--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় কমিটিয়ে বাংলাদেশ অন্তৱৰ্তী চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতীকী পুত্তলিকা দাহৰ লগতে ফাছী কাঠত ওলমাই তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

ডিজিটেল ডেস্ক: বাংলাদেশত উগ্ৰ ইছলাম ধৰ্মালম্বী লোকে দীপু চন্দ্ৰ দাস নামৰ এগৰাকী হিন্দু যুৱকক অমানৱীয় আৰু বৰ্বৰভাবে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ তথা হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত কোকৰাঝাৰত উত্তাল প্ৰতিবাদ ৷


মঙলবাৰৰ সন্ধিয়া কোকৰাঝাৰ চহৰৰ শান্তিনগৰত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় কমিটিয়ে বাংলাদেশ অন্তৱৰ্তী চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতীকী পুত্তলিকা দাহৰ লগতে ফাছী কাঠত ওলমাই তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷


প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে সংবাদ মাধ্যমৰ আগত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় উপ-সভাপতি বিজু কুমাৰ সাহাই বাংলাদেশত হিন্দু যুৱকক হত্যা কৰাৰ লগতে নিৰ্মমভাৱে জ্বলাই দিয়া কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি হত্যাকাৰীৰ সকলক কঠোৰ শাস্তি প্ৰদানৰ উপৰিও সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনাইছে ৷


আনহাতে সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ উপদেষ্টা মন্টু দেই এখন লুঙী প্ৰস্তুত কৰিব নাজানা বাংলাদেশীৰ দপদপনি সহ্য কৰা নহব বুলি মন্তব্য কৰে৷


মৌলবাদী শক্তিৰ হিন্দু সকলৰ ওপৰত যি অত্যাচাৰ-উৎপীড়ন সেয়া বন্ধ কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু