--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী মন্তব্যৰ বাবে আদালতে দোষী সাৱস্ত্য কৰাৰ পিছতে সাংসদ পদ হেৰুৱাবলগীয়া হৈছিল ৰাহুল গান্ধীয়ে। ইয়াৰ পিছতে অৱধাৰিতভাবে ৰাহুল গান্ধীক দিল্লীৰ চৰকাৰী বাসভৱন এৰিবলৈ জাননী জাৰি কৰা হৈছে। কিন্তু নিজৰ বুলিবলৈ কোনো ঘৰ নথকা ৰাহুল গান্ধীয়ে চৰকাৰী ঘৰ ত্যাগ কৰাৰ পিছত ক’লৈ যাব তাকেলৈ এতিয়া চৰ্চা চলিছে।

এনে সময়তে ৰাহুল গান্ধীক মন্দিৰত থকাৰ বাবে আহ্বান জনালে সাধুৱে। এইবাৰ, ৰাহুলক অযোধ্যাৰ পবিত্ৰ হনুমানগড়ী মন্দিৰত বাস কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।সঞ্জয় দাস হনুমানগড়ীৰ মুখ্য পুৰোহিত মহন্ত জ্ঞান দাসৰ উত্তৰাধিকাৰী। সঞ্জয় দাস সংকটমোচন সেনাৰ ৰাষ্ট্ৰীয় সভাপতিও। 

সাধু সঞ্জয় দাসে কয় "অযোধ্যাৰ মহান সাধু সকলৰ হৈ আমি ৰাহুল গান্ধীক স্বাগতম জনাইছো। তেওঁ ইয়ালৈ আহি প্ৰাৰ্থনা কৰিব পাৰে। কেৱল সেয়াই নহয়, ইয়াত বহু আশ্ৰম আছে। ৰাহুল গান্ধীয়ে বিচাৰিলে যিকোনো আশ্ৰমত থাকিব পাৰে । আমি সুখী হম। "ইয়াৰ পূৰ্বে, ভাৰত জোড়ো  যাত্ৰাৰ সময়ত ৰাহুলে তেওঁৰ কাষত অযোধ্যাৰ আন এগৰাকী মহন্তক বিচাৰি পাইছিল। অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য পুৰোহিত ততয়েন্দ্ৰ দাসে ৰাহুল গান্ধীক তেওঁৰ  যাত্ৰাৰ বাবে শুভেচ্ছা জনাই এখন পত্ৰ লিখিছিল। 

যাত্ৰাৰ সফলতা কামনা কৰাৰ উপৰি তেওঁ কংগ্ৰেছ নেতাগৰাকীক 'ভাৰতৰ একতা'ৰ দৰে এক "মহৎ উদ্দেশ্য" আৰম্ভ কৰাৰ বাবে প্ৰশংসা কৰিছিল। ৰাহুলে যোগীৰ গড়ৰ পৰা যিধৰণে সমৰ্থন লাভ কৰিছে সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ।এনে সময়তে তেওঁক অযোধ্যাৰ আশ্ৰমত বাস কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কথায়ো বহুতকে ভবাই তুলিছে। উল্লেখ্য ৰাহুল গান্ধীৰ পৰিয়ালে তেওঁলোকৰ সকলো সম্পত্তি বিভিন্ন সময়ত দেশৰ বাবে দান কৰিছে। সেইবাবেই তেওঁলোকৰ থাকিবলৈ নিজৰ বুলি কোনো ঘৰ নাই।

উল্লেখ্য  মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত সাংসদৰ পদ হেৰুৱাই ৰাহুল গান্ধীয়ে দিল্লীৰ চৰকাৰী বাংলো এৰিব লাগিব।  যোৱা সপ্তাহত ৰাহুল গান্ধীক লোকসভা সচিবালয়ৰ পৰা জাননী প্ৰদান কৰা হৈছিল । জাননীত  তেওঁক ২২ এপ্ৰিলৰ দিনৰ ১২ বজাৰ ভিতৰত   তোঘলক লেনৰ তেওঁৰ চৰকাৰী  ঘৰ খালী কৰিবলৈ কোৱা হৈছে। ৰাহুল গান্ধীয়ে উক্ত জাননী লাভ কৰাৰ পিছতে কৈছিল যে তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত বাংলোটো খালী কৰি দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে