--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী মন্তব্যৰ বাবে আদালতে দোষী সাৱস্ত্য কৰাৰ পিছতে সাংসদ পদ হেৰুৱাবলগীয়া হৈছিল ৰাহুল গান্ধীয়ে। ইয়াৰ পিছতে অৱধাৰিতভাবে ৰাহুল গান্ধীক দিল্লীৰ চৰকাৰী বাসভৱন এৰিবলৈ জাননী জাৰি কৰা হৈছে। কিন্তু নিজৰ বুলিবলৈ কোনো ঘৰ নথকা ৰাহুল গান্ধীয়ে চৰকাৰী ঘৰ ত্যাগ কৰাৰ পিছত ক’লৈ যাব তাকেলৈ এতিয়া চৰ্চা চলিছে।

এনে সময়তে ৰাহুল গান্ধীক মন্দিৰত থকাৰ বাবে আহ্বান জনালে সাধুৱে। এইবাৰ, ৰাহুলক অযোধ্যাৰ পবিত্ৰ হনুমানগড়ী মন্দিৰত বাস কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।সঞ্জয় দাস হনুমানগড়ীৰ মুখ্য পুৰোহিত মহন্ত জ্ঞান দাসৰ উত্তৰাধিকাৰী। সঞ্জয় দাস সংকটমোচন সেনাৰ ৰাষ্ট্ৰীয় সভাপতিও। 

সাধু সঞ্জয় দাসে কয় "অযোধ্যাৰ মহান সাধু সকলৰ হৈ আমি ৰাহুল গান্ধীক স্বাগতম জনাইছো। তেওঁ ইয়ালৈ আহি প্ৰাৰ্থনা কৰিব পাৰে। কেৱল সেয়াই নহয়, ইয়াত বহু আশ্ৰম আছে। ৰাহুল গান্ধীয়ে বিচাৰিলে যিকোনো আশ্ৰমত থাকিব পাৰে । আমি সুখী হম। "ইয়াৰ পূৰ্বে, ভাৰত জোড়ো  যাত্ৰাৰ সময়ত ৰাহুলে তেওঁৰ কাষত অযোধ্যাৰ আন এগৰাকী মহন্তক বিচাৰি পাইছিল। অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য পুৰোহিত ততয়েন্দ্ৰ দাসে ৰাহুল গান্ধীক তেওঁৰ  যাত্ৰাৰ বাবে শুভেচ্ছা জনাই এখন পত্ৰ লিখিছিল। 

যাত্ৰাৰ সফলতা কামনা কৰাৰ উপৰি তেওঁ কংগ্ৰেছ নেতাগৰাকীক 'ভাৰতৰ একতা'ৰ দৰে এক "মহৎ উদ্দেশ্য" আৰম্ভ কৰাৰ বাবে প্ৰশংসা কৰিছিল। ৰাহুলে যোগীৰ গড়ৰ পৰা যিধৰণে সমৰ্থন লাভ কৰিছে সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ।এনে সময়তে তেওঁক অযোধ্যাৰ আশ্ৰমত বাস কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কথায়ো বহুতকে ভবাই তুলিছে। উল্লেখ্য ৰাহুল গান্ধীৰ পৰিয়ালে তেওঁলোকৰ সকলো সম্পত্তি বিভিন্ন সময়ত দেশৰ বাবে দান কৰিছে। সেইবাবেই তেওঁলোকৰ থাকিবলৈ নিজৰ বুলি কোনো ঘৰ নাই।

উল্লেখ্য  মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত সাংসদৰ পদ হেৰুৱাই ৰাহুল গান্ধীয়ে দিল্লীৰ চৰকাৰী বাংলো এৰিব লাগিব।  যোৱা সপ্তাহত ৰাহুল গান্ধীক লোকসভা সচিবালয়ৰ পৰা জাননী প্ৰদান কৰা হৈছিল । জাননীত  তেওঁক ২২ এপ্ৰিলৰ দিনৰ ১২ বজাৰ ভিতৰত   তোঘলক লেনৰ তেওঁৰ চৰকাৰী  ঘৰ খালী কৰিবলৈ কোৱা হৈছে। ৰাহুল গান্ধীয়ে উক্ত জাননী লাভ কৰাৰ পিছতে কৈছিল যে তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত বাংলোটো খালী কৰি দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত