--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচণ্ড চাপৰ মুখত পৰিছে মহুৱা মৈত্ৰ। ইডিয়ে পুনৰ মহুৱা  মৈত্ৰলৈ  চমন জাৰি কৰিছে।  কৃষ্ণনগৰৰ তৃণমূল কংগ্ৰেছৰ (টিএমচি) প্ৰাৰ্থী মৈত্ৰক  বৃহস্পতিবাৰে দিল্লীত হাজিৰ কোৱা হৈছে। মহুৱাৰ ব্যৱসায়িক 'বন্ধু' দৰ্শন হিৰানন্দনীকো মাতি পঠোৱা হৈছে। দুয়োগৰাকীকে  মুখামুখিকৈ প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

মহুৱা  মৈত্ৰক যোৱা বছৰ উৎকোচৰ বিনিময়ত প্ৰশ্ন সোধা গোচৰত সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল। লোকপালে মহুৱাৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। মহুৱা মৈত্ৰৰ বিৰুদ্ধে মুখ্য অভিযোগকাৰী বিজেপি সাংসদ নিশিকান্ত দুবেয়ো এই দাবী কৰিছিল। 

উল্লেখ্য  ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিশিকান্ত দুবেই দাবী কৰিছিল যে লোকপালে মহুৱা মৈত্ৰৰ বিৰুদ্ধে তেওঁৰ অভিযোগৰ ভিত্তিত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ  সৃষ্টি কৰাৰ অভিযোগত চিবিআই তদন্তৰ নিৰ্দেশ দিছে। ধনৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত  মহুৱাৰ ওপৰত অধিক  চাপ বৃদ্ধি পাব। 

সংসদৰ এথিক্স সমিতিয়ে  টিএমচি সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিছিল। ইয়াৰ পিছতে মহুৱাৰ সাংসদ পদ কৰ্তন কৰা হৈছিল।   টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই সংসদত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে ।  মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু  সুবিধা লৈছিল বুলি অভিযোগ উঠিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ