--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটি প্ৰেম কাহিনী৷ সাধাৰণতেই প্ৰেমিক যুগল বুলিলে এগৰাকী নাৰী আৰু এজন যুৱকৰ প্ৰেমগাথাৰ কথা মনলৈ আহে৷ কিন্তু অন্য এক প্ৰেমৰ বাৰ্তা লৈ আহি আছে এখন ছবি৷ সেইখন হৈছে দুই যুৱতীৰ সমকামী প্ৰেমৰ কাহিনী৷ ভাৰতত প্ৰথমবাৰৰ বাবে সমকামী প্ৰেমকাহিনীৰ আধাৰত নিৰ্মাণ হৈছে এখন ছবি৷ পৰিচালক ৰাম গোপাল বৰ্মাৰ আটাইতকৈ বিতৰ্কিত ছবি ‘খাত্ৰা: ডেঞ্জাৰাছ’ নিৰ্মাণ হৈছে সমকামী প্ৰেমকাহিনীৰ আধাৰত৷ অৱশেষত ৮ এপ্ৰিলত ছবিগৃহত মুক্তি পাব ‘খাত্ৰা: ডেঞ্জাৰাছ’ ছবিখনে। অন্য ছবিতকৈ পৃথক আৰু মহিলাৰ সমকামী প্ৰেমকাহিনীয়ে আকৰ্ষণ কৰিছে বহুজনক৷ চলচ্চিত্ৰখন চেঞ্চৰ বোৰ্ডৰ দ্বাৰা গৃহীত হোৱাৰ বাবে গভীৰ অপেক্ষাৰত আছিল৷ অৱশেষত 'এ' প্ৰমাণপত্ৰ থকা ছবিখন চেঞ্চৰ বোৰ্ডে কৰিলে পাছ। ৰাম গোপাল বৰ্মাই ছবিখনৰ পোষ্টাৰত মুক্তিৰ দিন টুইটাৰত শ্বেয়াৰ কৰিছিল। এক শেহতীয়া সাক্ষাৎকাৰত ৰাম গোপাল বৰ্মাই কৈছিল যে ‘খাত্ৰা: ডেঞ্জাৰাছ’ ছবিখনৰ বাবে বহু আশাবাদী৷ কিয়নো দুগৰাকী মহিলাৰ মাজত প্ৰেমকাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন৷ উল্লখ্য যে, ৩৭৭ ধাৰা বাতিল কৰাৰ পাছত সমকামী সম্পৰ্কক বৈধতা বুলি মানি লোৱা হৈছিল দেশখনত। এইখন প্ৰথম ভাৰতীয় সমকামীপ্ৰেমৰ চলচ্চিত্ৰখন! যিয়ে ‘এ’ প্ৰমাণ-পত্ৰ লাভ কৰাত মই অতি সুখী, যদি ই ‘এ’ প্ৰমাণ-পত্ৰ নাপালে মই বহুত হতাশ হ’লোহেঁতেন।’ ইতিমধ্যেই এই ছবিখনৰ বেনাৰ-পোষ্টাৰে ইতিমধ্যেই দৰ্শকৰ মাজত সৃষ্টি কৰিছে উৎসুকতাৰ৷ ভাইৰেল হৈ পৰিছে ছবিখনৰ বিষয়বস্তুও৷ বহুজনে ইয়াৰ ওপৰত মন্তব্যও প্ৰকাশ কৰিছে৷ এই ছবিখনৰ বাবে অপেক্ষাৰত ছবিপ্ৰেমীসকল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ