--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা মাহত আমেৰিকাৰ ন্যায় বিভাগে এজন পাকিস্তানীক গ্ৰেপ্তাৰ কৰিছিল। পাকিস্তানী জনৰ নাম আছিফ মাৰ্চেণ্ট। ইৰাণৰ সৈতে ষড়যন্ত্ৰ কৰি আমেৰিকাৰ সৈতে জড়িত বহু নেতাক হত্যা কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।

জানিব পৰা গৈছে যে ৪৬ বছৰীয়া আছিফ মাৰ্চেণ্টে দুজন লোকক বিচাৰি উলিয়াই নিজৰ পৰিকল্পনা সম্পন্ন কৰিবলৈ ৫০০০ ডলাৰ দিছিল। কিন্তু পিছত পোহৰলৈ আহিল যে সেই দুজন ব্যক্তি আন কোনো নহয়, এফ বি আইৰ গোপন এজেণ্ট।

চিএনএনৰ বাতৰি অনুসৰি ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ শীৰ্ষ অধিনায়ক কাছিম ছলেমানীৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ আছিফ মাৰ্চেণ্টক আমেৰিকালৈ প্ৰেৰণ কৰা হৈছিল। আমেৰিকালৈ যোৱাৰ আগতে তেওঁ বহুদিন ইৰাণত বাস কৰিছিল। পিছলৈ এই বৰ্ষৰে এপ্ৰিল মাহত তেওঁক পাকিস্তানৰ পৰা আমেৰিকালৈ পঠিওৱা হয়।

তেওঁলোকে আৰক্ষীক আছিফ মাৰ্চেণ্টৰ বিষয়ে অৱগত কৰে আৰু তাৰ পিছত তেওঁক আটক কৰি ৰখা হয়। ১৬ জুলাইত আমেৰিকাৰ ফেডাৰেল আদালতে তেওঁক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। আছিফ মাৰ্চেণ্টৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত এফ বি আইৰ সঞ্চালক ক্রিষ্টোফাৰে কয় যে মাৰ্চেণ্টে বিপজ্জনক হত্যাকাণ্ডৰ পৰিকল্পনা কৰি আছিল, যিটো সফল হ’বলৈ দিয়া নহ’ল । 

তেওঁ কয় যে মাৰ্চেণ্টৰ ইৰাণৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে। ইৰানেই তেওঁক আমেৰিকাৰ নেতাসকলক হত্যা কৰিবলৈ পঠিয়াইছিল। জেৰাৰ সময়ত তেওঁ আমেৰিকাৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে কয় যে তেওঁৰ দুগৰাকী পত্নী আছে, এগৰাকী পাকিস্তানত আৰু আনগৰাকী ইৰাণত। দুয়োখন ঠাইতে তেওঁৰ ল’ৰা-ছোৱালী আছে গতিকে তেওঁ প্ৰায় অহা-যোৱা কৰি থাকে। কিন্তু বিভিন্ন সংবাদ মাধ্যমত দিয়া তথ্যত উল্লেখ কৰা হৈছে যে এই ষড়যন্ত্ৰত কিছুমান ঘৰৰ ইউএছবি ড্ৰাইভ আৰু নথি-পত্ৰ চুৰি কৰা, নেতাক হত্যা কৰা, বিক্ষোভ প্ৰদৰ্শন কৰা আদিও লিপ্ত হৈ আছিল। এই সকলোবোৰ কাৰ্য্য সম্পাদন কৰিবলৈ তেওঁ ক’ড নেম তৈয়াৰ কৰিছিল। যেনে প্ৰতিবাদৰ বাবে “টি-চাৰ্ট”, নথি-পত্ৰ চুৰিৰ বাবে “ফ্লেনেল চাৰ্ট”, হত্যাৰ বাবে “উল জেকেট” আৰু তেওঁলোকৰ সভাৰ বাবে “য়াৰ্ন-ডাই”। 

আদালতত দাখিল কৰা নথি-পত্ৰত কোনো এজন নেতাক হত্যাৰ ষড়যন্ত্ৰৰ নাম নাই যদিও সংবাদ মাধ্যমত ইয়াক ট্ৰাম্পৰ সৈতে জড়িত কৰা হৈছে। কাৰণ আছিফক চুলেমানীৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ পঠিওৱা হৈছিল আৰু চুলেমানীক হত্যা কৰাৰ সময়ত ড’নাল্ড ট্ৰাম্প আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি। গতিকে এই ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পৰ নাম আছিফৰ লক্ষ্যৰ তালিকাত আন নেতাসমুহৰ দৰে ৰাখি বিবেচনা কৰা হৈছে।

ইয়াৰ উপৰিও যোৱা বছৰ ইৰাণেও আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পক হত্যা কৰাৰ ভাবুকি দিছিল। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড এৰ’স্পেচ ফৰ্চৰ মুৰব্বী আমিৰালি হাজিজাদেহে কৈছিল, ‘আল্লাই বিচাৰিলে আমি নিশ্চিতভাৱে ট্ৰাম্পক হত্যা কৰিম। “আমি সেই সকলো সেনাধ্যক্ষক হত্যা কৰিব বিচাৰো যিসকল ইৰাণৰ সামৰিক অধিনায়ক কাছিম চুলেমানীৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল ৷

ইৰাণে ট্ৰাম্পক হত্যা কৰাৰ ষড়যন্ত্ৰৰ কথা ছ’চিয়েল মিডিয়াত ইমান চৰ্চা হোৱাৰ কাৰণটো হৈছে যে কিছুদিনৰ আগতে ৰেলীৰ সময়ত ট্ৰাম্পৰ ওপৰত মাৰাত্মক আক্ৰমণ সংঘটিত হৈছিল আৰু ট্ৰাম্পে কিছুদিন পূৰ্বে ইৰাণৰ বিষয়েও কৈছিল যে যদি ইৰাণে কেতিয়াবা তেওঁক হত্যা কৰাত সফল হয়, তেন্তে তেওঁ আশা কৰে যে আমেৰিকাই তেওঁক নাশ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ