--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ বংগ আৰু ছিকিমত বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে। বানত নিহত লোকৰ সংখ্যা বাঢ়ি গৈয়েই  আছে। এতিয়ালৈকে সাতজন সৈনিকসহ ৫৩ জন লোকৰ  মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৫৩ টা মৃতদেহৰ ভিতৰত  তিস্তা নদীৰ পৰা ২৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ছিকিমত বান পৰিস্থিতিৰ অৱনতি ঘটিছে। বানত  বিদ্যুতৰ খুটা উভালি পৰাৰ লগতে বহু  ৰাস্তা আৰু দলং বানে খহাই আৰু উটুৱাই নিছে।

ফলত  বানপীড়িত উত্তৰ ছিকিম অন্যান্য অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। চৰকাৰৰ মতে, ১,১৭৩ টা ঘৰ বানত ধ্বংস হৈছে।  ২,৪১৩ জন লোকক উদ্ধাৰ কৰি সুৰক্ষিত আশ্ৰয়লৈ প্ৰেৰণ কৰা হৈছে, এতিয়াও ১৪০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে। ইয়াৰ মাজতে উদ্ধাৰ অভিযানো চলি আছে।

 তিস্তাৰ পৰা মৃতদেহ উদ্ধাৰৰ কাম শনিবাৰেও চলি আছে। আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে জলপাইগুৰিৰ তিস্তা নদীৰ নন্দনপুৰ বোৱালমাৰী অঞ্চলৰ পৰা দুটা  মৃতদেহ উদ্ধাৰ কৰিছে। ইয়াৰ সৈতে জলপাইগুৰিত এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা তিনি দিনত ২৯  লৈ বৃদ্ধি পাইছে। আজি উদ্ধাৰ হোৱা মৃতদেহ দুটা সেনা জোৱানৰ বুলি সন্দেহ কৰা হৈছে। মৃতদেহবোৰ জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে, মৃতদেহ দুটাচিনাক্তকৰণৰ প্ৰক্ৰিয়া  চলি আছে।





মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে  উদ্ধাৰ অভিযান ক্ষীপ্ৰ গতিত চলাই নিয়াৰ লগতে উপযুক্ত সাহায্য প্ৰদানৰো নিৰ্দেশ দিছে।  তামাঙে  চুংথাঙলৈ যোৱা পথটো অতি সোনকালে খুলিব পৰা যাব বুলি কৈছে। ইফালে নাগাৰ পৰা তুংলৈ যোৱা পথটো মেৰামতি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে মৃতকৰ নিকটাত্মীয়ক ৪ লাখ টকাৰ অনুদান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে যদি পূৰ্বৰ চৰকাৰে বান্ধ সঠিকভাৱে নিৰ্মাণ কৰিলেহেঁতেন  তেন্তে আজি এনে অৱস্থা নহ’লহেঁতেন।

 তেওঁ এইবুলিও কয় যে বিষয়টোৰ বিতং তদন্ত কৰা হ'ব।  উল্লেখ্য কিছুদিন পূৰ্বে ছিকিমৰ পাহাৰৰ পানীৰ ঢলে  লাচেন উপত্যকাৰ লোনাক হ্ৰদৰওচৰত ভাৰতীয় সেনাৰ এখন বাহন উটুৱাই লৈ গৈছিল। ফলত  ২৩ জন সেনা জোৱান সন্ধানহীন হৈ পৰিছিল। উত্তৰ আৰু পূব ছিকিমত তিস্তা নদীৰ পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ