--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ-পুত্ৰৰ সম্পৰ্কত মেলিছে ফাট৷ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাই পিতৃ-পুত্ৰ সম্পৰ্কৰ ওপৰত পিতৃৰ অভিযোগক খণ্ডন কৰি জনপ্ৰিয় দৈনিক কাকতত জাদেজাৰ পিতৃৰ সাক্ষাৎকাৰক অৰ্থহীন আৰু চিত্ৰনাট্যযুক্ত বুলি অভিহিত কৰে। জাদেজাৰ পিতৃ অনিৰুদ্ধ জাদেজাই এক আচৰিত অভিযোগ উত্থাপন কৰি কয় যে ২০১৬ চনৰ এপ্ৰিল মাহত ক্ৰিকেটাৰগৰাকীয়ে ৰিভাবাক বিয়া কৰাই দিয়াৰ পাছত জাদেজা আৰু পিতৃৰ সম্পৰ্কত সমস্যা আৰম্ভ হৈছিল।

জাদেজাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি “স্ক্রিপ্টযুক্ত সাক্ষাৎকাৰ”ক বিশ্বাস নকৰিবলৈ কয়।ভাৰতীয় অল-ৰাউণ্ডাৰগৰাকীয়ে লগতে কয় যে তেওঁ আৰু গুজৰাট বিধানসভাৰ সদস্য তেওঁৰ পত্নীৰ সুনাম কলংকিত কৰাৰ চেষ্টা চলোৱা হৈছে৷জাদেজাই লিখিছে- ''দিব্যা ভাস্কৰক দিয়া সন্দেহজনক সাক্ষাৎকাৰত উল্লেখ কৰা কথাবোৰ অৰ্থহীন আৰু মিছা। সেইবোৰ একপক্ষীয় মন্তব্য যিবোৰ মই অস্বীকাৰ কৰোঁ। মোৰ পত্নীৰ ভাবমূর্তি কলংকিত কৰাৰ প্রয়াস অনুচিত আৰু নিন্দনীয়৷ মোৰো বহুত ক’বলগীয়া আছে কিন্তু সেইবোৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ নকৰাটোৱেই ভাল।''

দিব্যা ভাস্কৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জাদেজাৰ পিতৃয়ে অভিযোগ কৰে যে ৰিভাবাই পৰিয়ালটোত বিভাজনৰ সৃষ্টি কৰিছে। পিতৃয়ে লগতে উল্লেখ কৰে যে দুয়োটা পৰিয়ালৰ মাজত ঘৃণাৰ বাহিৰে একো নাই৷

অনিৰুদ্ধ জাদেজাই ক’লে- "বিয়াৰ তিনিমাহৰ ভিতৰতে মোক ক'লে যে সকলো ৰিভাবাৰ নামলৈ স্থানান্তৰিত হ'ব লাগে।ৰিভাবাই আমাৰ পৰিয়ালত বিভাজনৰ সৃষ্টি কৰিলে। মই ভুল হ'ব পাৰোঁ, আৰু নয়নাবা (ৰবীন্দ্ৰ জাদেজাৰ ভগ্নী) ভুল হ'ব পাৰে, কিন্তু আপুনি মোক কওক, আমাৰ পৰিয়ালৰ ৫০ জন সদস্যই কেনেকৈ ভুল হ'ব পাৰে? পৰিয়ালটোৰ কাৰো লগত কোনো সম্পৰ্ক নাই; মাত্ৰ ঘৃণা আছে।"


উল্লেখ্য যে বৰ্তমান জাদেজা হেমষ্ট্ৰিঙৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে যাৰ বাবে তেওঁ বিশাখাপট্টনমত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয়খন টেষ্ট খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক