--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্দাৰ ৰঙে ঘৰৰ উজ্জ্বলতা বৃদ্ধি কৰে। ঘৰৰ খিৰিকী তথা দুবাৰত লগোৱা পৰ্দাই ঘৰ এটাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কিন্তু পৰ্দাৰ ৰং নির্বাচনত যদি ভুল হয় তেন্তে তাৰ শুভ  প্ৰভাৱৰ সলনি অশুভ প্ৰভাৱহে গৃহস্থৰ ওপৰত পৰিব পাৰে। ফেংছুই মতে পর্দা নির্বাচন কৰাৰ সময়ত সদায় সতর্ক হ'ব লাগে। 

পর্দা নির্বাচন সঠিক হ'লে তেনে ঘৰত সুখ-শান্তি বিৰাজ কৰাৰ লগতে তেনে ঘৰৰ পৰিৱেশ অতি সুন্দৰ হৈ পৰে। ফেংছুইৰ মতে অৱস্থান অনুসৰি ঘৰৰ দুৱাৰ তথা খিৰিকীৰ পৰ্দাৰ ৰং আৰু নক্সা নির্বাচন কৰিব লাগে। দিশ অনুসৰি পৰ্দাৰ ৰঙো বেলেগ বেলেগ হ'ব লাগিব। পশ্চিম দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং বগা হ'ব লাগে। পশ্চিম দিশৰ প্ৰধান উপাদান হ'ল ধাতু। এই দিশক প্রতিনিধিত্ব কৰা ৰং হৈছে বগা। 



পূব দিশৰ দুৱাৰ খিৰিকীত সেউজীয়া ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিব লাগে। সেউজীয়া ৰঙৰ পৰ্দাত আয়তাকাৰ নক্সা থাকিলে আৰু বেছি শুভ ফলদায়ক হয়। পূব দিশৰ ৰং হৈছে সেউজীয়া। উত্তৰ দিশৰ প্ৰধান উপাদান হৈছে পানী। উত্তৰ দিশৰ দুৱাৰ-খিৰিকীৰ পৰ্দাৰ ৰং নীলা অথবা সেউজীয়া হ'ব লাগে। দক্ষিণ দিশৰ উপাদান হৈছে অগ্নি। 

যাৰ বৰণ ৰঙা। সেইবাবে দক্ষিণ দিশৰ দুৱাৰ খিৰিকাৰ পৰ্দাৰ ৰং ৰঙা হ'ব লাগে। এনে ৰঙা পৰ্দাত ত্ৰিভূজাকৃতিৰ নক্সা থাকিলে আৰু বেছি শুভ ফল লাভ কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব