--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বেংকৰ তিনিজন কৰ্মচাৰী ঘৰতো আৰক্ষীয়ে অনুসন্ধান চলাই এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ঘৰৰ পৰা ৪৯ হাজাৰ টকা উদ্ধাৰ কৰে।

ডিজিটেল ডেস্ক : মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ। বেংকটোৰ পৰা ১২ লক্ষাধিক টকা ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ বেংকটোৰে তিনি কৰ্মচাৰী।


ধৃত ছাহিল আঞ্জুম,অময় দ্বিপ ৰয় আৰু আৰিহান্দ হৰিজান। ইয়াৰে ছাহিল আঞ্জুম বেংকটোৰ শাখা প্ৰৱন্ধক, অময় দ্বিপ গাননিক বিষয়া হোৱাৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৈছে আৰিহান্দ হৰিজন।


উল্লেখ্য যে শুকুৰবাৰে মানকাচৰৰ ইউকো বেংকত সংঘটিত হয় ডকাইতিৰ ঘটনা। পিছে ঘটনাক কেন্দ্ৰ কৰি বেংটোৰ একাংশ কৰ্মচাৰীয়ে মানকাচৰ আৰক্ষীক খবৰ কৰাত মানকাচৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ক্ষিপ্ৰতাৰে তদন্ত চলায়।


আৰক্ষীৰ প্ৰায় ৪ ঘণ্টা তদন্তৰ অন্তত পোহৰলৈ আহে বেংক ডকাইতি হোৱাৰ মূল ৰহস্য। আৰক্ষীৰ অনুসন্ধানত প্ৰথমে বেংকৰ ভিতৰত এটা সৰু কোঠাৰ পৰা ডকাইতি হোৱা ১২ লক্ষাধিক টকাৰ পৰা ৯ লাখ পঞ্চাশ হেজাৰ উদ্ধাৰ কৰে।


একেদৰে বেংকৰ তিনিজন কৰ্মচাৰী ঘৰতো আৰক্ষীয়ে অনুসন্ধান চলাই এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ঘৰৰ পৰা ৪৯ হাজাৰ টকা উদ্ধাৰ কৰে।


উক্ত ডকাইতি ঘটনাৰ তদন্ত ক্ৰমে বেংকটোৰ উল্লেখিত তিনি কৰ্মচাৰীক আটক কৰি সোধ পোচ চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ