--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহত দলত্যাগৰ জোৱাৰ উঠিছে৷ আৰু নিজ নিজ ৰণক্ষেত্ৰ এৰি সকলোৱে ঢাপলি মেলিছে বিজেপিলৈ৷ উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰৰ বহুজন সমাজ পাৰ্টিৰ সাংসদ ৰীতেশ পাণ্ডেই দেওবাৰে বিএছপিৰ পৰা পদত্যাগ কৰে আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। পিছ পৰি ৰোৱা নাই অৰুণাচল প্ৰদেশৰ ৰাজনীতিও৷ অৰুণাচল প্ৰদেশৰ ৰাজনীতিত সংঘটিত হৈছে বৃহৎ পৰিৱৰ্তন৷

কংগ্ৰেছৰ দুজন বিধায়ককে ধৰি ৪জন বিধায়কে শাসকীয় বিজেপিত যোগদান কৰিছে৷ যিসকলে দল সলনি কৰিছে, তেওঁলোকৰ ভিতৰত আছে এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীও৷

কংগ্ৰেছৰ দুজন বিধায়ক আৰু নেচনেল পিপলছ পাৰ্টিৰ দুজনে দেওবাৰে অৰুণাচল প্ৰদেশত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে, যাৰ ফলত নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপি ৰাজ্যখনত শক্তিশালী হৈ পৰা পৰিলক্ষিত হৈছে৷ ৪জন বিধায়কৰ দলত্যাগৰ সৈতে বিধানসভাত দুয়োটা দলৰ বিধায়কৰ সংখ্যা হ্ৰাস পাইছে। ৬০জনীয়া অৰুণাচল প্ৰদেশ বিধানসভাত কংগ্ৰেছ আৰু এনপিপি দুয়োটা দলৰে এতিয়া দুজনকৈ বিধায়ক আছে।

কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনোং এৰিং আৰু ৱাংলিন লোৱাংডঙৰ লগতে এনপিপিৰ মুটচু মিথি আৰু গোকাৰ বাছাৰে ইটানগৰৰ দলীয় মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানত বিজেপিত যোগদান কৰে। মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু ৰাজ্যিক বিজেপিৰ সভাপতি বিউৰাম ৱাহগেও অনুষ্ঠানটোত উপস্থিত আছিল।

এপ্ৰিল-মে’ মাহত দেশত লোকসভা নিৰ্বাচনৰ পূৰ্বে চাৰিজন বিধায়কৰ বিজেপিত যোগদানৰ পৰিৱৰ্তন কংগ্ৰেছৰ বাবে এক ডাঙৰ বিফলতা বুলি বিবেচিত হৈছে৷। এৰিং অৰুণাচল প্ৰদেশৰ পশ্চিম পাচিঘাট সমষ্টি, ৱাংলিন লোয়াংডং বৰদুৰিয়া বোগাপানি সমষ্টিৰ এজন বিধায়ক। মুচু মিথি আৰু গোকাৰ বাছাৰে ক্ৰমান্বয়ে ৰয়িং আৰু বাছাৰ আসনক প্ৰতিনিধিত্ব কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু