--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘এনিমেল’ ছবিৰ ‘জামাল কুডু’ গীতটোত ববী দেউলৰ নৃত্যৰ চৰ্চা এতিয়াও চলি আছে। এই গীতটোৰ ৰিল ভিডিঅ’টো এতিয়াও ছ’চিয়েল মিডিয়াত দেখা যায়। ক’ব পাৰি যে এই গীতটোৱে যোৱা বছৰ ববী দেওলক পুনৰ জনপ্ৰিয় কৰি তুলিছিল।

ছবিখনত ববিয়ে মূৰত মদৰ গিলাচ লৈ এই গীতটোত নাচিছে। ছবিখনত অভিনেতা গৰাকীৰ চৰিত্ৰ অবৰাৰৰ বিবাহ অনুষ্ঠানত গীতটি গোৱা হৈছিল। 

কিন্তু বহুতে হয়তো নাজানে যে ববীৰ আগত অভিনেত্ৰী ৰেখাই বলীউডতো এই নৃত্যটো একে ধৰণে নৃত্য কৰিছিল। ছবিখনৰ নাম ‘বিবি হো তো আইচি’। জে কে বিহাৰীৰ পৰিচালিত ছবিখন ১৯৮৮ চনত মুক্তি লাভ কৰিছিল। ছবিখনত ৰেখাই ‘সাসুজী তু নে মেৰী কদৰ ন জনী’ গীতটোত ববিৰ দৰে মূৰত মদৰ গিলাচ লৈ নাচিছিল। মন কৰিবলগীয়া যে এই ছবিখনৰ জৰিয়তে ছলমান খানে বলীউডত প্ৰৱেশ কৰিছিল।

আমোদজনক কথাটো হ’ল ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে গীতটোৰ সেই অংশৰ সৈতে ‘জামাল কুডু’ক লৈ এটা নতুন ভিডিঅ’। সেই ভিডিঅ’টো দেখি একাংশ নেটিজেনে ৰেখাক প্ৰশংসা কৰিলে। একাংশৰ মতে ৰেখাই ববীৰ বহু আগতেই নিজৰ নৃত্যৰ দক্ষতা প্ৰমাণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ