--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় কমিটিয়ে বাংলাদেশ অন্তৱৰ্তী চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতীকী পুত্তলিকা দাহৰ লগতে ফাছী কাঠত ওলমাই তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

ডিজিটেল ডেস্ক: বাংলাদেশত উগ্ৰ ইছলাম ধৰ্মালম্বী লোকে দীপু চন্দ্ৰ দাস নামৰ এগৰাকী হিন্দু যুৱকক অমানৱীয় আৰু বৰ্বৰভাবে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ তথা হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত কোকৰাঝাৰত উত্তাল প্ৰতিবাদ ৷


মঙলবাৰৰ সন্ধিয়া কোকৰাঝাৰ চহৰৰ শান্তিনগৰত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় কমিটিয়ে বাংলাদেশ অন্তৱৰ্তী চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতীকী পুত্তলিকা দাহৰ লগতে ফাছী কাঠত ওলমাই তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷


প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে সংবাদ মাধ্যমৰ আগত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় উপ-সভাপতি বিজু কুমাৰ সাহাই বাংলাদেশত হিন্দু যুৱকক হত্যা কৰাৰ লগতে নিৰ্মমভাৱে জ্বলাই দিয়া কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি হত্যাকাৰীৰ সকলক কঠোৰ শাস্তি প্ৰদানৰ উপৰিও সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনাইছে ৷


আনহাতে সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ উপদেষ্টা মন্টু দেই এখন লুঙী প্ৰস্তুত কৰিব নাজানা বাংলাদেশীৰ দপদপনি সহ্য কৰা নহব বুলি মন্তব্য কৰে৷


মৌলবাদী শক্তিৰ হিন্দু সকলৰ ওপৰত যি অত্যাচাৰ-উৎপীড়ন সেয়া বন্ধ কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ