--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয়, আধ্যাত্মিক দিশতো গাখীৰৰ বিশেষ তাৎপৰ্য্য আছে। ধৰ্মীয়ভাৱে কেঁচা গাখীৰ শিৱলিঙত অৰ্পণ কৰাৰ পৰা পূজা সামগ্ৰীত ৰখালৈকে ব্যৱহাৰ কৰা হয়। আনকি বাস্তুশাস্ত্ৰতো গাখীৰৰ লগত বহুতো শুভ আৰু অশুভ সম্পৰ্ক আছে। বাস্তুশাস্ত্ৰত গাখীৰক চন্দ্ৰৰ গুণক বুলি ধৰা হয়। ইয়াৰ মতে, উতলি থকা গাখীৰ পৰি যোৱাটো অশুভ লক্ষণ বুলি ধৰা হয়। গেছৰ ওপৰত সঘনাই গাখীৰ পৰি থকাৰ বাবে চন্দ্ৰ দোষ ঘটে আৰু ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰে বুলি ধাৰণা কৰা হৈছে। উতলা গাখীৰ পৰিলে কেনেধৰণৰ অশুভ লক্ষণ পোৱা যায় জানো আহক।

 উতলি থকা গাখীৰ পৰাৰ অশুভ লক্ষণ-

বাস্তুশাস্ত্ৰৰ মতে উচলি থকা গাখীৰ পৰিলে ঘৰৰ সদস্যসকলৰ ওপৰত মানসিক প্ৰভাৱ পৰে। গাখীৰ পৰিলে চন্দ্ৰ দোষ বৃদ্ধি পায় আৰু ইয়াৰ বাবে ঘৰত সদায় অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। মানসিকভাৱেও ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে।

 *     গেছৰ উতলাবলৈ জুই ব্যৱহাৰ কৰা হয় আৰু যিটো মংগল গ্ৰহৰ এটা কাৰক বুলি গণ্য কৰা হয়। মংগল আৰু চন্দ্ৰ গ্ৰহে ইটোৱ-সিটোৰ অতি বিপৰীত বুলি গণ্য কৰা হয়। প্ৰতিবাৰেই উতলি থকা গাখীৰ পৰিলে পৰিয়ালটোত কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হয়। চন্দ্ৰ আৰু মংগল গ্ৰহৰ মিলনৰ বাবে ঘৰত দৰিদ্ৰতা আহিবলৈ ধৰে।

* গাখীৰ উতলি কেতিয়াবা পৰাটো স্বাভাৱিক হ’ব পাৰে, কিন্তু ইয়াৰ পৰা প্ৰায়ে ঘৰত বাস্তুৰ দোষৰ ইংগিত পোৱা যায়। বাস্তুশাস্ত্ৰৰ দোষৰ বাবে ঘৰত কেতিয়াও সুখ-সমৃদ্ধি নোহোৱা হয় আৰু সদায় অৰ্থৰ অভাৱ হোৱা দেখিবলৈ পোৱা যায়।

 * যদি ঘৰৰ কোনো সদস্যই গুৰুত্বপূৰ্ণ কামৰ বাবে বাহিৰলৈ গৈ আছে আৰু সেই সময়ত গেছৰ ওপৰত থকা গাখীৰ উতলি পৰে, তেন্তে তাক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। এনে অৱস্থাত নোহোৱাৰ সম্ভাৱনাই অতি বেছি হৈ পৰে। উতলি থকা গাখীৰ পৰিলে ৰোগৰ আগমনৰ ইংগিত পোৱা যায়।

 * বাস্ত্ৰশাস্ত্ৰ অনুসৰি গাখীৰ উতলি পৰিলে দেৱী অন্নপূৰ্ণা অসন্তুষ্ট হৈ পৰে। যদি আপোনাৰ লগত সঘনাই এনেকুৱা হয়, তেন্তে চন্দ্ৰ দোষৰ ইংগিত পোৱা যায়। চন্দ্ৰ আৰু মংগল গ্ৰহক শান্ত কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি ঘৰৰ পৰা ওলাই যাওঁতে গাখীৰ পৰি যায়, তেন্তে ভগৱানক কিবা মিঠা বস্তু আগবঢ়াইহে ঘৰৰ পৰা ওলাই যাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু