--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয়, আধ্যাত্মিক দিশতো গাখীৰৰ বিশেষ তাৎপৰ্য্য আছে। ধৰ্মীয়ভাৱে কেঁচা গাখীৰ শিৱলিঙত অৰ্পণ কৰাৰ পৰা পূজা সামগ্ৰীত ৰখালৈকে ব্যৱহাৰ কৰা হয়। আনকি বাস্তুশাস্ত্ৰতো গাখীৰৰ লগত বহুতো শুভ আৰু অশুভ সম্পৰ্ক আছে। বাস্তুশাস্ত্ৰত গাখীৰক চন্দ্ৰৰ গুণক বুলি ধৰা হয়। ইয়াৰ মতে, উতলি থকা গাখীৰ পৰি যোৱাটো অশুভ লক্ষণ বুলি ধৰা হয়। গেছৰ ওপৰত সঘনাই গাখীৰ পৰি থকাৰ বাবে চন্দ্ৰ দোষ ঘটে আৰু ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰে বুলি ধাৰণা কৰা হৈছে। উতলা গাখীৰ পৰিলে কেনেধৰণৰ অশুভ লক্ষণ পোৱা যায় জানো আহক।

 উতলি থকা গাখীৰ পৰাৰ অশুভ লক্ষণ-

বাস্তুশাস্ত্ৰৰ মতে উচলি থকা গাখীৰ পৰিলে ঘৰৰ সদস্যসকলৰ ওপৰত মানসিক প্ৰভাৱ পৰে। গাখীৰ পৰিলে চন্দ্ৰ দোষ বৃদ্ধি পায় আৰু ইয়াৰ বাবে ঘৰত সদায় অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। মানসিকভাৱেও ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে।

 *     গেছৰ উতলাবলৈ জুই ব্যৱহাৰ কৰা হয় আৰু যিটো মংগল গ্ৰহৰ এটা কাৰক বুলি গণ্য কৰা হয়। মংগল আৰু চন্দ্ৰ গ্ৰহে ইটোৱ-সিটোৰ অতি বিপৰীত বুলি গণ্য কৰা হয়। প্ৰতিবাৰেই উতলি থকা গাখীৰ পৰিলে পৰিয়ালটোত কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হয়। চন্দ্ৰ আৰু মংগল গ্ৰহৰ মিলনৰ বাবে ঘৰত দৰিদ্ৰতা আহিবলৈ ধৰে।

* গাখীৰ উতলি কেতিয়াবা পৰাটো স্বাভাৱিক হ’ব পাৰে, কিন্তু ইয়াৰ পৰা প্ৰায়ে ঘৰত বাস্তুৰ দোষৰ ইংগিত পোৱা যায়। বাস্তুশাস্ত্ৰৰ দোষৰ বাবে ঘৰত কেতিয়াও সুখ-সমৃদ্ধি নোহোৱা হয় আৰু সদায় অৰ্থৰ অভাৱ হোৱা দেখিবলৈ পোৱা যায়।

 * যদি ঘৰৰ কোনো সদস্যই গুৰুত্বপূৰ্ণ কামৰ বাবে বাহিৰলৈ গৈ আছে আৰু সেই সময়ত গেছৰ ওপৰত থকা গাখীৰ উতলি পৰে, তেন্তে তাক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। এনে অৱস্থাত নোহোৱাৰ সম্ভাৱনাই অতি বেছি হৈ পৰে। উতলি থকা গাখীৰ পৰিলে ৰোগৰ আগমনৰ ইংগিত পোৱা যায়।

 * বাস্ত্ৰশাস্ত্ৰ অনুসৰি গাখীৰ উতলি পৰিলে দেৱী অন্নপূৰ্ণা অসন্তুষ্ট হৈ পৰে। যদি আপোনাৰ লগত সঘনাই এনেকুৱা হয়, তেন্তে চন্দ্ৰ দোষৰ ইংগিত পোৱা যায়। চন্দ্ৰ আৰু মংগল গ্ৰহক শান্ত কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি ঘৰৰ পৰা ওলাই যাওঁতে গাখীৰ পৰি যায়, তেন্তে ভগৱানক কিবা মিঠা বস্তু আগবঢ়াইহে ঘৰৰ পৰা ওলাই যাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ