--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ স্বভাৱ নিৰ্ভৰ কৰে তেওঁৰ জন্ম তাৰিখৰ ওপৰত। আনকি ভৱিষ্যতৰ কথাও সংখ্যা বিজ্ঞানৰ হিচাপেৰে ক’ব পাৰি।এনেদৰে এজন ব্যক্তিৰ স্বভাৱ বহুখিনি নিৰ্ভৰ কৰে তেওঁৰ জন্মৰ মাহৰ ওপৰত। জ্যোতিষশাস্ত্ৰৰ মতে ১২ মাহৰ ভিতৰত কোনটো মাহত জন্ম লাভ কৰিলে তাৰ ওপৰত জানিব পাৰি মানুহৰ স্বভাৱ-চৰিত্ৰ কেনেকুৱা। ইয়াৰ বাহিৰেও মানুহৰ ভবিষ্যত জন্ম মাহৰ পৰাই জানিব পৰা যায়।

জানুৱাৰী- জানুৱাৰী মাহত জন্ম হোৱা লোকৰ হাস্যৰস বহুত বেছি। ধেমেলীয়া হয়। অতি সোনকালে নতুন মানুহৰ লগত সম্পৰ্ক স্থাপন কৰে। ইয়াৰ বাহিৰেও তেওঁলোকে যিকোনো পৰিৱেশতে নিজকে খাপ খুৱাবলৈ সক্ষম হয়। এই মানুহবোৰে বেলেগ ধৰণে চিন্তা কৰে। কৰ্মক্ষেত্ৰত নেতৃত্বৰ ভূমিকা ল’ব পাৰে।

ফেব্ৰুৱাৰী- জ্যোতিষশাস্ত্ৰৰ মতে ফেব্ৰুৱাৰী মাহত জন্ম হোৱাসকল অতি ভাগ্যৱান। বেছি কষ্টৰ প্ৰয়োজন নাই। তেওঁলোকে যি বিচাৰে তাকে পায়। এই মাহৰ লোকসকল দয়ালু স্বভাৱৰ। লগতে জেদী স্বভাৱৰ।

মাৰ্চ- জ্যোতিষশাস্ত্ৰ অনুসৰি মাৰ্চ মাহত জন্ম হোৱা লোকৰ বুদ্ধি অতি চোকা। সম্পৰ্কৰ প্ৰতি অতি সচেতন। প্ৰতাৰণা কৰা লোকক কেতিয়াও ক্ষমা নকৰে। সংগীৰ লগত কেতিয়াও ঠগবাজি নকৰে।

এপ্ৰিল- এই মাহত জন্ম হোৱা লোকসকল কৰ্মঠ। কঠোৰ পৰিশ্ৰমৰ ভিত্তিত তেওঁলোকে সফলতা লাভ কৰে। সুখী স্বভাৱৰ হয়। পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ পৰা মৰম লাভ কৰে। এই মানুহবোৰ স্বভাৱতে ৰোমান্টিক। এপ্ৰিল মাহত জন্ম লোৱা মানুহবোৰ কলাত্মক আৰু সৃষ্টিশীল প্ৰকৃতিৰ।

মে- এই মাহত জন্ম হোৱা লোকৰ বহুত উৎসাহ থাকে। হেঁচাত কাম কৰি ভাল নাপায়। পেছাদাৰী ক্ষেত্ৰত এজন নেতা হব পাৰে। কিন্তু এনে মানুহৰ খুব সোনকালে খং উঠে। তেওঁলোকৰ হৃদয় কঠিন।

জুন- এই মাহত জন্ম হোৱা লোক ধনৰ ক্ষেত্ৰত অতি ভাগ্যৱান। কম কাম কৰি বহুত টকা উপাৰ্জন কৰিব পাৰে। আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকে। ভাগ্য সদায় তেওঁলোকৰ পক্ষত থাকে।

জুলাই- জ্যোতিষশাস্ত্ৰ অনুসৰি জুলাই মাহত জন্ম হোৱা লোকৰ স্বভাৱ শান্ত। তেওঁলোকৰ মন চোকা। তেওঁলোকে য'তেই নাযায় তেওঁলোকে নিজৰ পৰিচয় নিজেই বনাই লয়। এই মাহত জন্ম লোৱা মানুহৰ চৌপাশৰ মানুহক অতি সোনকালে আকৰ্ষণ কৰাৰ গুণ থাকে।

আগষ্ট- এই মাহত জন্ম হোৱা লোকসকল অতি সৃষ্টিশীল। তেওঁলোকৰ বহুমুখী প্ৰতিভা আছে। শিল্প, সাহিত্য আৰু বিভিন্ন সৃষ্টিশীল ধাৰাত তেওঁ নিজৰ পৰিচয় সৃষ্টি কৰিব পাৰে। এই মাহৰ লোকসকল নিজৰ পৃথিৱীৰ নিজেই মালিক।

ছেপ্টেম্বৰ- এই মাহত জন্ম হোৱা লোক ভাগ্যৱান। এই মাহত জন্ম লোৱাসকলে নিজৰ ভাগ্যৰ দ্বাৰা উচ্চস্থান লাভ কৰে। চাকৰিয়ে হওক বা ব্যৱসায়েই হওক, তেওঁলোকৰ অগ্ৰগতি কোনেও ৰোধ কৰিব নোৱাৰে। সদায় আগুৱাই গৈ থাকে। স্বভাৱত উল্লাসিত আৰু খঙাল। প্ৰেমৰ কথাত এইসকল লোক অতি নিষ্ঠাবান।

অক্টোবৰ- এই মাহত জন্ম হোৱা মানুহ বুদ্ধিমান। সাধাৰণতে তেওঁলোকে লেখা, ফেশ্বন ডিজাইনিং বা শিল্প সম্পৰ্কীয় ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলে। শৃংখলাবদ্ধ জীৱন যাপন কৰি ভাল পায়। নিখুঁত জীৱন সংগী বুলি প্ৰমাণ কৰিব পাৰে। প্ৰেমত পৰিলে সংগীৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত থাকে।

নৱেম্বৰ- জ্যোতিষৰ মতে নৱেম্বৰ মাহত জন্ম হোৱা লোকসকল অতি সোনকালে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে। তেওঁলোকৰ ব্যক্তিত্ব এনেকুৱা যে তেওঁলোকক কোনেও উপেক্ষা কৰিব নোৱাৰে। তেওঁলোক কঠোৰ পৰিশ্ৰমী। চৰ্টকাট ল’বলৈ ভাল নাপায়।

ডিচেম্বৰ - এই মাহত জন্ম হোৱা লোকসকলে আধ্যাত্মিক বিষয়ক গুৰুত্ব দিয়ে। তেওঁ নিজৰ স্বাধীনতাক বহুত ভাল পায়। কোনো নিয়মত বান্ধ খাই থাকিব নিবিচাৰে। আটাইতকৈ সংযত মানুহ। প্ৰেমৰ প্ৰতি অতি আৱেগিক।
FOLLOW US F
POPULAR
FEATURE
TRENDY
জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চিচিটিভিত বন্দী নৃশংসতা
বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড!  সম্পূৰ্ণৰূপে ভস্মীভূত এটা কাৰ্যালয়ৰ কোঠা
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?