--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাটাৰ চিকেন আৰু দাল মাখানীৰ নাম শুনিলেই মুখলৈ পানী আহে। এই ব্যঞ্জন দুবিধ ভাৰতত অতি জনপ্ৰিয়। কিন্তু এই ব্যঞ্জন দুবিধ কোনে প্ৰথমে বনাইছিল তাকে লৈ দিল্লীৰ দুখন ৰেস্তোৰাঁৰ মাজত সৃষ্টি হৈছে কাজিয়াৰ। এই কাজিয়া ইমানেই বাঢ়ি গৈছে যে বিষয়টো গৈ উচ্চ ন্যায়ালয়ত উপনীত হৈছে। এই কাজিয়া হৈছে মতী মহল আৰু দৰয়াগঞ্জ ৰেস্তোৰাঁৰ মাজত।

দৰাচলতে মতী মহল নামৰ ৰেস্তোৰাঁৰ মালিকে বাটাৰ চিকেনৰ উৎপত্তিৰ সন্দৰ্ভত এক সাক্ষাৎকাৰত কৰা কথিত অপমানজনক মন্তব্যৰ বিৰুদ্ধে দৰয়াগঞ্জ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।

বাটাৰ চিকেন আৰু দাল মাখানী প্ৰথমে বনাইছিল বুলি মতি মহল আৰু দৰয়াগঞ্জ দুয়োখন ৰেস্তোৰাঁই দাবী কৰি আহিছে। মতি মহলৰ স্বত্বাধিকাৰীয়ে তেওঁৰ পূৰ্বৰ প্ৰয়াত কুন্দন লাল গুজৰালে বাটাৰ চিকেন আৰু দাল মাখানী আৱিষ্কাৰ কৰা বুলি দাবী কৰি মামলা দাখিল কৰাৰ বিপৰীতে দৰয়াগঞ্জয়েও আদালতত মামলা দাখিল কৰিছে। 

বছৰ বছৰ ধৰি দুয়োখন ৰেস্তোৰাঁই বাটাৰ চিকেন আৰু দাল মাখানী আৱিষ্কাৰ কৰা বুলি দাবী কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে মতি মহলে দৰয়াগঞ্জৰ বিৰুদ্ধে আপত্তি দৰ্শাই দুয়োবিধ ব্যঞ্জনৰ ক্ৰেডিট লোৱাৰ লগতে মালিকীস্বত্ব দাবী কৰিছিল। দৰিয়াগঞ্জ ৰেস্তোৰাঁই এই কথা কোনোপধ্য মানি লোৱা নাই। সেয়েহে দুয়োখন ৰেস্তোৰাঁ এতিয়া আদালতৰ দাৰস্থ হৈছে। দেখা যাওক আদালতে কি ৰায় দিয়ে...

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ