--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঁয়াজৰ বাকলি আমাৰ প্ৰায় সকলোৰে বাবেই এক আৱৰ্জনা৷ কিন্তু পিঁয়াজৰ বাকলিক আবৰ্জনা বুলি ভবাটো সমূলি সঠিক কথা নহয়৷ কাৰণ পিঁয়াজৰ বাকলিৰ পৰা ঘৰতে তৈয়াৰ কৰিব পাৰি খাদ্যগুণ থকা এক মছলা৷ নিশ্চিতভাৱে এই কথা সকলোৱে জানে যে পিঁয়াজৰ বাকলি খোৱাযোগ্য  বস্তু নহয়। 

বিশ্বৰ বহু দেশত পিঁয়াজৰ বাকলিৰ পৰা এনে মছলা প্ৰস্তুত কৰি  ব্যৱহাৰ কৰা হয়৷ মাছ, মাংস, তৰকাৰী, কালিয়া, কোৰ্মাৰ পৰা সাধাৰণ কণী ভাজিলৈকে – সদায়ে পিঁয়াজৰ ব্যৱহাৰ হৈয়েই থাকে। বেছিভাগ মানুহেই  পিঁয়াজৰ   বাকলি গুচাই সেয়া পেলাই দিয়ে । কিয়নো, পিয়াজৰ বাকলি খোৱাৰ বস্তু নহয় বুলি বহুতেই ধাৰণা কৰে৷  শেহতীয়াকৈ  পিঁয়াজৰ বাকলিৰে তৈয়াৰ কৰিব পৰা মচলাৰ কথা বাৰুকৈয়ে চৰ্চা হৈছে৷  কিছুমান উপ-মহাদেশীয় খাদ্য আছে য'ত পিঁয়াজৰ বাকলিৰ গুৰি পোনপটীয়াকৈ ব্যৱহাৰ কৰা হয়৷ । চুপ জাতীয় খাদ্যত  যিকোনো এনে মছলা  পিঁয়াজৰ সলনি ব্যৱহাৰ কৰিব পাৰি।

 পিঁয়াজৰ বাকলিত ভিটামিন এ, চি আৰু ই থাকে। ইয়াৰ বাহিৰেও  ফ্লেভোনইডৰ দৰে  অতি গুৰুত্বপূৰ্ণ উপাদানো পিঁয়াজৰ বাকলিত থাকে ছে। গতিকে পিঁয়াজৰ লগতে ইয়াৰ বাকলিও যথেষ্ট গুৰুত্বপূৰ্ণ। কাৰ্লে বোড্ৰাগ নামৰ পুষ্টিবিদগৰাকীয়ে  দেখুৱাইছে যে পিঁয়াজৰ বাকলিৰ পাউডাৰ  অতি কম সময়ৰ তৈয়াৰ কৰিব পাৰি৷ 

পিঁয়াজৰ বাকলি গুৰি কৰি মছলা কেনেদৰে বনাব লাগে?

প্ৰথমে পিঁয়াজৰ বাকলিবোৰ পৰিষ্কাৰ পানীত ধুই ৰ'দত ভালদৰে শুকুৱাওক।

এইবাৰ বাকলিবোৰ বেকিং ট্ৰেত ৰাখক আৰু সেইবোৰ ৫ ৰ পৰা ৭ মিনিটৰ বাবে বেক কৰিবলৈ দিয়ক। 

ইয়াৰ পিছত ইয়াক গ্ৰাইণ্ডাৰত গুৰি কৰক, ইয়াক বতাহ সোমাব নোৱাৰা  পাত্ৰ এটাত ৰাখক আৰু প্ৰয়োজন অনুসৰি মচলাৰ দৰে খাদ্য ৰন্ধাৰ সময়ত ব্যৱহাৰ কৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক