--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীনত পেৰাচিটামল এ পি আইৰ দাম কৰ'না মহামাৰিৰ সময়ত প্ৰতি কিল'গ্রামত ৯০০ টকা আছিল আৰু এতিয়া ২৫০ টকালৈ হ্রাস পাইছে।

ডিজিটেল ডেস্ক: ভাৰতত অচিৰেই ঔষধৰ দাম হ্রাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে চীনত সক্রিয় ঔষধৰ উপাদানৰ (এ পি আই) বৃহৎ হাৰত হ্রাস পাইছে। বিশেষজ্ঞসকলে প্রকাশ কৰা মতে চীনত এ পি আইৰ দাম হ্রাস পোৱাৰ ফলত জেনেৰিক ঔষধ প্রস্তুত কৰা কোম্পানীসমূহৰ উৎপাদন ব্যয় হ্রাস পোৱাৰ সম্ভাৱনা আছে। ফলত ঔষধৰ দামো হ্রাস পাব।


ঔষধ উদ্যোগ জগতৰ মতে এ পি আইৰ দাম কমেও ৩৫-৪০% হ্রাস পাইছে। অহা কেইদিনমানত এ পি আইৰ দাম আৰু অধিক হ্রাস পাব। উল্লেখযোগ্য যে চীনত পেৰাচিটামল এ পি আইৰ দাম কৰ'না মহামাৰিৰ সময়ত প্ৰতি কিল'গ্রামত ৯০০ টকা আছিল আৰু এতিয়া ২৫০ টকালৈ হ্রাস পাইছে। এম'ক্সিচিলিন ৩,২০০ টকাৰ পৰা ১,৮০০ টকালৈ, ক্লেভুলনেট প্রতি কিল'গ্রামত ২১,০০০ টকাৰ পৰা বর্তমান ১৪,৫০০ টকালৈ হ্রাস পাইছে। চীনত এ পি আইৰ দাম হ্রাস পোৱাৰ ফলত সাধাৰণ ৰোগীসকলে সকাহ পাব বুলি কোৱা হৈছে।


উল্লেখযোগ্য যে কভিডৰ পাছত কৌশলগত বিনিয়োগ বৃদ্ধি পোৱাৰ ফলত এ পি আই কাৰখানাসমূহৰ ব্যাপক হাৰত বিস্তাৰ কৰা হৈছে। ফলত উৎপাদনো বৃদ্ধি পাইছে। সেয়েহে অনাগত দিনত ঔষধৰ দাম অধিক হ্রাস পোৱাৰ সম্ভাৱনা আছে। ভাৰত এ পি আইৰ ক্ষেত্ৰত চীনৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল। ভাৰতক প্রয়োজন হোৱা প্রায় ৭০% এ পি আই চীনৰ পৰা আহে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ