--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা সুনীল ছেট্টীয়ে মঙলবাৰে (৯ মে’) ছুইগি আৰু জ’মেটোৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ মুকলি কৰে নতুন ফুড ডেলিভাৰী এপ ‘বায়ু’। এই ফুড ডেলিভাৰী এপৰ লক্ষ্য হৈছে শূন্য কমিচন প্লেটফৰ্মৰ সৈতে ৰেষ্টুৰেণ্টসমূহ প্ৰদান কৰা।

‘বায়ু’ এপটো বনাইছে অনিৰুদ্ধ কোটগিৰে আৰু মন্দাৰ লেণ্ডেই। ‘বায়ু’ এপটোৱে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে কোনো কমিচন অবিহনে খাদ্য ডেলিভাৰীৰ বাবে অৰ্ডাৰ ল’গ কৰাত সহায় কৰিব। বৰ্তমান এই এপটোৰ সেৱা কেৱল মুম্বাইতে আৰম্ভ হৈছে।

এই এপটোত মুম্বাইৰ কেইবাখনো হোটেল আৰু ৰেষ্টুৰেণ্ট অনব’ৰ্ড কৰা হৈছে। য’ত আছে মহেশ লাঞ্চ হোম, ভগত তাৰচান্দ, বানানা লীফ, শিৱ সাগৰ, গুৰু কৃপা, কীৰ্তি মহল, ফাৰ্চী দৰবাৰ আৰু লাডু সম্ৰাটকে ধৰি বহু ৰেষ্টুৰেণ্ট।

‘বায়ু’ক সহযোগ কৰিছে মুম্বাইৰ ইণ্ডিয়ান হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনে। মুম্বাই বিএমচি, মীৰা ভয়ান্দৰ, নৱী মুম্বাই, থানে, পুনে, পালঘৰ আদিৰ বেছিভাগ ঠাইৰ ৰেষ্টুৰেণ্টো অনবৰ্ডিং কৰি আছে এই এপটোৱে। বৰ্তমান এই এপটোত ১৫০০ৰো অধিক ৰেষ্টুৰেণ্ট পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰ ২৫ হাজাৰতকৈ অধিক ডাউনলোডাৰ আছে।

মেট্ৰ’ আৰু নন-মেট্ৰ’ চহৰতো সেৱা আৰম্ভ কৰিব কোম্পানীটোৱে।কোম্পানীটোৱে অন্যান্য মেট্ৰ’ আৰু নন-মেট্ৰ’ চহৰলৈও নিজৰ সেৱা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। এই কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ সুনীল ছেট্টী। কেৱল এয়াই নহয়, তেওঁ কোম্পানীটোৰ বিনিয়োগকাৰীও।

বৰ্তমান এই এপটোৱে সকলো আউটলেটৰ পৰা নিৰ্দিষ্ট মাচুল হিচাপে প্ৰতিমাহে ১০০০ টকা লৈছে। এই মাচুল পাছত ২০০০ টকালৈ বৃদ্ধি কৰিব পাৰিব। কেৱল এয়াই নহয়, এই এপটোৱে ডিজিটেল কমাৰ্চৰ বাবে মুক্ত নেটৱৰ্ক (ONDC)ৰ সৈতেও জড়িত হোৱাৰ পৰিকল্পনা কৰিছে।

অভিনেতাগৰাকীয়ে কয় যে ২০২৩ চনত তেওঁ আৰু বহু ষ্টাৰ্টআপত বিনিয়োগ কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি