--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত এতিয়া বিয়পি পৰিছে ধূপৰ সুবাস। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে অযোধ্যালৈ অনা ১০৮ ফুট দৈৰ্ঘ্যৰ বিশালকায় ধূপডাল এতিয়া জ্বলোৱা হৈছে। ধূপডালৰ সুবাস বিয়পি পৰিছে প্ৰায় ৫০ কিলোমিটাৰ জোৰা এলেকা জুৰি। ধূপডাল একেৰাহে ডেৰ মাজ জুৰি দিনলৈ জ্বলি থাকিব । ২২ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাম মন্দিৰৰ প্ৰাণ সঞ্চাৰ অনুষ্ঠানৰ পূৰ্বে মঙলবাৰে অযোধ্যাত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ মহন্ত গোপাল দাসে ১০৮ ফুট দীঘল ধূপডাল  জ্বলাইছিল।

 এতিয়া ধূপডাল সগৌৰৱে অযোধ্যাত জ্বলি আছে।ধূপডালৰ ওজন ৩,৬১০  কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। গোবৰ, ঘিউ,  ফুলৰ নিষ্কাশন আৰু বনৌষধি ব্যৱহাৰ কৰি ধূপ কাঠিডাল প্ৰস্তুত কৰা হৈছে। বহুতৰে মতে আকৌ ধূপডাল ডেমাহ জুৰি জ্বলি থাকিব। উল্লেখ্য ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। ইয়াৰ বাবে চৰকাৰ, প্ৰশাসনে  সকলো ব্যৱস্থাই সম্পূৰ্ণ কৰি তুলিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে ৰাম মন্দিৰৰ অভিষেকৰ বাবে অনুদান আগবঢ়াইছে।


 বহু লোকে ৰাম মন্দিৰলৈ প্ৰসাদৰ বাবে বহু বিশেষ পূজাৰ সামগ্ৰী আৰু ব্যঞ্জন পঠিয়াইছে। তেনে সামগ্ৰীসমূহৰ ভিতৰত ১০৮ ফুট দীঘল ধূপডালো অন্যতম।   গুজৰাটৰ পৰা স্থলপথেৰে  অযোধ্যালৈ পঠিওৱা হৈছিল ১০৮ ফুট দীঘল ধূপডাল। এই ধূপডাল প্ৰস্তুত কৰিবলৈ  কেইবামাহো সময়  লাগিছে। এই ধূপডাল ১ৰ পৰা ১.৫ মাহলৈকে অবিৰতভাৱে জ্বলি থাকিব বুলি কোৱা হৈছে।ইয়াৰোপৰি  আহমেদাবাদত নিৰ্মিত ৪৪ ফুট উচ্চতাৰ পতাকা খুঁটা ৰাম মন্দিৰৰ শিখৰত স্থাপন কৰা হ’ব। ইয়াৰ ওজন প্ৰায় ৫.৫ টন। এই পতাকা খুঁটাটো ৮ মাহ আগৰ পৰাই তৈয়াৰ হৈ আছিল। 

৫ জানুৱাৰীত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ৪৪ ফুটৰ পতাকা খুঁটাটো অযোধ্যালৈ প্ৰেৰণ কৰিছিল।ৰাম মন্দিৰৰ অভিষেকৰ দিনা সমগ্ৰ দেশতে চাকি জ্বলোৱা হ’ব। কিন্তু এটা চাকি আছে যিটো যথেষ্ট বিশেষ বুলি গণ্য কৰা হৈছে। ওড়িশাৰ ৰুৰকেল্লাত প্ৰস্তুত কৰা হৈছে আটাইতকৈ ডাঙৰ চাকি। এই চাকিটো তৈয়াৰ কৰাত প্ৰায় ৫০০ কেজি মাটি, ৫০ টা বাঁহ আৰু ২ টা পুটি ষ্টিক ব্যৱহাৰ কৰা হৈছে। ১৮ জানুৱাৰীত এই চাকিটো সাজু হ’ব।ৰাম মন্দিৰত ২১০০ কেজি ওজনৰ ঘণ্টা স্থাপন কৰা হ’ব যিয়ে মন্দিৰৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি কৰিব। 

ইয়াক বনাবলৈ প্ৰায় ৪ বছৰ সময় লাগিছিল। ই অষ্টধাতুৰে নিৰ্মিত আৰু এই ঘণ্টাটোৰ উচ্চতা ৬ ফুট আৰু প্ৰস্থ ৫ ফুট। এই ঘণ্টাটোৰ পৰা নিৰ্গত হোৱা শব্দ বহু দূৰলৈকে শুনা যাব। শ্ৰী কৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা ৰাম মন্দিৰৰ বাবে অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে  ২০০ কেজি লাডু। মকৰ সংক্ৰান্তিৰ দিনা বিশেষ শুকান ফল, চেনিৰ মিঠাই আৰু কেশৰ আদিৰে প্ৰস্তুত কৰা হয় এই লাডু।ইয়াৰোপৰি অযোধ্যালৈ সুন্দৰবনৰ পৰা ১০১ লিটাৰ মৌজোল প্ৰেৰণ কৰিছে ৰামভক্ত হৰিপদ মণ্ডল আৰু তেওঁৰ পুত্ৰ গোকুলে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু