--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ দশকৰ এখন অন্যতম জনপ্ৰিয় ছবি আছিল 'আশ্বিকী'। আশ্বিকীৰ গানবোৰ আজিও সেই তাহানিৰ দিনৰ দৰেই জনপ্ৰিয়। এই ছবিখনত নায়ক-নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল ৰাহুল ৰয় আৰু অনু আগৰৱালাই। ৰাহুল আৰু অনু জনপ্ৰিয় হৈ উঠিছিল সমগ্ৰ দেশজুৰি। চিনেমাখনৰ সমানে সমানে অনু আগৰৱালাৰ সৌন্দৰ্যক লৈও চলিছিল চৰ্চা। কিন্তু অনু আগৰৱালাৰ সেই ধুনীয়া আৰু নিষ্পাপ মুখখন ইমান সলনি হৈ গ'ল যে তেওঁক এতিয়া চিনাটোৱে কঠিন হৈ পৰিল। অনু আগৰৱালা বিগত কেইবাবছৰ ধৰি চিনেমাৰ পৰা আঁতৰি আছে। ইয়াৰ কাৰণ হ'ল তেওঁৰ সলনি হৈ পৰা চেহেৰা। অনুৰ এই পৰিৱৰ্তিত মুখমণ্ডলৰ আঁৰত আছে এক যথেষ্ট বেদনাদায়ক কাহিনী। অনু আগৰৱালা ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় আৰু তেওঁ নিজৰ জীৱনৰ সুখ-দুখবোৰৰ কথা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰি থাকে। তেওঁ কৈছিল যে, "এটা দুৰ্ঘটনাই মোৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি পেলালে।" ১৯৯৯ চনত অনু আগৰৱালৰ সৈতে সংঘটিত এক দুৰ্ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। এই দুৰ্ঘটনাটো অতি ভয়ংকৰ আছিল। অনুয়ে সেই দুৰ্ঘটনাটোত স্মৃতিশক্তি হেৰুৱাৰ লগতে ২৯ দিন ক'মাত আছিল। এই দুৰ্ঘটনাই সলাই পেলাইছিল অনুৰ মুখমণ্ডল। ফলত তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ পাছতো বিদায় জনাব লগা হৈছিল অভিনয় জগতক। অনুৱে নিজৰ কিতাপ 'Anusual' Memoir of a girl, who came back from the death' নামৰ কিতাপখনত তেওঁৰ নিজৰ জীৱনৰ সেই বেদনাদায়ক কাহিনীৰ অভিজ্ঞতাৰ বিষয়ে লিখিছিল। অনুক শেষবাৰৰ বাবে ১৯৯৬ চনত 'ৰিটাৰ্ণ অফ জুৱেল থিফ' বোলছবিত দেখা গৈছিল। অনুয়ে তেওঁৰ ৭ বছৰীয়া অভিনয়ৰ কেৰিয়াৰত হিন্দীৰ লগতে তামিল চলচ্চিত্ৰত কাম কৰিছে। কেৱল এয়াই নহয় তেওঁ টিভিজগততো কাম কৰিছিল। উল্লেখ্য যে 'আশ্বিকী' মহেশ ভাটৰ স্মৰণীয় চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম। ইয়াৰ ৰিমেক 'আশ্বিকী-২'ও যথেষ্ট সফল হৈছিল। ইয়াত শ্ৰদ্ধা কাপুৰ আৰু আদিত্য ৰয় কাপুৰে অভিনয় কৰিছিল। 'আশ্বিকী-২'ৰ গানসমূহো ব্যাপক ৰূপত জনপ্ৰিয় হৈছিল। আৰু পঢ়কঃ জ্যোতিষীৰ ভৱিষ্যতবাণী হ’ল সঁচা! আইটি কোম্পানীৰ ইঞ্জীনিয়াৰ হ’লগৈ কোটিপতি ব্যৱসায়ী

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ