--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নব্যা নভেলী নন্দা৷ বিগ বি অমিতাভৰ কন্যা তথা সাহিত্যিক শ্বেতা বচ্চন নন্দাৰ জীয়ৰী নব্যাই মাতুল বংশৰ যশ-খ্যাতিক কিধৰণে গ্ৰহণ কৰে?দেশৰ ভিতৰতে এটা আঢ্যৱন্ত পৰিয়ালৰ অন্তৰ্ভুক্ত নব্যা নভেলী৷

তেওঁৰ ককাক অমিতাভ বচ্চন এজন ছুপাৰষ্টাৰ। একে সময়তে তেওঁৰ দেউতাক নিখিল নন্দা এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু নব্যা নিজেও প্ৰজেক্ট নভেলীৰ প্ৰতিষ্ঠাপক। কম বয়সতে এটা সুকীয়া স্থান অৰ্জন কৰাৰ কথা কৈ নব্যা নভেলীয়ে তেওঁৰ সফলতাৰ কৃতিত্ব দিছে তেওঁৰ পৰিয়ালক৷ তেওঁ কয় যে তেওঁ যিধৰণৰ পাৰিবাৰিক পৃষ্ঠভূমিৰ পৰা আহিছে, সেই প্ৰেক্ষাপটে তেওঁৰ কেৰিয়াৰত যথেষ্ট সহায় কৰিছে।

এক অনুষ্ঠানত ভাষণ দি নব্যা নন্দাই কয়, সকলোৰে এটা উপাধি থাকিব। ইয়াক আগুৱাই নিয়াৰ দায়িত্ব সকলোৰে আছে, তেওঁ যি ক্ষেত্ৰতেই নহওক কিয়। আপুনি দেখুৱাব লাগিব আপুনি ক’ৰ পৰা আহিছে। অৰ্থাৎ, আপুনি আপোনাৰ উত্তৰাধিকাৰীক আগুৱাই নিব লাগিব। মই মোৰ পৰিয়ালৰ নাম আগুৱাই নিয়াৰ বাবে আৰু তেওঁলোকক গৌৰৱান্বিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছোঁ৷ তেওঁ লগতে কয়, যদি মই সেই পৰিয়ালৰ নহ’লোহেঁতেন, মই সম্ভৱতঃ ইমান সুযোগ নাপালোঁহেঁতেন।

নব্যাই নিজকে তেওঁৰ বয়সৰ আন ছোৱালীৰ সৈতে তুলনা কৰি কয়, মই কম বয়সতে বহুত সুযোগ পাইছোঁ। কিন্তু মোৰ বয়সৰ বহুতো ছোৱালী আছে যিয়ে এনে সুযোগ নাপায়। মই আজি যিয়েই নহওঁ লাগিলে, ব্যক্তিগত জীৱনত বা পেছাদাৰী জীৱনত, সেয়া কেৱল মোৰ পৰিয়ালৰ বাবেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী