--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুৰ মতে কেনে ভূমিত ঘৰ নিৰ্মাণ কৰা অশুভ, সেই বিষয়ে উল্লেখ কৰা হৈছে।যি ভূমিৰ পশ্চিম পিনে চিধাচিধিকৈ ৰাস্তা পাৰ হৈ যায়, তেনে ভূমিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হয়।যি ভূমিৰ পশ্চিম আৰু দক্ষিণ দিশৰ পৰা অহা দুটা পথ একেলগ হৈছে তেনে ভূমিত ঘৰ সাজিব নালাগে। যি ভূমিত পূব, পশ্চিম আৰু উত্তৰ দিশৰ পৰা অহা তিনিটা পথ একেলগ হয় তেনে ভূমিত ঘৰ সাজিব নালাগে।

 যি ভূমিৰ তিনিওপিনে ৰাস্তা থাকে তেনে ভূমিত ঘৰ সাজিলে নানা অপায়-অমংগল হ’ব পাৰে। যি ভূমি চৌদিশৰ পৰা গছ-গছনি অথবা আন ঘৰে আগুৰি থকাৰ ফলত সূৰ্যৰ পোহৰ ভালদৰে পৰিব নোৱাৰে, যি ভূমিত বতাহ ভালদৰে চলাচল কৰিব নোৱাৰে, তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে আঁহত গছ, পশ্চিম দিশে বট গছ, উত্তৰ দিশে ডিমৰু গছ আৰু পূব দিশে অশ্বত্থ গছ থাকে তেনে ভূমিত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ অমংগল হয়।

যি ভূমিৰ পূব দিশে বট গছ, দক্ষিণ দিশে ডিমৰু, উত্তৰত আঁহত, পশ্চিমত অশ্বত্থ গছ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।যি ভূমিৰ পিছপিনে অথবা সন্মুখৰ পিনে কোনো শ্মশান নাইবা সমাধিস্থল থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে, অগ্নি কোণত, নৈঋত কোণ অথবা বায়ু কোণত জলাধাৰ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ