--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নব্যা নভেলী নন্দা৷ বিগ বি অমিতাভৰ কন্যা তথা সাহিত্যিক শ্বেতা বচ্চন নন্দাৰ জীয়ৰী নব্যাই মাতুল বংশৰ যশ-খ্যাতিক কিধৰণে গ্ৰহণ কৰে?দেশৰ ভিতৰতে এটা আঢ্যৱন্ত পৰিয়ালৰ অন্তৰ্ভুক্ত নব্যা নভেলী৷

তেওঁৰ ককাক অমিতাভ বচ্চন এজন ছুপাৰষ্টাৰ। একে সময়তে তেওঁৰ দেউতাক নিখিল নন্দা এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু নব্যা নিজেও প্ৰজেক্ট নভেলীৰ প্ৰতিষ্ঠাপক। কম বয়সতে এটা সুকীয়া স্থান অৰ্জন কৰাৰ কথা কৈ নব্যা নভেলীয়ে তেওঁৰ সফলতাৰ কৃতিত্ব দিছে তেওঁৰ পৰিয়ালক৷ তেওঁ কয় যে তেওঁ যিধৰণৰ পাৰিবাৰিক পৃষ্ঠভূমিৰ পৰা আহিছে, সেই প্ৰেক্ষাপটে তেওঁৰ কেৰিয়াৰত যথেষ্ট সহায় কৰিছে।

এক অনুষ্ঠানত ভাষণ দি নব্যা নন্দাই কয়, সকলোৰে এটা উপাধি থাকিব। ইয়াক আগুৱাই নিয়াৰ দায়িত্ব সকলোৰে আছে, তেওঁ যি ক্ষেত্ৰতেই নহওক কিয়। আপুনি দেখুৱাব লাগিব আপুনি ক’ৰ পৰা আহিছে। অৰ্থাৎ, আপুনি আপোনাৰ উত্তৰাধিকাৰীক আগুৱাই নিব লাগিব। মই মোৰ পৰিয়ালৰ নাম আগুৱাই নিয়াৰ বাবে আৰু তেওঁলোকক গৌৰৱান্বিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছোঁ৷ তেওঁ লগতে কয়, যদি মই সেই পৰিয়ালৰ নহ’লোহেঁতেন, মই সম্ভৱতঃ ইমান সুযোগ নাপালোঁহেঁতেন।

নব্যাই নিজকে তেওঁৰ বয়সৰ আন ছোৱালীৰ সৈতে তুলনা কৰি কয়, মই কম বয়সতে বহুত সুযোগ পাইছোঁ। কিন্তু মোৰ বয়সৰ বহুতো ছোৱালী আছে যিয়ে এনে সুযোগ নাপায়। মই আজি যিয়েই নহওঁ লাগিলে, ব্যক্তিগত জীৱনত বা পেছাদাৰী জীৱনত, সেয়া কেৱল মোৰ পৰিয়ালৰ বাবেই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান