--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লীলৈ অহাৰ পাছত সিদ্ধার্থ টাৰ্চেম মিট্টালৰ সহযোগতে পলাই আছিল। এনে পৰিস্থিতিত এতিয়া টার্চেম মিট্টালো সন্দেহৰ আওতালৈ আহি পৰিছে।

ডিজিটেল ডেস্কঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা ক্ৰমাত ৰহস্যঘন হৈ পৰিছে। জুবিন গাৰ্গৰ সৈতে দীর্ঘদিন ধৰি বাদ্যযন্ত্ৰী হিচাপে কাম কৰা শেখৰজ্যোতি গোস্বামীয়ে জুবিনক মেনেজাৰ সিদ্ধার্থ শৰ্মাই বিহ পান কৰোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰ লগে লগে জুবিনৰ মৃত্যুৰ ঘটনাই এক নতুন দিশে গতি কৰিছে।


উল্লেখযোগ্য যে জুবিন গার্গে নিয়মিতভাৱে টেবলেট সেৱন কৰে। কিন্তু সেই টেবলেট জুবিনক প্ৰদান কৰা হোৱা নাছিল বুলিও সন্দেহ প্রকাশ কৰিছে শেখৰজ্যোতিয়ে। সকলোতকৈ ডাঙৰ কথা যে সিদ্ধার্থ শর্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ হাতত জুবিনৰ যিটো বেগ পোৱা গৈছিল উক্ত বেগটোত কেইবা বিধো টেবলেট পোৱা গৈছিল। অথচ সেই টেবলেটবোৰ জুবিনে খোৱা টেবলেট নাছিল।


তেনেহ'লে জুবিনৰ বেগলৈ উক্ত টেবলেটবোৰ আহিল ক'ৰ পৰা বা জুবিনে গম নোপোৱাকৈয়ে তেওঁক সেই টেবলেটবোৰ খুওৱা হৈছিল নেকি? সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সম্প্ৰতি আৰক্ষীয়ে জুবিনক উক্ত টেবলেটবোৰ খুওৱা হৈছিল নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইফালে সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পৰা আন বহুতো দিশ স্পষ্ট হৈ পৰিছে।


জুবিনৰ মৃত্যুৰ পাছতেই দিল্লীলৈ আহি পলায়ন কৰা সিদ্ধার্থই ২৬ ছেপ্টেম্বৰত ৰাজস্থানৰ আলৱাৰত নতুন প্রিপেইড ছীম লৈছিল। উক্ত ছীমখনেৰে তেওঁ নতুনকৈ লগ ইন কৰিছিল Facebook, Telegram আৰু WhatsApp। যাৰ জৰিয়তে তেওঁ এখন নতুন খেল খেলিব খুজিছিল। ইফালে সন্দেহৰ আঙুলি উঠিছে জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা কৰ্মৰত প্ৰতিষ্ঠানটোৰ মুৰব্বী তথা জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰ্চেম মিট্টালৰ ওপৰতো। জানিব পৰা মতে যিদিনা ছিংগাপুৰত জুবিনৰ মৃত্যু হৈছিল সেইদিনা গৰিমা গাৰ্গে বাৰে বাৰে সিদ্ধার্থ শৰ্মাক ফ'ন কৰিছিল যদিও তেওঁ প্রথম এবাৰ ফ'ন ধৰাৰ পাছত পৰৱৰ্তী সময়ত ফ'ন ধৰা নাছিল। আনকি তেওঁ কিদৰে জুবিনৰ মৃত্যু হ'ল সেয়াও গৰিমা গাৰ্গক অৱগত কৰা নাছিল। ইয়াৰ বিপৰীতে সিদ্ধাৰ্থৰ সৈতে প্ৰতিটো মুহূর্ততে যোগাযোগ ৰক্ষা কৰি আছিল টাৰ্চেম মিট্টালে। আনকি সিদ্ধার্থই জুবিনৰ মৃত্যুৰ প্ৰতিটো খবৰ মিট্টালক দি আছিল।


দিল্লীলৈ অহাৰ পাছত সিদ্ধার্থ টাৰ্চেম মিট্টালৰ সহযোগতে পলাই আছিল। এনে পৰিস্থিতিত এতিয়া টার্চেম মিট্টালো সন্দেহৰ আওতালৈ আহি পৰিছে। প্রশ্ন উত্থাপন হৈছে যদিহে জুবিনক হত্যা কৰা হৈছিল তেনেহ'লে এই ঘটনাৰ সৈতে মিট্টালো জড়িত আছিল নেকি? কিয়নো জুবিনৰ য়ট পাৰ্টিৰ ভিডিঅ' কাকোৱেই নিদিবলৈ সিদ্ধার্থক টাৰ্চেম মিট্টালেই পৰামৰ্শ দিয়া বুলি অভিযোগ উত্থাপিত হৈছে। কিন্তু আশ্চর্যজনক কথা যে এছ আই টিৰ তদন্তই এতিয়ালৈকে মিট্টালক ছুবগৈয়ে পৰা নাই।


প্রণিধানযোগ্য যে জুবিনক সাগৰৰ মাজলৈ লৈ যোৱা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াকেইজনক লৈও প্রশ্ন উত্থাপন হৈছে। সেইদিনা য়টখনত থকা ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ, সম্পাদক দেৱজিৎ হাজৰিকা, তন্ময় ফুকন, ৰূপকমল কলিতা, সিদ্ধার্থ বৰা, পৰীক্ষিত শৰ্মা, সুদীপ চেটার্জী আৰু বাজিদ আহমেদক চি আই ডিয়ে জেৰা কৰিলেই বহু কথা ওলাই পৰিব।


য়টত উপস্থিত থকাৰ সূত্ৰেই আৰক্ষীয়ে তেওঁলোকক গুৱাহাটীত চি আই ডিৰ সন্মুখত উপস্থিত থাকিবলৈ চমন দিছে। কিন্তু তেওঁলোকে বিষয়টোক গুৰুত্বসহকাৰে লোৱা নাই। ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক সকীয়নি দি কৈছে, আইন মানি চমন পোৱাসকল অসমলৈ নাহিলে চৰকাৰ আৰু প্রশাসনে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিব। কিন্তু কেতিয়ালৈ মুখ্যমন্ত্রীয়ে কঠোৰ স্থিতি গ্রহণ কৰিব সেয়াহে এতিয়া লক্ষণীয় হৈ পৰিছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ