--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শুকুৰবাৰে পুৱতি নিশাই পশ্চিম বিহাৰৰ ৰিচমণ্ড গ্ল’বেল স্কুলত বোমা থকাৰ খবৰ পোৱা গৈছে

ডিজিটেল ডেস্ক: শুকুৰবাৰে পুৱাই দিল্লীৰ এখন বা দুখন নহয়, ২০খন কৈ বিদ্যালয়ে লাভ কৰিছে বোমাৰ ভাবুকি।


শুকুৰবাৰে পুৱতি নিশাই পশ্চিম বিহাৰৰ ৰিচমণ্ড গ্ল’বেল স্কুলত বোমা থকাৰ খবৰ পোৱা গৈছে। পুৱা ৪:৫৫ বজাত ই-মেইলযোগে তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ লগতে বোমা নিষ্কাশন দল অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়। তথ্য অনুযায়ী যোৱা ৩দিনৰ পৰা দিল্লীৰ বিদ্যালয় মহাবিদ্যালয় আদিত বোমাৰ আক্ৰমনৰ ভাবুকি ইমেইলৰ জৰিয়তে প্ৰেৰণ কৰি থকা গৈছিল।


দিল্লীৰ ৰিচমণ্ড গ্লোবেল স্কুলত বোমাৰ ভাবুকি লাভ কৰা পাছতে তালাচি অভিযান আৰম্ভ কৰি দিয়ে আৰু সম্পূৰ্ণ পৰীক্ষা কৰাই যদিও এতিয়ালৈকে বোমাৰ একো সুং সূত্ৰ পোৱা নাই । আৰু ইফালে সমান্তৰাল ভাৱে ৰোহিনী টিনত থকা "অভিনৱ চৰকাৰী স্কুল"কো বোমাৰে উৰুৱাৰ ভাবুকি ইতিমধ্যেই প্ৰদান কৰে ।


দুদিন পূৰ্বেই দিল্লী আৰক্ষীয়ে এক বিবৃতি জাৰি কৰি কৈছিল যে আজি পুৱা দ্বাৰকাৰ ছেইণ্ট থমাছ স্কুল, বসন্ত কুঞ্জৰ বসন্ত ভেলী স্কুল, হাউজ খাছৰ মাদাৰছ ইণ্টাৰনেশ্যনেল স্কুল, পশ্চিম বিহাৰৰ ৰিচমণ্ড গ্ল’বেল স্কুল আৰু লোডী এষ্টেটৰ চৰ্দাৰ পেটেল বিদ্যালয়ে ইমেইলযোগে বোমাৰ ভাবুকি লাভ কৰিছে। যোৱা তিনিদিনত প্ৰায় ১০খন বিদ্যালয় আৰু এখন মহাবিদ্যালয়ে নিৰন্তৰ এনেধৰণৰ ভাবুকিৰ সন্মুখীন হৈ আহিছে ।


এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছিল যে লোধি বাগিচাত অৱস্থিত চৰ্দাৰ পেটেল বিদ্যালয়েও ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছে। বিদ্যালয়খনত ভালদৰে তালাচী চলোৱা হৈছিল কিন্তু বুধবাৰে সন্ধিয়ালৈকে সন্দেহজনক একো পোৱা নগ’ল বুলি তেওঁ তথ্য ইতিমধ্যে জাৰী কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক