--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহত দলত্যাগৰ জোৱাৰ উঠিছে৷ আৰু নিজ নিজ ৰণক্ষেত্ৰ এৰি সকলোৱে ঢাপলি মেলিছে বিজেপিলৈ৷ উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰৰ বহুজন সমাজ পাৰ্টিৰ সাংসদ ৰীতেশ পাণ্ডেই দেওবাৰে বিএছপিৰ পৰা পদত্যাগ কৰে আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। পিছ পৰি ৰোৱা নাই অৰুণাচল প্ৰদেশৰ ৰাজনীতিও৷ অৰুণাচল প্ৰদেশৰ ৰাজনীতিত সংঘটিত হৈছে বৃহৎ পৰিৱৰ্তন৷

কংগ্ৰেছৰ দুজন বিধায়ককে ধৰি ৪জন বিধায়কে শাসকীয় বিজেপিত যোগদান কৰিছে৷ যিসকলে দল সলনি কৰিছে, তেওঁলোকৰ ভিতৰত আছে এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীও৷

কংগ্ৰেছৰ দুজন বিধায়ক আৰু নেচনেল পিপলছ পাৰ্টিৰ দুজনে দেওবাৰে অৰুণাচল প্ৰদেশত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে, যাৰ ফলত নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপি ৰাজ্যখনত শক্তিশালী হৈ পৰা পৰিলক্ষিত হৈছে৷ ৪জন বিধায়কৰ দলত্যাগৰ সৈতে বিধানসভাত দুয়োটা দলৰ বিধায়কৰ সংখ্যা হ্ৰাস পাইছে। ৬০জনীয়া অৰুণাচল প্ৰদেশ বিধানসভাত কংগ্ৰেছ আৰু এনপিপি দুয়োটা দলৰে এতিয়া দুজনকৈ বিধায়ক আছে।

কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনোং এৰিং আৰু ৱাংলিন লোৱাংডঙৰ লগতে এনপিপিৰ মুটচু মিথি আৰু গোকাৰ বাছাৰে ইটানগৰৰ দলীয় মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানত বিজেপিত যোগদান কৰে। মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু ৰাজ্যিক বিজেপিৰ সভাপতি বিউৰাম ৱাহগেও অনুষ্ঠানটোত উপস্থিত আছিল।

এপ্ৰিল-মে’ মাহত দেশত লোকসভা নিৰ্বাচনৰ পূৰ্বে চাৰিজন বিধায়কৰ বিজেপিত যোগদানৰ পৰিৱৰ্তন কংগ্ৰেছৰ বাবে এক ডাঙৰ বিফলতা বুলি বিবেচিত হৈছে৷। এৰিং অৰুণাচল প্ৰদেশৰ পশ্চিম পাচিঘাট সমষ্টি, ৱাংলিন লোয়াংডং বৰদুৰিয়া বোগাপানি সমষ্টিৰ এজন বিধায়ক। মুচু মিথি আৰু গোকাৰ বাছাৰে ক্ৰমান্বয়ে ৰয়িং আৰু বাছাৰ আসনক প্ৰতিনিধিত্ব কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী