--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ দশকৰ এখন অন্যতম জনপ্ৰিয় ছবি আছিল 'আশ্বিকী'। আশ্বিকীৰ গানবোৰ আজিও সেই তাহানিৰ দিনৰ দৰেই জনপ্ৰিয়। এই ছবিখনত নায়ক-নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল ৰাহুল ৰয় আৰু অনু আগৰৱালাই। ৰাহুল আৰু অনু জনপ্ৰিয় হৈ উঠিছিল সমগ্ৰ দেশজুৰি। চিনেমাখনৰ সমানে সমানে অনু আগৰৱালাৰ সৌন্দৰ্যক লৈও চলিছিল চৰ্চা। কিন্তু অনু আগৰৱালাৰ সেই ধুনীয়া আৰু নিষ্পাপ মুখখন ইমান সলনি হৈ গ'ল যে তেওঁক এতিয়া চিনাটোৱে কঠিন হৈ পৰিল। অনু আগৰৱালা বিগত কেইবাবছৰ ধৰি চিনেমাৰ পৰা আঁতৰি আছে। ইয়াৰ কাৰণ হ'ল তেওঁৰ সলনি হৈ পৰা চেহেৰা। অনুৰ এই পৰিৱৰ্তিত মুখমণ্ডলৰ আঁৰত আছে এক যথেষ্ট বেদনাদায়ক কাহিনী। অনু আগৰৱালা ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় আৰু তেওঁ নিজৰ জীৱনৰ সুখ-দুখবোৰৰ কথা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰি থাকে। তেওঁ কৈছিল যে, "এটা দুৰ্ঘটনাই মোৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি পেলালে।" ১৯৯৯ চনত অনু আগৰৱালৰ সৈতে সংঘটিত এক দুৰ্ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। এই দুৰ্ঘটনাটো অতি ভয়ংকৰ আছিল। অনুয়ে সেই দুৰ্ঘটনাটোত স্মৃতিশক্তি হেৰুৱাৰ লগতে ২৯ দিন ক'মাত আছিল। এই দুৰ্ঘটনাই সলাই পেলাইছিল অনুৰ মুখমণ্ডল। ফলত তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ পাছতো বিদায় জনাব লগা হৈছিল অভিনয় জগতক। অনুৱে নিজৰ কিতাপ 'Anusual' Memoir of a girl, who came back from the death' নামৰ কিতাপখনত তেওঁৰ নিজৰ জীৱনৰ সেই বেদনাদায়ক কাহিনীৰ অভিজ্ঞতাৰ বিষয়ে লিখিছিল। অনুক শেষবাৰৰ বাবে ১৯৯৬ চনত 'ৰিটাৰ্ণ অফ জুৱেল থিফ' বোলছবিত দেখা গৈছিল। অনুয়ে তেওঁৰ ৭ বছৰীয়া অভিনয়ৰ কেৰিয়াৰত হিন্দীৰ লগতে তামিল চলচ্চিত্ৰত কাম কৰিছে। কেৱল এয়াই নহয় তেওঁ টিভিজগততো কাম কৰিছিল। উল্লেখ্য যে 'আশ্বিকী' মহেশ ভাটৰ স্মৰণীয় চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম। ইয়াৰ ৰিমেক 'আশ্বিকী-২'ও যথেষ্ট সফল হৈছিল। ইয়াত শ্ৰদ্ধা কাপুৰ আৰু আদিত্য ৰয় কাপুৰে অভিনয় কৰিছিল। 'আশ্বিকী-২'ৰ গানসমূহো ব্যাপক ৰূপত জনপ্ৰিয় হৈছিল। আৰু পঢ়কঃ জ্যোতিষীৰ ভৱিষ্যতবাণী হ’ল সঁচা! আইটি কোম্পানীৰ ইঞ্জীনিয়াৰ হ’লগৈ কোটিপতি ব্যৱসায়ী

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু