--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত এতিয়া বিয়পি পৰিছে ধূপৰ সুবাস। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে অযোধ্যালৈ অনা ১০৮ ফুট দৈৰ্ঘ্যৰ বিশালকায় ধূপডাল এতিয়া জ্বলোৱা হৈছে। ধূপডালৰ সুবাস বিয়পি পৰিছে প্ৰায় ৫০ কিলোমিটাৰ জোৰা এলেকা জুৰি। ধূপডাল একেৰাহে ডেৰ মাজ জুৰি দিনলৈ জ্বলি থাকিব । ২২ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাম মন্দিৰৰ প্ৰাণ সঞ্চাৰ অনুষ্ঠানৰ পূৰ্বে মঙলবাৰে অযোধ্যাত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ মহন্ত গোপাল দাসে ১০৮ ফুট দীঘল ধূপডাল  জ্বলাইছিল।

 এতিয়া ধূপডাল সগৌৰৱে অযোধ্যাত জ্বলি আছে।ধূপডালৰ ওজন ৩,৬১০  কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। গোবৰ, ঘিউ,  ফুলৰ নিষ্কাশন আৰু বনৌষধি ব্যৱহাৰ কৰি ধূপ কাঠিডাল প্ৰস্তুত কৰা হৈছে। বহুতৰে মতে আকৌ ধূপডাল ডেমাহ জুৰি জ্বলি থাকিব। উল্লেখ্য ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। ইয়াৰ বাবে চৰকাৰ, প্ৰশাসনে  সকলো ব্যৱস্থাই সম্পূৰ্ণ কৰি তুলিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে ৰাম মন্দিৰৰ অভিষেকৰ বাবে অনুদান আগবঢ়াইছে।


 বহু লোকে ৰাম মন্দিৰলৈ প্ৰসাদৰ বাবে বহু বিশেষ পূজাৰ সামগ্ৰী আৰু ব্যঞ্জন পঠিয়াইছে। তেনে সামগ্ৰীসমূহৰ ভিতৰত ১০৮ ফুট দীঘল ধূপডালো অন্যতম।   গুজৰাটৰ পৰা স্থলপথেৰে  অযোধ্যালৈ পঠিওৱা হৈছিল ১০৮ ফুট দীঘল ধূপডাল। এই ধূপডাল প্ৰস্তুত কৰিবলৈ  কেইবামাহো সময়  লাগিছে। এই ধূপডাল ১ৰ পৰা ১.৫ মাহলৈকে অবিৰতভাৱে জ্বলি থাকিব বুলি কোৱা হৈছে।ইয়াৰোপৰি  আহমেদাবাদত নিৰ্মিত ৪৪ ফুট উচ্চতাৰ পতাকা খুঁটা ৰাম মন্দিৰৰ শিখৰত স্থাপন কৰা হ’ব। ইয়াৰ ওজন প্ৰায় ৫.৫ টন। এই পতাকা খুঁটাটো ৮ মাহ আগৰ পৰাই তৈয়াৰ হৈ আছিল। 

৫ জানুৱাৰীত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ৪৪ ফুটৰ পতাকা খুঁটাটো অযোধ্যালৈ প্ৰেৰণ কৰিছিল।ৰাম মন্দিৰৰ অভিষেকৰ দিনা সমগ্ৰ দেশতে চাকি জ্বলোৱা হ’ব। কিন্তু এটা চাকি আছে যিটো যথেষ্ট বিশেষ বুলি গণ্য কৰা হৈছে। ওড়িশাৰ ৰুৰকেল্লাত প্ৰস্তুত কৰা হৈছে আটাইতকৈ ডাঙৰ চাকি। এই চাকিটো তৈয়াৰ কৰাত প্ৰায় ৫০০ কেজি মাটি, ৫০ টা বাঁহ আৰু ২ টা পুটি ষ্টিক ব্যৱহাৰ কৰা হৈছে। ১৮ জানুৱাৰীত এই চাকিটো সাজু হ’ব।ৰাম মন্দিৰত ২১০০ কেজি ওজনৰ ঘণ্টা স্থাপন কৰা হ’ব যিয়ে মন্দিৰৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি কৰিব। 

ইয়াক বনাবলৈ প্ৰায় ৪ বছৰ সময় লাগিছিল। ই অষ্টধাতুৰে নিৰ্মিত আৰু এই ঘণ্টাটোৰ উচ্চতা ৬ ফুট আৰু প্ৰস্থ ৫ ফুট। এই ঘণ্টাটোৰ পৰা নিৰ্গত হোৱা শব্দ বহু দূৰলৈকে শুনা যাব। শ্ৰী কৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা ৰাম মন্দিৰৰ বাবে অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে  ২০০ কেজি লাডু। মকৰ সংক্ৰান্তিৰ দিনা বিশেষ শুকান ফল, চেনিৰ মিঠাই আৰু কেশৰ আদিৰে প্ৰস্তুত কৰা হয় এই লাডু।ইয়াৰোপৰি অযোধ্যালৈ সুন্দৰবনৰ পৰা ১০১ লিটাৰ মৌজোল প্ৰেৰণ কৰিছে ৰামভক্ত হৰিপদ মণ্ডল আৰু তেওঁৰ পুত্ৰ গোকুলে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান