--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি হৈ গ’ল কৰ্ণাটক নিৰ্বাচন। ৰাজ্যখনৰ ২২৪টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। অহা শনিবাৰে (১৩ মে’) প্ৰকাশ পাব ফলাফল। কিন্তু কোনে শেষ হাঁহি মাৰিব নিৰ্বাচনত? দেশৰ সংবাদ মাধ্যমে কাক আগস্থান দিছে, চাওঁ আহকঃ

ৰিপাব্লিক টিভিঃ কংগ্ৰেছে লাভ কৰিব ৯৪ৰ পৰা ১০৮খন আসন। আনহাতে, শাসকীয় বিজেপিয়ে হয়তো ৮৫-১০০ আসন পাব পাৰে। তেনে ক্ষেত্ৰত চৰকাৰ গঠনৰ বাবে কিং মেকাৰ হ’বলৈ আগবঢ়া জেডিএছৰ প্ৰয়োজন হ’ব পাৰে। জেডিএছে পাব পাৰে ২৪ৰ পৰা ৩২খন আসন। আনসকলে ২-৬খন আসন পাব বুলি সমীক্ষাত প্ৰকাশ পাইছে।

এছিয়ানেট নিউজ-জান কী বাতঃ বিজেপিয়ে ৯৪-১১৭খন আসন লাভ কৰিব পাৰে। কংগ্ৰেছে ৯১-১০৮খন আসন লাভ কৰিব পাৰে। জেডিএছে লাভ কৰিব পাৰে  ১৪-২৪খন আসন। নিৰ্দলীয় প্ৰাৰ্থীয়ে সৰ্বাধিক দুখন আসন লাভ কৰিব পাৰিব।

টিভি নাইন ইণ্ডিয়া- প’লষ্ট্ৰেট বুথ প’ল: কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ সম্ভাৱনা। লাভ কৰিব পাৰে ৯৯-১০৯খন আসন। বিজেপিয়ে দখল কৰিব পাৰে ৮৮-৯৮খন আসন। জেডিএছে পাব পাৰে ২১-২৬খন আসন। অন্যান্যই  সৰ্বাধিক চাৰিখন আসন গ্ৰহণ কৰিব পাৰে।

জি নিউজ-মেট্ৰিক্স বুথ ৰিটাৰ্ণ চাৰ্ভে: কংগ্ৰেছে ১০৩-১১৮খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপিলৈ যাব পাৰে ৭৯-৯৪ খন আসন। জেডিএছত ২৫-৩৩খন আসন থাকিব পাৰে। নিৰ্দলীয়ই পাব পাৰে দুখন বা পাঁচখন আসন।

জি নিউজ-মেট্ৰিক্স বুথৰ ৰিটাৰ্ণ জৰীপৰ মতে কৰ্ণাটকত ত্ৰিকোণীয় বিধানসভা হ’ব অৰ্থাৎ কোনো দলেই অকলে ‘মেজিক’ ফিগাৰ পাৰ নহয়। কংগ্ৰেছ হ’ব পাৰে একক বৃহত্তম দল।

ইণ্ডিয়া টুডে-এক্সিছ মাই সমীক্ষাঃ উপকূলীয় কৰ্ণাটকত কংগ্ৰেছৰ ৪০ ​​শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপিয়ে পাব পাৰে ৫০ শতাংশ ভোট। জেডিএছে ছয় শতাংশ আৰু আনসকলে চাৰি শতাংশ ভোট লাভ কৰিব পাৰে।

ইণ্ডিয়া টুডে-অক্ষ মাই ইণ্ডিয়া বুথ ৰিটাৰ্ণ জৰীপ মতে উপকূলীয় কৰ্ণাটকত কংগ্ৰেছে তিনিখন আসন লাভ কৰাৰ সম্ভাৱনা আছে।  বিজেপিয়ে ইয়াত ১৬খন আসন দখল কৰিব পাৰে। এই অঞ্চলত বিজেপি সদায় শক্তিশালী হৈ আহিছে।

উল্লেখ্য যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আছিল একক বৃহত্তম দল। দলটো ১০৪খন আসনত জয়ী হয়। কংগ্ৰেছে ৮০খন আসন লাভ কৰে। জেডি(এছ)ই ৩৭খন আসনত জয়লাভ কৰে। নিৰ্দলীয়, বিএছপি আৰু কৰ্ণাটক প্ৰজ্ঞাবন্ত জনতা পাৰ্টিয়ে এখনকৈ আসন লাভ কৰে। অৰ্থাৎ কোনো দলেই ‘মেজিক ফিগাৰ’ (১১৩) পাৰ হ’ব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু