে। বিদ্যালয়ৰ গেট ভাঙি শ্ৰেণীকোঠাত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাত বিদ্যালয়খনৰ কাষতে থকা এখন কলেজৰো বিস্তৰ ক্ষতিসাধন হৈছে।


ঘটনাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় উদ্ধাৰকাৰী দল । উদ্ধাৰ কাৰ্যৰ অন্তত ১৩ জন লোকক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাত অগ্নিদগ্ধ হৈ আহত হোৱা অধিকাংশই হৈছে বিদ্যালয়খনৰ শিক্ষাৰ্থী। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি সংকটজনক অৱস্থাত ভৰ্তি কৰা অধিকাংশই ছাত্ৰ-ছাত্ৰী।


অৱশ্যে এতিয়ালৈকে এই ঘটনাত প্ৰকৃততে কিমানজন আহত হৈছে তাৰ সঠিক খবৰ লাভ কৰা নাই। বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। বাংলাদেশ বায়ুসেনাই জনোৱা মতে দুৰ্ঘটনাগ্ৰস্ত বিমানখন এফ-৭।এই বিমানখন প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক