--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঘৰ এটা নিৰ্মাণ কৰাৰ আগতে বাস্তু শাস্ত্ৰ বিধি মানি চলিব পাৰিলে সুখ বৃদ্ধি হয়৷ কিন্তু বহুতে বাস্তুৰ বিধি মানি ঘৰ এটা নিৰ্মাণ নকৰে৷ পিছত বাস্তুৰ বিধিৰ কথা জানিব পাৰিলে তেনে লোকৰ মন বেয়াও লাগে৷ কিন্তু এই ক্ষেত্ৰতো চিন্তা কৰাৰ কোনো কথা নাই৷ মানুহে সুখ-শান্তিৰে বাস কৰিবলৈ সপোনৰ ঘৰ নিৰ্মাণ কৰে। কিন্তু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যদি উপযুক্ত বিধি-বিধান মানি চলা নহয় অথবা গৃহ নিৰ্মাণ কৰা ভূমি শুদ্ধ কৰি লোৱা নহয় তেন্তে সেই ঘৰত বাস কৰা লোকসকলে নানান দুৰ্যোগৰ সম্মুখীন হ'বলগীয়া হয়। বাস্তুশাস্ত্ৰৰ বিধি অনুসৰি যদি গৃহ নিৰ্মাণ কৰা নহয় তেন্তে ঘৰত  নানান ধৰণৰ অথন্তৰ লাগি থাকিব পাৰে।

ঘৰ এটা নিৰ্মাণ কৰোঁতে বহু টকা-পইচা, সময় আৰু শ্রম ব্যয় হয়। সেয়ে ঘৰ এটা নিৰ্মাণ কৰাৰ পিছত সেয়া যদি বাস্তুশাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰা হোৱা নাই বুলি জনা যায় তেন্তে সেই ঘৰটো ভাঙি পুনৰ নতুন ঘৰ এটা সজা সম্ভৱ নহয়। সেয়ে বাস্তুশাস্ত্ৰৰ বিধি অনুসৰি নিৰ্মাণ কৰা ঘৰত কেতবোৰ বিশেষ বিধি বিধান পালন কৰি ঘৰত থকা বাস্তুদোষ নিবাৰণ কৰাৰ চেষ্টা চলাব পাৰি। এইক্ষেত্ৰত কৰিব পৰা কেতবোৰ কামৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

যদি ঘৰৰ কোনো বীমৰ তলত বিছনা স্থাপন কৰা হয় বা খোৱা মেজ স্থাপন কৰা হয় তেন্তে এয়া মুঠেও শুভ ফলদায়ক নহয়। বীমৰ তলত বিছনা স্থাপন কৰিলে তাত নিশা শোৱা লোকৰ ভালদৰে টোপনি নহয় আৰু তেওঁ নানান ধৰণৰ চিন্তাৰে ভাৰাক্ৰান্ত হৈ পৰে। একেদৰে বীমৰ তলত যদি খোৱা মেজ স্থাপন কৰা হয় তেন্তে খোৱা-বোৱাৰ প্ৰতি মানুহৰ ৰুচি কমি যায় আৰু মানুহ অসুস্থ হৈ পৰাৰ আশংকা থাকে। কেৱল ঘৰতেই নহয় কার্যালয় আদিতো যদি বীমৰ তলত কৰ্মচাৰী বহা চকী, মেজ আদি স্থাপন কৰা হয় তেন্তে তাত বহা কৰ্মচাৰীসকল নানান ধৰণৰ সমস্যাৰ সম্মুখীন হয়। 

তাত আসন গ্ৰহণ কৰা কৰ্মচাৰীসকলে সদায় নানান ধৰণৰ দুঃশ্চিন্তাত ভুগিবলগীয়া হয়। সেয়ে ঘৰৰ অথবা কাৰ্যালয়ৰ বীমৰ তলত কেতিয়াও বিছনা, চকী-মেজ, খোৱা মেজ আদি স্থাপন কৰিব নালাগে। যদি বীমৰ তলৰ পৰা সেইবোৰ আঁতৰাই পেলোৱাৰ কোনো উপায় নাথাকে তেন্তে তলৰ উপায়সমূহ অৱলম্বন কৰি বাস্তুদোষ দূৰ কৰিব পৰা যাব।

বীমৰ দুয়োপিনে একোটাকৈ বাঁহী লগাই থলে বাস্তুদোষ দুৰ হ'ব। বীমৰ পৰা সৃষ্টি হোৱা বাস্তুদোষ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে বীমত বাঁহৰ বাঁহী লগাই থোৱা।

বীম টাইলছৰ জৰিয়তে ঢাকি দিলেও বাস্তুদোষ দূৰ কৰিব পৰা যায়। বীমৰ পৰা উদ্ভৱ হোৱা বাস্তুদোষ দূৰ কৰিবলৈ বীমত সেউজীয়া ৰঙৰ গণেশৰ ছবি বা মূৰ্তি আঁৰি থ'ব পাৰি।

কল-কাৰখানাৰ সন্মুখত ঘৰ থাকিলে  ফুলৰ বাগিচা এখন স্থাপন কৰিব পাৰে।  ফুলৰ বাগিচা থাকিলে পৰিৱেশ সুন্দৰ হৈ থাকে। সেইবাবে কল-কাৰখানাৰ সন্মুখতো সদায় ফুলৰ বাগিচা ৰাখিব পাৰিলে ভাল। কল-কাৰখানাৰ সন্মুখত ফুলৰ বাগিচা স্থাপনৰ বাবে উপযুক্ত দিশ নিৰ্ণয় কৰাটো উচিত। কল-কাৰখানাৰ দক্ষিণ-পূব অংশত ফুলৰ বাগিচা স্থাপন কৰাটো অনুচিত। এই দিশক বাদ দি বাকী দিশত ফুলৰ বাগিচা স্থাপন কৰিব পাৰি।বাস্তুৰ এনেবোৰ প্ৰতিকাৰ গ্ৰহণ কৰিলে সকলো দোষ নাশ হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement