--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰদিন উপলক্ষে অনুৰাগীক বিশেষ উপহাৰ দিছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে।ইতিমধ্যে মৰমৰ কন্যা ৰহাৰ মুখখন দেখুৱাইছে দম্পতীহালে। কণমানি ৰাহাৰ মুখখন চাবলৈ হতাশ হৈ পৰিছিল দম্পতীহালৰ অনুৰাগী। আৰু এতিয়া দম্পতীহালে নিজৰ অনুৰাগীৰ ইচ্ছা পূৰণ কৰে।

কাপুৰ পৰিয়ালৰ বৰদিনৰ দুপৰীয়াৰ আহাৰত এই দম্পতীহালে প্ৰথমবাৰৰ বাবে পাপাৰাজীক ৰাহাৰ মুখ দেখুৱাই।এই কথাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, য’ত ৰণবীৰ আৰু আলিয়াই প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত আহিছে তেওঁলোকৰ কণমানিটোক লৈ ৰাহাক দেউতাকৰ কোলাত যথেষ্ট শান্ত যেন লাগিল। একে সময়তে অনুৰাগীসকলে ১ বছৰীয়া ৰাহাৰ নীলা চকু, নিৰ্দোষতা আৰু মৰমলগা হাঁহিটোক ভাল পাইছে।বহুতে লিখিছে ৰণবীৰ-আলিয়াৰ ছোৱালীজনী বৰ মৰমলগা।
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Manav Manglani (@manav.manglani)

মৰমলগা ৰাহাৰ পৰা মানুহে চকু আঁতৰাব পৰা নাই। ভিডিঅ’টোৰ ওপৰত মন্তব্যৰ বানপানী। ৰাহাৰ প্ৰথম আভাস ওলোৱাৰ লগে লগে অনুৰাগীৰ মাজত নতুন বিতৰ্ক আৰম্ভ হৈছে। বেছিভাগ মানুহেই ৰহাক ঋষি কাপুৰৰ ছাঁ বুলি অভিহিত কৰিছে। 

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ৰাহাৰ এই মৰমলগা ছবিবোৰে মানুহৰ মন জয় কৰিছে। আজি ৰণবীৰ আৰু আলিয়াই এই উপহাৰ দি তেওঁলোকৰ অনুৰাগীৰ দিৱস গঢ়ি তুলিছে বুলি ক'লে ভুল নহ'ব। উল্লেখ্য যে অলপতে ৰণবীৰ আৰু আলিয়াই ৰাহাৰ প্ৰথম জন্মদিন পালন কৰিছিল। ২০২২ চনৰ এপ্ৰিল মাহত দুয়োৰে বিবাহ হয় আৰু ২০২২ চনৰ নৱেম্বৰ মাহত আলিয়াই কন্যা ৰাহাক জন্ম দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক