--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰত প্ৰায়ে ৰঙা আৰু ক’লা বিভিন্ন পৰুৱা ওলায়। বাস্তু শাস্ত্ৰৰ মতে পৰুৱা পৰা  মুক্ত হোৱাৰ পৰিণতি বেলেগ বেলেগ। ইয়াৰ ফল শুভ হ’ব নে অশুভ হ’ব সেয়া পৰুৱাবোৰৰ ৰং আৰু ইহঁতৰ বাহিৰলৈ ওলোৱাৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰে।

বাস্তু শাস্ত্ৰৰ মতে আমাৰ চৌপাশে ঘটি থকা ঘটনাবোৰে আমাৰ ভৱিষ্যতৰ এক ইংগিত দিয়ে। এইবোৰে কিছুমান শুভ আৰু কিছুমান অশুভ ঘটনাৰ বিষয়ে ইংগিত দিয়ে। ঘৰত পৰুৱাৰ উপস্থিতিও ভবিষ্যত জীৱনত ঘটিব লগা ঘটনাৰ চিন বাস্তু শাস্ত্ৰৰ মতে। আমাৰ সকলোৰে ঘৰত প্ৰায়ে ৰঙা আৰু ক’লা পৰুৱা ওলাই আহে। এই পৰুৱাবোৰ বহু ঠাইৰ পৰা ওলাই আহে, ইহঁতৰ অৰ্থ বেলেগ বেলেগ। পৰুৱা ওলাই অহাৰ পৰিণতি কি হয় জানো আহক।

ৰঙা পৰুৱাৰ ৰ অৰ্থ: বাস্তু শাস্ত্ৰৰ মতে ঘৰত ৰঙা পৰুৱাৰ উপস্থিতি শুভ বুলি গণ্য কৰা নহয়। ৰঙা পৰুৱাৰ উপস্থিতিয়ে কিছু লোকচানৰ ইংগিত দিয়ে। ৰঙা পৰুৱাক অশুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি যদি আপোনাৰ ঘৰত বা কৰ্মস্থলীত ৰঙা পৰুৱা ওলাই আহিছে, তেন্তে ই কোনো ধৰণৰ বিবাদৰ লক্ষণো হ’ব পাৰে। ৰঙা পৰুৱাৰ আবিৰ্ভাৱে আৰ্থিক অসুবিধাৰ লক্ষণ। টকাৰ নাটনি হ’ব পাৰে আৰু ঋণ ল’বলগীয়া হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। 

ক'লা পৰুৱাৰ অৰ্থ: ক’লা পৰুৱা ওলোৱাটো শুভ বুলি গণ্য কৰা হয়। ঘৰত যদি ক’লা পৰুৱা ওলাই আহিছে, তেন্তে বহুদিনৰ পৰা চলি অহা সমস্যাবোৰৰ পৰা আপুনি মুক্তি পাব পাৰে। ক’লা পৰুৱা ঘৰৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ বাহক। যদি ক’লা পৰুৱা ওলাই আহে, তেন্তে বুজি লওক যে আপোনাৰ সম্পত্তি বৃদ্ধি হ’বলৈ গৈ আছে।  কিন্তু সোণ ৰখা যিকোনো ঠাইৰ পৰা যদি ইহঁত ওলাই আহে, তেন্তে ধন-সম্পত্তি নষ্ট হ’বলৈ গৈ আছে বুলি বিশ্বাস কৰা হয়। ছাদৰ পৰা ক’লা পৰুৱা ওলোৱাটোও শুভ বুলি গণ্য কৰা হয়।

মুখত কণী লৈ যোৱা পৰুৱাৰ অৰ্থ : কণী কঢ়িয়াই নিয়া পৰুৱাক শুভ বুলি গণ্য কৰা হয়। বাস্তুৰ মতে যদি ৰঙা বা ক’লা পৰুৱাবোৰে মুখত কণী কঢ়িয়াই লৈ ফুৰিছে, তেন্তে ই কিছু ভাল খবৰৰ ইংগিত দিয়ে। ৰঙা পৰুৱাক অশুভ বুলি বিবেচিত হয় যদিও মুখত কণী থাকে তেন্তে ইহঁতে শুভ ফল দিবলৈ গৈ আছে বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ