--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত বিজেপিৰ প্ৰধান বিকল্প হিচাপে শেহতীয়াকৈ দ্ৰুত উত্থান ঘটাইছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে। প্ৰথমে দিল্লী, তাৰ পিছত পঞ্জাৱৰ ক্ষমতা দখল কৰাৰ পিছত এইবাৰ গুজৰাটতো শাসকীয় বিজেপিৰ সমুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আপে। ইতিমধ্যে সমগ্ৰ দেশতে ক্ৰমাৎ দলীয় ভেটি গঢ়ি তুলিবলৈ জোৰদাৰ প্ৰচেষ্টা চলাইছে দলটোৱে। পিছে দলীয় উত্থানৰ এই সময়ছোৱাতে আম আদমী পাৰ্টি এইবাৰ নিৰ্বাচন আয়োগৰ ৰোষত পৰিব নেকি, এনে এক প্ৰশ্ন অৱতাৰণা হৈছে দেশীয় ৰাজনীতিত। আম আদমী পাৰ্টিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ৫৬ গৰাকীকৈ অৱসৰপ্ৰাপ্ত আমোলা নিৰ্বাচন আয়োগৰ কাষ চাপিছে।  

চলিত বৰ্ষৰ শেষৰফালে গুজৰাটৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে ইতিমধ্যে আৰম্ভ কৰিছে জোৰদাৰ ৰাজনৈতিক প্ৰস্তুতি। কেজৰিৱালৰ লগতে দলৰ শীৰ্ষ নেতাসকল উবুৰি খাই পৰিছে নিৰ্বাচনমুখৰ ৰাজ্যখনত। এনে সময়তে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলক আপৰ হৈ কাম কৰিবলৈ দলটোৱে পৰোক্ষভাৱে হেঁচা দিয়া বুলি অভিযোগ কৰি ৫৬ গৰাকী প্ৰাক্তন আমোলাই ভাৰতৰ নিৰ্বাচন আয়োগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰযোগে এই প্ৰাক্তন চৰকাৰী বিষয়াসকলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত আম আদমী পাৰ্টিৰ স্বীকৃতি প্ৰত্যাহাৰ কৰিবলৈও অনুৰোধ জনাইছে। এই সন্দৰ্ভত কৰ্ণাটকৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম মদন গোপালে মন্তব্য কৰে যে ৰাজকোটত এক সংবাদমেলত কেজৰিৱালৰ ভাষ্য অত্যন্ত নিন্দনীয় আৰু সংবিধানত বিশ্বাস কৰা লোকসকল বিচলিত হৈ পৰিছে। এনে এক অসন্তুলিত আৰু বিতৰ্কিত মন্তব্য এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আশা কৰিব নোৱাৰি বুলি তেওঁ লগতে কয়।

"নিৰ্বাচনৰ আগতে প্ৰচাৰ কৰাটো তেওঁৰ অধিকাৰ। ৰাজহুৱা পৰিবহণ নিগমৰ চালক তথা পৰিচালক আৰু আৰক্ষী কৰ্মীসকলক এটা নিৰ্দিষ্ট দলৰ বাবে কাম কৰিবলৈ আবেদন জনাই তেওঁ ভুল কৰিছে। চৰকাৰী কৰ্মচাৰীসকলে এটা ৰাজনৈতিক দলৰ বাবে প্ৰচাৰ কৰিব নোৱাৰে। আমাৰ দেশত এক আচৰণ বিধি আছে আৰু ভাৰতৰ সংবিধানৰ প্ৰতি আমাৰ আনুগত্য আছে। গতিকে এনে কাৰ্য গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে ভাল নহয়।"— প্ৰাক্তন আমোলাগৰাকীয়ে লগতে কয়।

এম মদন গোপালে লগতে অৰবিন্দ কেজৰিৱাল ৰাজনৈতিক ক্ষেত্ৰলৈ অহাৰ পূৰ্বে এগৰাকী চৰকাৰী বিষয়া আছিল বুলি সোঁৱৰাই দি চৰকাৰী বিষয়া এগৰাকীয়ে কৰিব লগীয়া আৰু নকৰিলগীয়া কাৰ্য সম্পৰ্কে যথেষ্ট অৱগত হ’ব বুলি মন্তব্য কৰে আৰু এগৰাকী প্ৰাক্তন চৰকাৰী বিষয়া হিচাপে তেওঁ এখন সংবাদমেলত দায়িত্বহীনভাৱে কথা কোৱাটো ভুল বুলি উল্লেখ কৰে।

কেৱল আপ বুলিয়ে নহয়, প্ৰচাৰৰ সময়ত দেশৰ ৰাজনৈতিক দলবোৰৰ দায়িত্বহীন আচৰণ ভাল নহয় বুলি মন্তব্য কৰি আইনৰ শাসন আৰু ভাৰতৰ সংবিধানৰ ব্যৱস্থাসমূহত দৃঢ়ভাৱে বিশ্বাস কৰাসকলে ৰাজনৈতিক দলসমূহৰ দ্বাৰা নিয়ম উলংঘনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত আবেদন জনাইছে বুলি গোপালে লগতে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে। এনে প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি হোৱাৰ পূৰ্বে নিৰ্বাচন আয়োগে জাননী দিয়া উচিত আৰু এই ৰাজনৈতিক দলবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত বুলি তেওঁ লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ