--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ নিৰ্বাচন অহা ১২ আগষ্টত অনুষ্ঠিত হ’ব আৰু মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাই। ইফালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ বিদায়ী সভাপতি ব্রীজ ভূষণ শৰণ সিঙে সোমবাৰে (৩১ জুলাই) কয় যে তেওঁৰ পৰিয়ালৰ কোনো সদস্যই নেশ্যনেল ইনষ্টিটিউট অৱ স্প’ৰ্টছৰ বাবে আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে যদিও তেওঁৰ ফৈদক ২২ জনে সমর্থন দিব বুলি পুনৰ কয়৷ য’ত ৰাজ্যিক ফেডাৰেচনসমূহৰ সমৰ্থন আছে।

ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ব্রীজ ভূষণে দেওবাৰে (৩০ জুলাই) আয়োজন কৰা বৈঠকত ২৫টা ৰাজ্যিক ইউনিটৰ ভিতৰত ২২টা ইউনিটে অংশগ্রহণ কৰা বুলি দাবী কৰিছে৷ লগতে তেওঁ কয় যে অহা ১২ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ফেডাৰেচনৰ নিৰ্বাচনত বিভিন্ন পদৰ বাবে ‘তেওঁলোকৰ প্ৰাৰ্থী’ সোমবাৰে (৩১ জুলাই) ঘোষণা কৰা হ’ব।

ডব্লিউ এফ আই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম দিন সোমবাৰে (৩১ জুলাই) ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ কাৰ্যালয়তো পৰিদৰ্শন কৰে ব্রীজ ভূষণে।

উল্লেখ্য যে, অলিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী বিনেশ ফোগাটেকে ধৰি দেশৰ শীৰ্ষ ছয় মল্লযুঁজাৰুৱে ব্রীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷তেওঁলোকে যন্তৰ মন্তৰতো ধৰ্ণা প্ৰদৰ্শন কৰে। তদুপৰি ৰাষ্ট্ৰীয় ক্ৰীড়া সংহিতাৰ অধীনত কাৰ্যভাৰ গ্ৰহণৰ সৰ্বোচ্চ সময়সীমা ৰাষ্ট্ৰীয় ফেডাৰেচনৰ মুৰব্বী হিচাপে ১২ বছৰ সম্পূৰ্ণ কৰাৰ বাবে ব্ৰীজভূষণ প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্য নহয়।

ভাৰতীয় জনতা পাৰ্টিৰ নেতাজনৰ পৰিয়ালৰ কোনো সদস্যই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলক প্ৰতিশ্ৰুতি দিয়াৰ বাবে ব্রীজ ভূষণ সিঙৰ পুত্র কৰণো ভোটাৰ তালিকাৰ অংশ নহয়৷ শীৰ্ষ পদৰ বাবে ডব্লিউ এফ আইৰ উত্তৰাধিকাৰী হিচাপে বিবেচিত হৈ থকা ব্রীজ ভূষণৰ জোঁৱায়েক বিশাল সিঙেও(বিহাৰ মল্লযুঁজ ফেডাৰেচনৰ সভাপতি) ১২ আগষ্টত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত কোনো শীৰ্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰে।

ইয়াৰ বিভিন্ন স্থানত বৈঠক অনুষ্ঠিত কৰা বুলি খবৰ পোৱা প্ৰতিদ্বন্দ্বী ফৈদৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ব্রীজ ভূষণৰ প্রার্থী৷ এই বৈঠকত অসম, ওড়িশা আৰু হিমাচল প্ৰদেশৰ ৰাজ্যিক শাখাসমূহে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক