--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্নানাগাৰৰ নিৰ্মাণ বাস্তু শাস্ত্ৰ মতে হ’লে ভাল।বহুতে ভুল দিশত স্নানাগাৰ নিৰ্মাণ কৰাৰ ফলত ঘৰত নানান বেমেজালিয়ে দেখা দিয়ে৷ সেয়ে ঘৰ খন বাস্তু শাস্ত্ৰই দিয়া বিধান অনুসৰি সজাব পাৰিলে ঘৰৰ সকলোৰে মংগল হয় । 

স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সেয়ে বাস্তুশাস্ত্র মানি যদি নির্মাণ কার্য সম্পন্ন কৰা হয় তেন্তে গৃহস্থই যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হয়। বাস্তু শাস্ত্ৰই স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ কেতবোৰ বিশেষ বিধি দিছে। স্নানাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ পূব দিশটো নিৰ্বাচন কৰিব পাৰিলে বেছি ফলদায়ক হয়। যদি পূব দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পৰা নাযায় তেন্তে ঘৰৰ উত্তৰ, পশ্চিম বা উত্তৰ পশ্চিম দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পাৰি।

 স্নানাগাৰত বেচিন বা ছাৱাৰ আদি সদায় পূব অথবা উত্তৰ-পূবৰ দিশত  স্থাপন কৰিব লাগে। গিজাৰ, ৱাটাৰ হিটাৰ আদি স্নানাগাৰৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। গিজাৰ আদি পশ্চিম বা উত্তৰ পশ্চিম দিশতো স্থাপন কৰিব পাৰি। যদি স্নানাগাৰত বাথটাবৰ ব্যৱস্থা কৰা হয় তেন্তে বাথটাব স্থানগাৰৰ পূব-পশ্চিম মুৱা কৰি স্থাপন কৰিব লাগে। কাপোৰ ধোৱাৰ ব্যৱস্থা স্নানাগাৰৰ পশ্চিম বা উত্তৰ-পশ্চিম দিশত কৰিব লাগে। 

স্নানাগাৰৰ ভিতৰত আইনা আদি স্থাপন কৰিলে সেয়া উত্তৰ বা পূব দিশৰ দেৱালত স্থাপন কৰিব লাগে। বাস্তুশাস্ত্রই স্নান কৰাৰ দিশৰো বিধান দিছে। বাস্তুশাস্ত্ৰ অনুসৰি স্নান সদায় পূব পশ্চিম মুৱাহৈ কৰিব লাগে। এইক্ষেত্ৰত পূব দিশত মূৰ ৰাখিব লাগে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ