--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঘৰৰ পৰা ওলাই আহোঁতে বহু সময়ত বাটত বহু বস্তু পৰি থকা দেখিবলৈ পাওঁ। প্ৰায়ে সকলো মানুহেই এনে অদ্ভুত বস্তু দেখাৰ পিছত নিজৰ বাট সলনি কৰে বা তাৰ পৰা আঁতৰি যায়। ৰাস্তাত পৰি থকা কিছুমান বস্তু দেখিলে কেতিয়াও তাৰ ওপৰেৰে পাৰ হব নালাগে বা গচকিব নালাগে। তেনে বস্তুৰ ওপৰেৰে পাৰ হলে মানুহৰ জীৱনত অদ্ভুত ঘটনা ঘটিবলৈ বেছি সময় নালাগে আৰু তেওঁলোকৰ জীৱনটো নৰকৰ দৰে হৈ পৰে। আজি আমি আপোনালোকক ক'ম যে ৰাস্তাত পৰি থকা কোন ৫ টা বস্তু দেখিলে সাৱধান হব লাগে।

১) বাটত ৰখা খাদ্যৰ ওপৰেৰে কেতিয়াও পাৰ নহ’বঃ যদি আপুনি ৰাস্তা বা আন ঠাইত খাদ্যৰ প্লেট দেখা পায় তেন্তে ভুলত তাৰ ওপৰেৰে পাৰ হ’ব নালাগে বা স্পৰ্শ কৰিব নালাগে। এই ধৰণৰ খাদ্য পূৰ্বপুৰুষৰ বাবে ৰখা হয়। ইয়াৰ ওপৰেৰে স্পৰ্শ বা পাৰ হ’লে জীৱনত বহুত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২) চুলিৰ থোপাঃ  ৰাস্তাত খোজ কাঢ়ি গৈ থাকোঁতে যদি চুলিৰ থোপা দেখা যায়, তেন্তে ইয়াক বেয়া শংকা বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে চুলিৰ থোপা ৰাহুৰ লগত সম্পৰ্কিত। গতিকে ৰাস্তাত চুলিৰ থোপা দেখা পালে পাৰ নহ’ব বা ভৰি নলগাব। 

৩) ঘোঁৰাৰ নাল আৰু গজালঃ  বাটত লোহাৰ গজাল বা ঘোঁৰাৰ নাল দেখা পালে পৰিহাৰ কৰক। বহুতে নিজৰ ঘৰৰ নেতিবাচক শক্তিক খেদি পঠিয়াবলৈ এনে বস্তুত যাদু কৰি এইবোৰ বাটত পেলাই দিয়ে। সেইবাবেই এইবোৰ বস্তুৰ ওপৰেৰে পাৰ হোৱা উচিত নহয়।

৪) ভাঙি থোৱা মাটিৰ মলা আৰু পূজাৰ সামগ্ৰীঃ আপুনি নিশ্চয় ৰাস্তাত কেতিয়াবা ভাঙি থোৱা মাটিৰ মলা আৰু তাৰ লগত থকা অন্যান্য সামগ্ৰী দেখিবলৈ পাইছে। এইবোৰৰ ওপৰেৰে ভুলতো পাৰ নহ’ব আৰু নগচকিব। জীৱন হৈ পৰিব ভয়ংকৰ। ইয়াৰ লগতে কেতিয়াবা পূজাৰ সামগ্ৰী ৰাস্তাত পৰি থকা দেখা যায়, সেই সামগ্ৰীৰ ওপৰত কেতিয়াও উজুটিয়াব নালাগে বা পাৰ হ’ব নালাগে। এই ভুল কৰিলে তাৰ বোজা গোটেই পৰিয়ালে বহন কৰিবলগীয়া হয়।

৫) নেমু-জলকীয়াঃ অনেক মানুহে প্ৰায়ে নেমু আৰু জলকীয়া ওলোমাই ঘৰখন আৰু দোকান আদিক অশুভ দৃষ্টিৰ বচায়। এই কাম কৰি তেওঁলোকে নিজৰ লগতে ঘৰখন, ব্যৱসায় প্ৰতিষ্ঠান আদিক নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে। বাটত যদি ক’ৰবাত নেমু আৰু জলকীয়া এনেকৈ পৰি থকা দেখা পায় তেন্তে কেতিয়াও পাৰ হৈ যাব। ইয়াৰ ফলত আপুনি বিপদত পৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু