--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰ মানি চলিলে জীৱনত বহু উন্নতি কৰিব পাৰি। বহু সময়ত মানুহে ঘৰ সজাই তোলাৰ প্ৰক্ৰিয়াত এনে ভুল কৰে যাৰ ফলত বাস্তুৰ ডাঙৰ ডাঙৰ বিপদৰ আগমন ঘটে। ঘৰত তাজমহলৰ শ্ব’পিছ ৰখা বা তাজমহলৰ ফটো লগায় মানুহে। বাস্তুশাস্ত্ৰ অনুযায়ী এইটো বৰ ডাঙৰ ভুল। প্ৰেমৰ প্ৰতীক তাজমহল দেখাত বৰ ধুনীয়া যদিও ইয়াৰ ফটো বা শ্ব'পিচ ঘৰত ৰখা বা কাৰোবাক উপহাৰ হিচাপে দিয়াটো ভাল নহয়।

জানি লওক ইয়াৰ কাৰণ

তাজমহলে ঘৰত কঢ়িয়াই আনে নেতিবাচকতা

পত্নী মমতাজৰ মৃত্যুৰ পিছত শ্বাহজাহানে তেওঁৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। তাজমহল হৈছে মমতাজৰ সমাধি। হিন্দু ধৰ্মত কবৰস্থান বা সমাধিৰ ছবি ঘৰত ৰাখিলে ঘৰখনত নেতিবাচকতা আহে বুলি গণ্য কৰা হয়। গতিকে কেতিয়াও ঘৰত তাজমহলৰ ছবি নাৰাখিব বা তাৰ শ্ব’পিচ নাৰাখিব।

তাজমহল ৰাখিলে ঘৰত বাস্তুদোষৰ সৃষ্টি হয়

বাস্তুশাস্ত্ৰৰ মতে তাজমহল ঘৰত ৰাখিলে বাস্তুদোষৰ সৃষ্টি হয়, কিয়নো তাজমহল দুখ, সমাধি, মৃত্যুৰ লগত জড়িত। এই বাস্তুদোষে বহু সমস্যা কঢ়িয়াই আনে। ইয়াৰ ফলত ঘৰৰ মানুহৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়। ৰোগত আক্ৰান্ত হয়। আৰ্থিক লোকচান হয় বা আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়।

তাজমহলৰ ছবি বা শ্ব’পিচ কাকো উপহাৰ হিচাপে নিদিব

একেদৰে তাজমহলৰ ছবি বা শ্ব’পিচ কাকো উপহাৰ হিচাপে নিদিব। তেনে কৰাটো ভাল বুলি গণ্য কৰা নহয়। যদি কেতিয়াবা তাজমহল উপহাৰ হিচাপে পায় তেন্তে ঘৰলৈ নানিব। ইয়াক কেতিয়াও ঘৰত সজাব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ