ডিজিটেল ডেস্ক: বৰপেটা চহৰৰ পৰা নিৰুদ্দেশ অনন্যা নাথ নামৰ এগৰাকী ২০ বছৰীয়া যুৱতী। তিনিদিন ধৰি ছোৱালীজনীৰ কোনো শুংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে।
ছোৱালীজনীক বিচাৰি হাবাথুৰি খাব লগা হৈছে পৰিয়াল। কান্দোনত ভাগি পৰিছে মাতৃ, পিতৃ আৰু পৰিয়ালৰ আন আন সদস্য।
পৰিয়ালৰ লোকে জনোৱা মতে গুৱাহাটী গড়চুকৰ কালী মন্দিৰৰ ওচৰৰ ধ্ৰুৱজ্যোতি দাস নামৰ এজন যুৱকৰ সৈতে ফোনযোগে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ছয় মাহ আগতে। ছোৱালীজনী নোহোৱা হোৱা দিনৰে পৰা ছোৱালীজনীৰ লগতে ধ্ৰুবজ্যোতিৰ ফোনৰ চুইটচ্ বন্ধ।
সংবাদ মাধ্যমৰ আগত পৰিয়ালে জনোৱা মতে তিনিদিন আগতে বৰপেটা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ ল'বলৈ আহি আৰু ঘৰমুৱা হোৱা নাই অনন্যা নাথ।
পৰিয়ালে সকলো ফালে সোধপোচ কৰাৰ পাছতো জানিব পৰা হোৱা নাই তেওঁলোকৰ কন্যা ক'ত আছে ক'লৈ গৈছে। ইফালে যিজন ল'ৰাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল তেওঁৰ ঘৰৰ ঠিকনা গম নাপায় পৰিয়ালে।
এই সন্দৰ্ভত বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা। কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়েও কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই যুৱতীগৰাকীৰ।
পৰিয়ালৰ ফালৰ পৰা ৰাইজলৈ অনুৰোধ জনাইছে যদি কোনোবাই অনন্যা নাথৰ সম্ভেদ লাভ কৰে তেনেহ'লে ওচৰৰ আৰক্ষী থানাত নাইবা এই
9859447101 নম্বৰত যাতে যোগাযোগ কৰে।
অনন্যা নাথৰ বিৱৰণ
গাৰ ৰঙ মিঠা বৰণৰ।
পিন্ধনত বৰপেটা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পোচাক।
ওখ ৪ ফুট ৫ ইন্সি