--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঘৰৰ পৰা ওলাই আহোঁতে বহু সময়ত বাটত বহু বস্তু পৰি থকা দেখিবলৈ পাওঁ। প্ৰায়ে সকলো মানুহেই এনে অদ্ভুত বস্তু দেখাৰ পিছত নিজৰ বাট সলনি কৰে বা তাৰ পৰা আঁতৰি যায়। ৰাস্তাত পৰি থকা কিছুমান বস্তু দেখিলে কেতিয়াও তাৰ ওপৰেৰে পাৰ হব নালাগে বা গচকিব নালাগে। তেনে বস্তুৰ ওপৰেৰে পাৰ হলে মানুহৰ জীৱনত অদ্ভুত ঘটনা ঘটিবলৈ বেছি সময় নালাগে আৰু তেওঁলোকৰ জীৱনটো নৰকৰ দৰে হৈ পৰে। আজি আমি আপোনালোকক ক'ম যে ৰাস্তাত পৰি থকা কোন ৫ টা বস্তু দেখিলে সাৱধান হব লাগে।

১) বাটত ৰখা খাদ্যৰ ওপৰেৰে কেতিয়াও পাৰ নহ’বঃ যদি আপুনি ৰাস্তা বা আন ঠাইত খাদ্যৰ প্লেট দেখা পায় তেন্তে ভুলত তাৰ ওপৰেৰে পাৰ হ’ব নালাগে বা স্পৰ্শ কৰিব নালাগে। এই ধৰণৰ খাদ্য পূৰ্বপুৰুষৰ বাবে ৰখা হয়। ইয়াৰ ওপৰেৰে স্পৰ্শ বা পাৰ হ’লে জীৱনত বহুত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২) চুলিৰ থোপাঃ  ৰাস্তাত খোজ কাঢ়ি গৈ থাকোঁতে যদি চুলিৰ থোপা দেখা যায়, তেন্তে ইয়াক বেয়া শংকা বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে চুলিৰ থোপা ৰাহুৰ লগত সম্পৰ্কিত। গতিকে ৰাস্তাত চুলিৰ থোপা দেখা পালে পাৰ নহ’ব বা ভৰি নলগাব। 

৩) ঘোঁৰাৰ নাল আৰু গজালঃ  বাটত লোহাৰ গজাল বা ঘোঁৰাৰ নাল দেখা পালে পৰিহাৰ কৰক। বহুতে নিজৰ ঘৰৰ নেতিবাচক শক্তিক খেদি পঠিয়াবলৈ এনে বস্তুত যাদু কৰি এইবোৰ বাটত পেলাই দিয়ে। সেইবাবেই এইবোৰ বস্তুৰ ওপৰেৰে পাৰ হোৱা উচিত নহয়।

৪) ভাঙি থোৱা মাটিৰ মলা আৰু পূজাৰ সামগ্ৰীঃ আপুনি নিশ্চয় ৰাস্তাত কেতিয়াবা ভাঙি থোৱা মাটিৰ মলা আৰু তাৰ লগত থকা অন্যান্য সামগ্ৰী দেখিবলৈ পাইছে। এইবোৰৰ ওপৰেৰে ভুলতো পাৰ নহ’ব আৰু নগচকিব। জীৱন হৈ পৰিব ভয়ংকৰ। ইয়াৰ লগতে কেতিয়াবা পূজাৰ সামগ্ৰী ৰাস্তাত পৰি থকা দেখা যায়, সেই সামগ্ৰীৰ ওপৰত কেতিয়াও উজুটিয়াব নালাগে বা পাৰ হ’ব নালাগে। এই ভুল কৰিলে তাৰ বোজা গোটেই পৰিয়ালে বহন কৰিবলগীয়া হয়।

৫) নেমু-জলকীয়াঃ অনেক মানুহে প্ৰায়ে নেমু আৰু জলকীয়া ওলোমাই ঘৰখন আৰু দোকান আদিক অশুভ দৃষ্টিৰ বচায়। এই কাম কৰি তেওঁলোকে নিজৰ লগতে ঘৰখন, ব্যৱসায় প্ৰতিষ্ঠান আদিক নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে। বাটত যদি ক’ৰবাত নেমু আৰু জলকীয়া এনেকৈ পৰি থকা দেখা পায় তেন্তে কেতিয়াও পাৰ হৈ যাব। ইয়াৰ ফলত আপুনি বিপদত পৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২