--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  একো একোটা নির্দিষ্ট সময়ৰ বাবে সকলো বস্তুৱেই ইয়াৰ স্থায়িত্ব বজাই ৰাখিব পাৰে। পৰিৱেশ, পৰিস্থিতি, কাল, ক্ষণ আদিৰ ওপৰত নিৰ্ভৰ কৰি এনে স্থায়িত্ব বেলেগ বেলেগ হ'ব পাৰে। গৃহ নিৰ্মাণ সদায় কৰা কাৰ্য নহয়। এবাৰ ঘৰ এটা তৈয়াৰ কৰাৰ পিছত সেই ঘৰটো দীর্ঘস্থায়ী হোৱাটো গৃহস্থই সদায় কামনা কৰে।

বাস্তুশাস্ত্ৰ অনুসৰি গৃহ এটাৰ স্থায়িত্ব নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ কেতবোৰ কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। এইক্ষেত্ৰত গ্ৰহ আদিৰ অৱস্থাৰ বিষয়সমূহো বিশেষভাৱে মন কৰিবলগীয়া কথা।

গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়ত যদি বৃহস্পতি, ৰবি, শুক্র আৰু শনি গ্রহকেইটা ক্ৰমে লগ্নৰ ষষ্ঠ, সপ্তম, চতুৰ্থ আৰু তৃতীয় স্থানত থাকে তেন্তে সেই গৃহ শতব ছৰ ধৰি স্থায়ী হৈ থাকে যদি লগ্নত শুক্র, বৃহস্পতি সপ্তম স্থানত থাকে তেতিয়াহ'লে সেই গৃহ শতবছৰ স্থায়ী হোৱাৰ লগতে গৃহস্থৰ আয়ুসো বৃদ্ধি পায়। যদি লগ্নত ৰবি তৃতীয়ত, মংগল ষষ্ঠত, বৃহস্পতি পঞ্চমত থাকে, তেন্তে সেই গৃহৰ স্থায়িত্ব বৃদ্ধি পায় ।

যদি লগ্নত বৃহস্পতি সপ্তমত, চন্দ্ৰ দশমত অৱস্থান কৰে, তেন্তে সেই সময়ত নিৰ্মাণ কৰা গৃহই হেজাৰ বছৰ স্থায়িত্ব লাভ কৰে।

যদি লগ্নত সপ্তমত বৃহস্পতি, দশমত বুধ নাইবা শুক্র থাকে তেন্তে সেই লগ্নত নিৰ্মাণ কৰা গৃহ প্রায় ৫০০ বছৰ স্থায়ী হৈ থাকে ।

যদি লগ্নত বৃহস্পতি চতুর্থত, চন্দ্ৰ দশমত, শনি বা মঙলে একাদশত অৱস্থান কৰে তেন্তে সেই সময়ত নিৰ্মাণ কৰা ঘৰ ১০০ বছৰতকৈ কম সময় স্থায়ী হৈ থাকে।

গৃহ প্ৰৱেশৰ সময়ত বা কলহত পূজা কৰা হয়। সেই কলহটো ঘৰৰ উত্তৰ পূব অথবা ঈশাণ দিশত সংৰক্ষণ কৰিব লাগে। বাস্ত পূজাত ব্যৱহাৰ কৰা অন্যান্য সামগ্ৰী আদি পূজা শেষ হোৱাৰ পিছত বিসর্জন দিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন