--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুৰ মতে কেনে ভূমিত ঘৰ নিৰ্মাণ কৰা অশুভ, সেই বিষয়ে উল্লেখ কৰা হৈছে।যি ভূমিৰ পশ্চিম পিনে চিধাচিধিকৈ ৰাস্তা পাৰ হৈ যায়, তেনে ভূমিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হয়।যি ভূমিৰ পশ্চিম আৰু দক্ষিণ দিশৰ পৰা অহা দুটা পথ একেলগ হৈছে তেনে ভূমিত ঘৰ সাজিব নালাগে। যি ভূমিত পূব, পশ্চিম আৰু উত্তৰ দিশৰ পৰা অহা তিনিটা পথ একেলগ হয় তেনে ভূমিত ঘৰ সাজিব নালাগে।

 যি ভূমিৰ তিনিওপিনে ৰাস্তা থাকে তেনে ভূমিত ঘৰ সাজিলে নানা অপায়-অমংগল হ’ব পাৰে। যি ভূমি চৌদিশৰ পৰা গছ-গছনি অথবা আন ঘৰে আগুৰি থকাৰ ফলত সূৰ্যৰ পোহৰ ভালদৰে পৰিব নোৱাৰে, যি ভূমিত বতাহ ভালদৰে চলাচল কৰিব নোৱাৰে, তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে আঁহত গছ, পশ্চিম দিশে বট গছ, উত্তৰ দিশে ডিমৰু গছ আৰু পূব দিশে অশ্বত্থ গছ থাকে তেনে ভূমিত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ অমংগল হয়।

যি ভূমিৰ পূব দিশে বট গছ, দক্ষিণ দিশে ডিমৰু, উত্তৰত আঁহত, পশ্চিমত অশ্বত্থ গছ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।যি ভূমিৰ পিছপিনে অথবা সন্মুখৰ পিনে কোনো শ্মশান নাইবা সমাধিস্থল থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে, অগ্নি কোণত, নৈঋত কোণ অথবা বায়ু কোণত জলাধাৰ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু