--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বেংকৰ তিনিজন কৰ্মচাৰী ঘৰতো আৰক্ষীয়ে অনুসন্ধান চলাই এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ঘৰৰ পৰা ৪৯ হাজাৰ টকা উদ্ধাৰ কৰে।

ডিজিটেল ডেস্ক : মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ। বেংকটোৰ পৰা ১২ লক্ষাধিক টকা ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ বেংকটোৰে তিনি কৰ্মচাৰী।


ধৃত ছাহিল আঞ্জুম,অময় দ্বিপ ৰয় আৰু আৰিহান্দ হৰিজান। ইয়াৰে ছাহিল আঞ্জুম বেংকটোৰ শাখা প্ৰৱন্ধক, অময় দ্বিপ গাননিক বিষয়া হোৱাৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৈছে আৰিহান্দ হৰিজন।


উল্লেখ্য যে শুকুৰবাৰে মানকাচৰৰ ইউকো বেংকত সংঘটিত হয় ডকাইতিৰ ঘটনা। পিছে ঘটনাক কেন্দ্ৰ কৰি বেংটোৰ একাংশ কৰ্মচাৰীয়ে মানকাচৰ আৰক্ষীক খবৰ কৰাত মানকাচৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ক্ষিপ্ৰতাৰে তদন্ত চলায়।


আৰক্ষীৰ প্ৰায় ৪ ঘণ্টা তদন্তৰ অন্তত পোহৰলৈ আহে বেংক ডকাইতি হোৱাৰ মূল ৰহস্য। আৰক্ষীৰ অনুসন্ধানত প্ৰথমে বেংকৰ ভিতৰত এটা সৰু কোঠাৰ পৰা ডকাইতি হোৱা ১২ লক্ষাধিক টকাৰ পৰা ৯ লাখ পঞ্চাশ হেজাৰ উদ্ধাৰ কৰে।


একেদৰে বেংকৰ তিনিজন কৰ্মচাৰী ঘৰতো আৰক্ষীয়ে অনুসন্ধান চলাই এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ঘৰৰ পৰা ৪৯ হাজাৰ টকা উদ্ধাৰ কৰে।


উক্ত ডকাইতি ঘটনাৰ তদন্ত ক্ৰমে বেংকটোৰ উল্লেখিত তিনি কৰ্মচাৰীক আটক কৰি সোধ পোচ চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ