ডিজিটেল ডেস্কঃ বৰপেটাৰোড ৰে'লৱে ষ্টেচনত SSB আৰু বন বিভাগৰ বৃহৎ অভিযান। উজনিমুৱা বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা লুপ্তপ্রায় বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ।
আজি পুৱা ৰে'ল আৰক্ষীৰ সহযোগত বৰপেটাৰোড SSB আৰু বৰপেটাৰোড বন বিভাগে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ২০০ কিলোগ্ৰাম পৰিমাণৰ বনৰৌৰ ছাল আৰু অংগ-প্ৰতংগ জব্দ কৰে।
বনৰীয়া জীৱ জন্তুৰ ছাল আৰু অংগ প্ৰতংগ জব্দ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ।
গ্ৰেপ্তাৰ কৰা লোক সকল ক্ৰমে মুথাইয়া ৰামালিংগম, পালানি মুৰুগান আৰু এম সলিশ্বৰী ।
তিনিওজন লোকৰ ঘৰ চেন্নাইত।
৮টা বেগত ভৰাই বনৰৌৰ ছাল আৰু আন অংগসমূহ সৰবৰাহ কৰিছিল লোক কেইজনে।
জব্দ কৰা অংগ আৰু ছালখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ হ'ব বুলি অনুমান কৰা হৈছে ।
ইতিমধ্যে ঘটনা সম্পৰ্কে তদন্ত অব্যাহত আছে ।
জব্দ কৰা সামগ্ৰীসমূহ কোনো আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ বাবে গুৱাহাটীলৈ অনা হৈছিল বুলি অনুমান কৰা হৈছে।