--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি হৈ গ’ল কৰ্ণাটক নিৰ্বাচন। ৰাজ্যখনৰ ২২৪টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। অহা শনিবাৰে (১৩ মে’) প্ৰকাশ পাব ফলাফল। কিন্তু কোনে শেষ হাঁহি মাৰিব নিৰ্বাচনত? দেশৰ সংবাদ মাধ্যমে কাক আগস্থান দিছে, চাওঁ আহকঃ

ৰিপাব্লিক টিভিঃ কংগ্ৰেছে লাভ কৰিব ৯৪ৰ পৰা ১০৮খন আসন। আনহাতে, শাসকীয় বিজেপিয়ে হয়তো ৮৫-১০০ আসন পাব পাৰে। তেনে ক্ষেত্ৰত চৰকাৰ গঠনৰ বাবে কিং মেকাৰ হ’বলৈ আগবঢ়া জেডিএছৰ প্ৰয়োজন হ’ব পাৰে। জেডিএছে পাব পাৰে ২৪ৰ পৰা ৩২খন আসন। আনসকলে ২-৬খন আসন পাব বুলি সমীক্ষাত প্ৰকাশ পাইছে।

এছিয়ানেট নিউজ-জান কী বাতঃ বিজেপিয়ে ৯৪-১১৭খন আসন লাভ কৰিব পাৰে। কংগ্ৰেছে ৯১-১০৮খন আসন লাভ কৰিব পাৰে। জেডিএছে লাভ কৰিব পাৰে  ১৪-২৪খন আসন। নিৰ্দলীয় প্ৰাৰ্থীয়ে সৰ্বাধিক দুখন আসন লাভ কৰিব পাৰিব।

টিভি নাইন ইণ্ডিয়া- প’লষ্ট্ৰেট বুথ প’ল: কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ সম্ভাৱনা। লাভ কৰিব পাৰে ৯৯-১০৯খন আসন। বিজেপিয়ে দখল কৰিব পাৰে ৮৮-৯৮খন আসন। জেডিএছে পাব পাৰে ২১-২৬খন আসন। অন্যান্যই  সৰ্বাধিক চাৰিখন আসন গ্ৰহণ কৰিব পাৰে।

জি নিউজ-মেট্ৰিক্স বুথ ৰিটাৰ্ণ চাৰ্ভে: কংগ্ৰেছে ১০৩-১১৮খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপিলৈ যাব পাৰে ৭৯-৯৪ খন আসন। জেডিএছত ২৫-৩৩খন আসন থাকিব পাৰে। নিৰ্দলীয়ই পাব পাৰে দুখন বা পাঁচখন আসন।

জি নিউজ-মেট্ৰিক্স বুথৰ ৰিটাৰ্ণ জৰীপৰ মতে কৰ্ণাটকত ত্ৰিকোণীয় বিধানসভা হ’ব অৰ্থাৎ কোনো দলেই অকলে ‘মেজিক’ ফিগাৰ পাৰ নহয়। কংগ্ৰেছ হ’ব পাৰে একক বৃহত্তম দল।

ইণ্ডিয়া টুডে-এক্সিছ মাই সমীক্ষাঃ উপকূলীয় কৰ্ণাটকত কংগ্ৰেছৰ ৪০ ​​শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপিয়ে পাব পাৰে ৫০ শতাংশ ভোট। জেডিএছে ছয় শতাংশ আৰু আনসকলে চাৰি শতাংশ ভোট লাভ কৰিব পাৰে।

ইণ্ডিয়া টুডে-অক্ষ মাই ইণ্ডিয়া বুথ ৰিটাৰ্ণ জৰীপ মতে উপকূলীয় কৰ্ণাটকত কংগ্ৰেছে তিনিখন আসন লাভ কৰাৰ সম্ভাৱনা আছে।  বিজেপিয়ে ইয়াত ১৬খন আসন দখল কৰিব পাৰে। এই অঞ্চলত বিজেপি সদায় শক্তিশালী হৈ আহিছে।

উল্লেখ্য যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আছিল একক বৃহত্তম দল। দলটো ১০৪খন আসনত জয়ী হয়। কংগ্ৰেছে ৮০খন আসন লাভ কৰে। জেডি(এছ)ই ৩৭খন আসনত জয়লাভ কৰে। নিৰ্দলীয়, বিএছপি আৰু কৰ্ণাটক প্ৰজ্ঞাবন্ত জনতা পাৰ্টিয়ে এখনকৈ আসন লাভ কৰে। অৰ্থাৎ কোনো দলেই ‘মেজিক ফিগাৰ’ (১১৩) পাৰ হ’ব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে