--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটি প্ৰেম কাহিনী৷ সাধাৰণতেই প্ৰেমিক যুগল বুলিলে এগৰাকী নাৰী আৰু এজন যুৱকৰ প্ৰেমগাথাৰ কথা মনলৈ আহে৷ কিন্তু অন্য এক প্ৰেমৰ বাৰ্তা লৈ আহি আছে এখন ছবি৷ সেইখন হৈছে দুই যুৱতীৰ সমকামী প্ৰেমৰ কাহিনী৷ ভাৰতত প্ৰথমবাৰৰ বাবে সমকামী প্ৰেমকাহিনীৰ আধাৰত নিৰ্মাণ হৈছে এখন ছবি৷ পৰিচালক ৰাম গোপাল বৰ্মাৰ আটাইতকৈ বিতৰ্কিত ছবি ‘খাত্ৰা: ডেঞ্জাৰাছ’ নিৰ্মাণ হৈছে সমকামী প্ৰেমকাহিনীৰ আধাৰত৷ অৱশেষত ৮ এপ্ৰিলত ছবিগৃহত মুক্তি পাব ‘খাত্ৰা: ডেঞ্জাৰাছ’ ছবিখনে। অন্য ছবিতকৈ পৃথক আৰু মহিলাৰ সমকামী প্ৰেমকাহিনীয়ে আকৰ্ষণ কৰিছে বহুজনক৷ চলচ্চিত্ৰখন চেঞ্চৰ বোৰ্ডৰ দ্বাৰা গৃহীত হোৱাৰ বাবে গভীৰ অপেক্ষাৰত আছিল৷ অৱশেষত 'এ' প্ৰমাণপত্ৰ থকা ছবিখন চেঞ্চৰ বোৰ্ডে কৰিলে পাছ। ৰাম গোপাল বৰ্মাই ছবিখনৰ পোষ্টাৰত মুক্তিৰ দিন টুইটাৰত শ্বেয়াৰ কৰিছিল। এক শেহতীয়া সাক্ষাৎকাৰত ৰাম গোপাল বৰ্মাই কৈছিল যে ‘খাত্ৰা: ডেঞ্জাৰাছ’ ছবিখনৰ বাবে বহু আশাবাদী৷ কিয়নো দুগৰাকী মহিলাৰ মাজত প্ৰেমকাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন৷ উল্লখ্য যে, ৩৭৭ ধাৰা বাতিল কৰাৰ পাছত সমকামী সম্পৰ্কক বৈধতা বুলি মানি লোৱা হৈছিল দেশখনত। এইখন প্ৰথম ভাৰতীয় সমকামীপ্ৰেমৰ চলচ্চিত্ৰখন! যিয়ে ‘এ’ প্ৰমাণ-পত্ৰ লাভ কৰাত মই অতি সুখী, যদি ই ‘এ’ প্ৰমাণ-পত্ৰ নাপালে মই বহুত হতাশ হ’লোহেঁতেন।’ ইতিমধ্যেই এই ছবিখনৰ বেনাৰ-পোষ্টাৰে ইতিমধ্যেই দৰ্শকৰ মাজত সৃষ্টি কৰিছে উৎসুকতাৰ৷ ভাইৰেল হৈ পৰিছে ছবিখনৰ বিষয়বস্তুও৷ বহুজনে ইয়াৰ ওপৰত মন্তব্যও প্ৰকাশ কৰিছে৷ এই ছবিখনৰ বাবে অপেক্ষাৰত ছবিপ্ৰেমীসকল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু