--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ বংগ আৰু ছিকিমত বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে। বানত নিহত লোকৰ সংখ্যা বাঢ়ি গৈয়েই  আছে। এতিয়ালৈকে সাতজন সৈনিকসহ ৫৩ জন লোকৰ  মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৫৩ টা মৃতদেহৰ ভিতৰত  তিস্তা নদীৰ পৰা ২৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ছিকিমত বান পৰিস্থিতিৰ অৱনতি ঘটিছে। বানত  বিদ্যুতৰ খুটা উভালি পৰাৰ লগতে বহু  ৰাস্তা আৰু দলং বানে খহাই আৰু উটুৱাই নিছে।

ফলত  বানপীড়িত উত্তৰ ছিকিম অন্যান্য অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। চৰকাৰৰ মতে, ১,১৭৩ টা ঘৰ বানত ধ্বংস হৈছে।  ২,৪১৩ জন লোকক উদ্ধাৰ কৰি সুৰক্ষিত আশ্ৰয়লৈ প্ৰেৰণ কৰা হৈছে, এতিয়াও ১৪০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে। ইয়াৰ মাজতে উদ্ধাৰ অভিযানো চলি আছে।

 তিস্তাৰ পৰা মৃতদেহ উদ্ধাৰৰ কাম শনিবাৰেও চলি আছে। আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে জলপাইগুৰিৰ তিস্তা নদীৰ নন্দনপুৰ বোৱালমাৰী অঞ্চলৰ পৰা দুটা  মৃতদেহ উদ্ধাৰ কৰিছে। ইয়াৰ সৈতে জলপাইগুৰিত এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা তিনি দিনত ২৯  লৈ বৃদ্ধি পাইছে। আজি উদ্ধাৰ হোৱা মৃতদেহ দুটা সেনা জোৱানৰ বুলি সন্দেহ কৰা হৈছে। মৃতদেহবোৰ জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে, মৃতদেহ দুটাচিনাক্তকৰণৰ প্ৰক্ৰিয়া  চলি আছে।





মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে  উদ্ধাৰ অভিযান ক্ষীপ্ৰ গতিত চলাই নিয়াৰ লগতে উপযুক্ত সাহায্য প্ৰদানৰো নিৰ্দেশ দিছে।  তামাঙে  চুংথাঙলৈ যোৱা পথটো অতি সোনকালে খুলিব পৰা যাব বুলি কৈছে। ইফালে নাগাৰ পৰা তুংলৈ যোৱা পথটো মেৰামতি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে মৃতকৰ নিকটাত্মীয়ক ৪ লাখ টকাৰ অনুদান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে যদি পূৰ্বৰ চৰকাৰে বান্ধ সঠিকভাৱে নিৰ্মাণ কৰিলেহেঁতেন  তেন্তে আজি এনে অৱস্থা নহ’লহেঁতেন।

 তেওঁ এইবুলিও কয় যে বিষয়টোৰ বিতং তদন্ত কৰা হ'ব।  উল্লেখ্য কিছুদিন পূৰ্বে ছিকিমৰ পাহাৰৰ পানীৰ ঢলে  লাচেন উপত্যকাৰ লোনাক হ্ৰদৰওচৰত ভাৰতীয় সেনাৰ এখন বাহন উটুৱাই লৈ গৈছিল। ফলত  ২৩ জন সেনা জোৱান সন্ধানহীন হৈ পৰিছিল। উত্তৰ আৰু পূব ছিকিমত তিস্তা নদীৰ পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু