--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাস্তু এক বিজ্ঞান। দিশ তথা অন্যান্য বিষয় সামৰি বাস্তুই নানান দিহা দিছে। তেনে দিহা মানি ঘৰ খন সজাব পাৰিলে সুখ শান্তি বৃদ্ধি পায়, ঘৰৰ সকলোৰে মংগল হয়। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত ঘৰৰ অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰা হয় স্নানাগাৰ আৰু শৌচাগাৰক। এই দুটা বিশেষ ঘৰ প্ৰতিটো ঘৰৰ সৈতে থাকিবই লাগিব। স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সেয়ে বাস্তুশাস্ত্র মানি যদি নির্মাণ কার্য সম্পন্ন কৰা হয় তেন্তে গৃহস্থই যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হয়।

 বাস্তু শাস্ত্ৰই স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ কেতবোৰ বিশেষ বিধি দিছে। স্নানাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ পূব দিশটো নিৰ্বাচন কৰিব পাৰিলে বেছি ফলদায়ক হয়। যদি পূব দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পৰা নাযায় তেন্তে ঘৰৰ উত্তৰ, পশ্চিম বা উত্তৰ পশ্চিম দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পাৰি। স্নানাগাৰত বেচিন বা ছাৱাৰ আদি সদায় পূব অথবা উত্তৰ-পূবৰ দিশত  স্থাপন কৰিব লাগে। 

গিজাৰ, ৱাটাৰ হিটাৰ আদি স্নানাগাৰৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। গিজাৰ আদি পশ্চিম বা উত্তৰ পশ্চিম দিশতো স্থাপন কৰিব পাৰি। যদি স্নানাগাৰত বাথটাবৰ ব্যৱস্থা কৰা হয় তেন্তে বাথটাব স্থানগাৰৰ পূব-পশ্চিম মুৱা কৰি স্থাপন কৰিব লাগে। কাপোৰ ধোৱাৰ ব্যৱস্থা স্নানাগাৰৰ পশ্চিম বা উত্তৰ-পশ্চিম দিশত কৰিব লাগে। স্নানাগাৰৰ ভিতৰত আইনা আদি স্থাপন কৰিলে সেয়া উত্তৰ বা পূব দিশৰ দেৱালত স্থাপন কৰিব লাগে। বাস্তুশাস্ত্রই স্নান কৰাৰ দিশৰো বিধান দিছে। বাস্তুশাস্ত্ৰ অনুসৰি স্নান সদায় পূব পশ্চিম মুৱাহৈ কৰিব লাগে। এইক্ষেত্ৰত পূব দিশত মূৰ ৰাখিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক