--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচণ্ড চাপৰ মুখত পৰিছে মহুৱা মৈত্ৰ। ইডিয়ে পুনৰ মহুৱা  মৈত্ৰলৈ  চমন জাৰি কৰিছে।  কৃষ্ণনগৰৰ তৃণমূল কংগ্ৰেছৰ (টিএমচি) প্ৰাৰ্থী মৈত্ৰক  বৃহস্পতিবাৰে দিল্লীত হাজিৰ কোৱা হৈছে। মহুৱাৰ ব্যৱসায়িক 'বন্ধু' দৰ্শন হিৰানন্দনীকো মাতি পঠোৱা হৈছে। দুয়োগৰাকীকে  মুখামুখিকৈ প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

মহুৱা  মৈত্ৰক যোৱা বছৰ উৎকোচৰ বিনিময়ত প্ৰশ্ন সোধা গোচৰত সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল। লোকপালে মহুৱাৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। মহুৱা মৈত্ৰৰ বিৰুদ্ধে মুখ্য অভিযোগকাৰী বিজেপি সাংসদ নিশিকান্ত দুবেয়ো এই দাবী কৰিছিল। 

উল্লেখ্য  ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিশিকান্ত দুবেই দাবী কৰিছিল যে লোকপালে মহুৱা মৈত্ৰৰ বিৰুদ্ধে তেওঁৰ অভিযোগৰ ভিত্তিত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ  সৃষ্টি কৰাৰ অভিযোগত চিবিআই তদন্তৰ নিৰ্দেশ দিছে। ধনৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত  মহুৱাৰ ওপৰত অধিক  চাপ বৃদ্ধি পাব। 

সংসদৰ এথিক্স সমিতিয়ে  টিএমচি সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিছিল। ইয়াৰ পিছতে মহুৱাৰ সাংসদ পদ কৰ্তন কৰা হৈছিল।   টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই সংসদত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে ।  মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু  সুবিধা লৈছিল বুলি অভিযোগ উঠিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ