--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা সুনীল ছেট্টীয়ে মঙলবাৰে (৯ মে’) ছুইগি আৰু জ’মেটোৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ মুকলি কৰে নতুন ফুড ডেলিভাৰী এপ ‘বায়ু’। এই ফুড ডেলিভাৰী এপৰ লক্ষ্য হৈছে শূন্য কমিচন প্লেটফৰ্মৰ সৈতে ৰেষ্টুৰেণ্টসমূহ প্ৰদান কৰা।

‘বায়ু’ এপটো বনাইছে অনিৰুদ্ধ কোটগিৰে আৰু মন্দাৰ লেণ্ডেই। ‘বায়ু’ এপটোৱে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে কোনো কমিচন অবিহনে খাদ্য ডেলিভাৰীৰ বাবে অৰ্ডাৰ ল’গ কৰাত সহায় কৰিব। বৰ্তমান এই এপটোৰ সেৱা কেৱল মুম্বাইতে আৰম্ভ হৈছে।

এই এপটোত মুম্বাইৰ কেইবাখনো হোটেল আৰু ৰেষ্টুৰেণ্ট অনব’ৰ্ড কৰা হৈছে। য’ত আছে মহেশ লাঞ্চ হোম, ভগত তাৰচান্দ, বানানা লীফ, শিৱ সাগৰ, গুৰু কৃপা, কীৰ্তি মহল, ফাৰ্চী দৰবাৰ আৰু লাডু সম্ৰাটকে ধৰি বহু ৰেষ্টুৰেণ্ট।

‘বায়ু’ক সহযোগ কৰিছে মুম্বাইৰ ইণ্ডিয়ান হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনে। মুম্বাই বিএমচি, মীৰা ভয়ান্দৰ, নৱী মুম্বাই, থানে, পুনে, পালঘৰ আদিৰ বেছিভাগ ঠাইৰ ৰেষ্টুৰেণ্টো অনবৰ্ডিং কৰি আছে এই এপটোৱে। বৰ্তমান এই এপটোত ১৫০০ৰো অধিক ৰেষ্টুৰেণ্ট পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰ ২৫ হাজাৰতকৈ অধিক ডাউনলোডাৰ আছে।

মেট্ৰ’ আৰু নন-মেট্ৰ’ চহৰতো সেৱা আৰম্ভ কৰিব কোম্পানীটোৱে।কোম্পানীটোৱে অন্যান্য মেট্ৰ’ আৰু নন-মেট্ৰ’ চহৰলৈও নিজৰ সেৱা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। এই কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ সুনীল ছেট্টী। কেৱল এয়াই নহয়, তেওঁ কোম্পানীটোৰ বিনিয়োগকাৰীও।

বৰ্তমান এই এপটোৱে সকলো আউটলেটৰ পৰা নিৰ্দিষ্ট মাচুল হিচাপে প্ৰতিমাহে ১০০০ টকা লৈছে। এই মাচুল পাছত ২০০০ টকালৈ বৃদ্ধি কৰিব পাৰিব। কেৱল এয়াই নহয়, এই এপটোৱে ডিজিটেল কমাৰ্চৰ বাবে মুক্ত নেটৱৰ্ক (ONDC)ৰ সৈতেও জড়িত হোৱাৰ পৰিকল্পনা কৰিছে।

অভিনেতাগৰাকীয়ে কয় যে ২০২৩ চনত তেওঁ আৰু বহু ষ্টাৰ্টআপত বিনিয়োগ কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে