--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্ঘটনা অথবা আন বহু প্ৰাকৃতিক দুৰ্যোগতকৈও ভয়াৱহ হৈ উঠিছে বায়ু প্ৰদূৰ্ষণ ৷ বায়ু প্ৰদূৰ্ষণৰ ফলতে এতিয়া বিশ্বৰ প্ৰায় সকলো দেশতে মানুহৰ আয়ূস বহু খিনি কমি গৈছে৷ শেহতীয়া গৱেষণা তথা সমীক্ষাই সেই কথাই প্ৰকাশ কৰিছে৷ 

প্ৰদূষণ  মানৱ স্বাস্থ্যৰ বাবে বিশ্বৰ আটাইতকৈ ডাঙৰ বিপদাশংকা হিচাবে থিয় দিছে। পৰিসংখ্যাত প্ৰকাশ পোৱা তথ্য অনুসৰি  বিশ্বব্যাপী বায়ু প্ৰদূষণে মানুহৰ ২.২ বছৰকৈ আয়ুস হ্ৰাস কৰিছে।এইচ.আই.ভি./এইডছতকৈ ছয় গুণ আৰু সন্ত্ৰাসবাদতকৈ ৮৯ গুণে বেছি  এই প্ৰদূষণৰ মাৰক ক্ষমতা।বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত  প্ৰদূষণে ভাৰতীয় লোকৰ স্বাস্থ্যৰ প্ৰতি  সৰ্বাধিক বিপদ নমাই আনিছে।   ২০১৩ চনৰ পৰা বিশ্বৰ মুঠ প্ৰদূষণৰ ৪৪  শতাংশ কেৱল ভাৰতৰ পৰাই হৈছে বুলি বিভিন্ন প্ৰতিবেদন প্ৰকাশ পাইছে৷
যদি প্ৰদূষণৰ এনে স্তৰ অব্যাহত থাকে তেন্তে ভাৰতীয় লোকে কমেও পাঁচ বছৰৰ আয়ুস হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰা হৈছে।

১৯৯৮  চনৰ পৰা ভাৰতৰ বতাহত  গড় বাৰ্ষিক প্ৰদূষণ  সৃষ্টিকাৰী কণিকা  ৬১.৪  শতাংশ বৃদ্ধি হৈছে। অধ্যয়নটোৱে ভাৰতত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে যোৱা দুটা দশকত ঔদ্যোগিকৰণ, অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিকে দায়ী কৰিছে।  অধ্যয়নটোত কোৱা হৈছে যে বৰ্তমানৰ প্ৰদূষণৰ স্তৰ অব্যাহত থাকিলে ভাৰত-গাঙ্গেয় সমভূমিৰ ৫১০ নিযুত বাসিন্দাই গড়ে ৭.৬ বছৰৰ আয়ুস হেৰুৱাব পাৰে। 

লক্ষ্ণৌৰ বাসিন্দাসকলে ৯.৫ বছৰৰ আয়ুস হেৰুৱাব লগীয়া হ’ব পাৰে। একেদৰে উত্তৰ প্ৰদেশত ৮.২ বছৰ, বিহাৰত ৭.৯ বছৰ, পশ্চিম বংগত ৫.৯ বছৰ আৰু ৰাজস্থানত ৪.৮ বছৰ সেই ৰাজ্যসমূহৰ মানুহে হেৰুৱা লাগিব বুলি আশংকা ব্যক্ত কৰিছে সমীক্ষকসকলে। প্ৰদূষণ ৰোধ কৰাৰ বাবে সচেতন হ’ব লাগিব চৰকাৰ আৰু দেশৰ জনতা৷ অধিক হাৰত গছ ৰোপনে প্ৰদূৰ্ষণ ভালে খিনি কমাই ৰাখিব পাৰে৷ বাৰিষা কালটো বৃক্ষৰোপনৰ বাবে উপযুক্ত সময়৷ বৃক্ষৰোপন কৰিলে ভৱিষ্যতৰ বাবে সম্পদ সৃষ্টি হোৱাৰ লগতে প্ৰদূৰ্ষণো হ্ৰাস কৰিব পৰা যাব৷ সেয়ে এই বাৰিষাতে বৃক্ষৰোপনৰ সংকল্প লওঁ আহক৷  এয়া হ’ব পাৰে প্ৰদূষণ নিয়ন্ত্ৰণত আমাৰ এক সামান্য অৱদান৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল