--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত বিজেপিৰ প্ৰধান বিকল্প হিচাপে শেহতীয়াকৈ দ্ৰুত উত্থান ঘটাইছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে। প্ৰথমে দিল্লী, তাৰ পিছত পঞ্জাৱৰ ক্ষমতা দখল কৰাৰ পিছত এইবাৰ গুজৰাটতো শাসকীয় বিজেপিৰ সমুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আপে। ইতিমধ্যে সমগ্ৰ দেশতে ক্ৰমাৎ দলীয় ভেটি গঢ়ি তুলিবলৈ জোৰদাৰ প্ৰচেষ্টা চলাইছে দলটোৱে। পিছে দলীয় উত্থানৰ এই সময়ছোৱাতে আম আদমী পাৰ্টি এইবাৰ নিৰ্বাচন আয়োগৰ ৰোষত পৰিব নেকি, এনে এক প্ৰশ্ন অৱতাৰণা হৈছে দেশীয় ৰাজনীতিত। আম আদমী পাৰ্টিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ৫৬ গৰাকীকৈ অৱসৰপ্ৰাপ্ত আমোলা নিৰ্বাচন আয়োগৰ কাষ চাপিছে।  

চলিত বৰ্ষৰ শেষৰফালে গুজৰাটৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে ইতিমধ্যে আৰম্ভ কৰিছে জোৰদাৰ ৰাজনৈতিক প্ৰস্তুতি। কেজৰিৱালৰ লগতে দলৰ শীৰ্ষ নেতাসকল উবুৰি খাই পৰিছে নিৰ্বাচনমুখৰ ৰাজ্যখনত। এনে সময়তে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলক আপৰ হৈ কাম কৰিবলৈ দলটোৱে পৰোক্ষভাৱে হেঁচা দিয়া বুলি অভিযোগ কৰি ৫৬ গৰাকী প্ৰাক্তন আমোলাই ভাৰতৰ নিৰ্বাচন আয়োগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰযোগে এই প্ৰাক্তন চৰকাৰী বিষয়াসকলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত আম আদমী পাৰ্টিৰ স্বীকৃতি প্ৰত্যাহাৰ কৰিবলৈও অনুৰোধ জনাইছে। এই সন্দৰ্ভত কৰ্ণাটকৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম মদন গোপালে মন্তব্য কৰে যে ৰাজকোটত এক সংবাদমেলত কেজৰিৱালৰ ভাষ্য অত্যন্ত নিন্দনীয় আৰু সংবিধানত বিশ্বাস কৰা লোকসকল বিচলিত হৈ পৰিছে। এনে এক অসন্তুলিত আৰু বিতৰ্কিত মন্তব্য এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আশা কৰিব নোৱাৰি বুলি তেওঁ লগতে কয়।

"নিৰ্বাচনৰ আগতে প্ৰচাৰ কৰাটো তেওঁৰ অধিকাৰ। ৰাজহুৱা পৰিবহণ নিগমৰ চালক তথা পৰিচালক আৰু আৰক্ষী কৰ্মীসকলক এটা নিৰ্দিষ্ট দলৰ বাবে কাম কৰিবলৈ আবেদন জনাই তেওঁ ভুল কৰিছে। চৰকাৰী কৰ্মচাৰীসকলে এটা ৰাজনৈতিক দলৰ বাবে প্ৰচাৰ কৰিব নোৱাৰে। আমাৰ দেশত এক আচৰণ বিধি আছে আৰু ভাৰতৰ সংবিধানৰ প্ৰতি আমাৰ আনুগত্য আছে। গতিকে এনে কাৰ্য গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে ভাল নহয়।"— প্ৰাক্তন আমোলাগৰাকীয়ে লগতে কয়।

এম মদন গোপালে লগতে অৰবিন্দ কেজৰিৱাল ৰাজনৈতিক ক্ষেত্ৰলৈ অহাৰ পূৰ্বে এগৰাকী চৰকাৰী বিষয়া আছিল বুলি সোঁৱৰাই দি চৰকাৰী বিষয়া এগৰাকীয়ে কৰিব লগীয়া আৰু নকৰিলগীয়া কাৰ্য সম্পৰ্কে যথেষ্ট অৱগত হ’ব বুলি মন্তব্য কৰে আৰু এগৰাকী প্ৰাক্তন চৰকাৰী বিষয়া হিচাপে তেওঁ এখন সংবাদমেলত দায়িত্বহীনভাৱে কথা কোৱাটো ভুল বুলি উল্লেখ কৰে।

কেৱল আপ বুলিয়ে নহয়, প্ৰচাৰৰ সময়ত দেশৰ ৰাজনৈতিক দলবোৰৰ দায়িত্বহীন আচৰণ ভাল নহয় বুলি মন্তব্য কৰি আইনৰ শাসন আৰু ভাৰতৰ সংবিধানৰ ব্যৱস্থাসমূহত দৃঢ়ভাৱে বিশ্বাস কৰাসকলে ৰাজনৈতিক দলসমূহৰ দ্বাৰা নিয়ম উলংঘনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত আবেদন জনাইছে বুলি গোপালে লগতে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে। এনে প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি হোৱাৰ পূৰ্বে নিৰ্বাচন আয়োগে জাননী দিয়া উচিত আৰু এই ৰাজনৈতিক দলবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত বুলি তেওঁ লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু