--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থা (এনএডিএ)ৰ উদ্যোগত  আজি নতুন দিল্লীত "ৰোড টু পেৰিছ ২০২৪: চেম্পিয়নিং ক্লিন স্পৰ্টছ এণ্ড ইউনাইটিং ফৰ এণ্টি-ড'পিং" শীৰ্ষক সন্মিলনৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত শ্ৰী অনুৰাগ সিং ঠাকুৰে গুজৰাটৰ গান্ধীনগৰৰ আগশাৰীৰ প্ৰতিষ্ঠান  ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ত (এনএফএছইউ) চেণ্টাৰ ফৰ এক্সেলেন্স নিউট্ৰিছনেল ছাপ্লিমেণ্ট টেষ্টিং কেন্দ্ৰ  (চি.ও.ই.-এন.এছ.টি.এছ.) ভাৰ্ছুৱেলী উদ্বোধন কৰে। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে স্বীকৃত, এন.এফ.এছ.ইউ.-ত থকা  অত্যাধুনিক সুবিধাই ফৰেনচিক আৰু চাইবাৰ বিজ্ঞানত উদ্ভাৱন তথা দক্ষতাৰ বিকাশৰ  গুৰুত্বপূণ সমল হিচাবে  বিবেচিত হৈছে। 

নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰত আয়োজিত এই অনুষ্ঠানটোৱে পেৰিছ অলিম্পিক ২০২৪ৰ প্ৰাকক্ষণত  ড'পিং বিৰোধী গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ত  একত্ৰিতভাবে ৰণনীতি প্ৰস্তুত কৰাৰ বাবে ক্ৰীড়াৰ সৈতে জড়িত অংশীদাৰসকলৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।

  অনুৰাগ সিং ঠাকুৰে তেওঁৰ  ভাষণত  খেলৰ ক্ষেত্ৰত  স্বচ্ছ  নীতি অৱলম্বন, প্ৰতিযোগিতাৰ মনোভাৱ আৰু ক্ৰীড়া ক্ষেত্ৰত ঐক্যতা বজাই ৰখাৰ গুৰুত্বৰ বিষয়ে  আলোকপাত কৰে । তেওঁ ভাৰতীয় খেলুৱৈসকলৰ দ্বাৰা প্ৰদৰ্শিত নিষ্ঠা আৰু স্থিতিস্থাপকতাক প্ৰশংসা কৰে আৰু দেশৰ ড'পিং বিৰোধী পৰিকাঠামো গঢ় দিয়াত  ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থা (এনএডিএ)ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।

 তেওঁ কয়, "খেলুৱৈসকলৰ বাবে পুষ্টিগত পৰিপূৰক পৰীক্ষা আৰু ভাৰতত পুষ্টিগত পৰিপূৰক পৰীক্ষাৰ সুবিধা বিকশিত কৰাৰ বাবে   উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাটো  যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দীৰ্ঘদিনীয়া লক্ষ্য আছিল।  "

 
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে লগতে কয়  "ৰোড টু পেৰিছ ২০২৪"ৰ  বিষয়বস্তুৰ মাজত  বিশ্বৰ ক্ৰীড়া মঞ্চত এখন ৰাষ্ট্ৰ হিচাপে আমাৰ আকাংক্ষা গভীৰভাৱে প্ৰতিধ্বনিত হৈছে। তেওঁ লগতে কয়, "আমি বহুদূৰ আগবাঢ়িছো আৰু এই যাত্ৰা আমাৰ খেলুৱৈসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে সম্ভৱ  হৈছে, যিসকলে আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ নিৰন্তৰ চেষ্টা চলাই আহিছে।"

 
ভাৰতীয় খেলুৱৈসকলৰ উন্নত প্ৰদৰ্শনৰ কথা উল্লেখ কৰি তেওঁ কয় যে অলিম্পিক, পেৰালিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু অন্যান্য প্ৰতিযোগিতাৰ  দৰে বিশ্বৰ মেগা ক্ৰীড়া প্ৰতিযোগিতাত  ভাৰতৰ প্ৰদৰ্শনে আমাৰ খেলুৱৈসকলৰ নিখুঁত স্থিতিস্থাপকতা আৰু প্ৰতিভাক প্ৰতিফলিত কৰিছে।

 
ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থা (এনএডিএ)ৰ প্ৰচেষ্টাক প্ৰশংসা কৰি শ্ৰী অনুৰাগ সিং ঠাকুৰে কয়, "স্বচ্ছ  ক্ৰীড়া আৰু ড'পিং বিৰোধী পদক্ষেপৰ প্ৰচাৰৰ ক্ষেত্ৰত নাডাৰ নিৰন্তৰ প্ৰচেষ্টা প্ৰশংসনীয়। ই খেলুৱৈসকলক শিক্ষিত কৰা, পৰীক্ষা কৰা আৰু ড'পিং-বিৰোধী নিয়ম তথা  নীতি বলৱৎ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। "

 কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে লগতে উল্লেখ কৰে যে ক্ৰীড়াৰ এক নিৰপেক্ষ আৰু স্বচ্ছ   পৰিৱেশ নিশ্চিত কৰাৰ বাবে ড'পিং বিৰোধী প্ৰচেষ্টা অবিচ্ছেদ্য আৰু চৰকাৰে এই উদ্দেশ্যক সফল  কৰাৰ ক্ষেত্ৰত এনএডিএ-য়ে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়ে।

                                                                     
তেওঁ লগতে কয়, "ৰাষ্ট্ৰীয় ডোপ পৰীক্ষা গৱেষণাগাৰে (এনডিটিএল) সঠিক আৰু নিৰ্ভৰযোগ্য পৰীক্ষা প্ৰক্ৰিয়া নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এইক্ষেত্ৰত বাজেট আৱণ্টন তথা আন্তঃগাঁথনিৰ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ সমৰ্থনে এই সংস্থাসমূহক তেওঁলোকৰ দায়িত্ব কাৰ্যকৰীভাৱে পালন কৰিবলৈ ক্ষমতা প্ৰদান কৰিব।"

সন্মিলনত খেলুৱৈসকলক তেওঁলোকৰ কল্যাণৰ বাবে নিৰ্ধাৰিত পুষ্টিগত মান আৰু সুৰক্ষা ব্যৱস্থাৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ লক্ষ্যৰে "পুষ্টিগত পৰিপূৰকৰ বিষয়ত অত্যাৱশ্যকীয় অন্তৰ্দৃষ্টি আৰু তথ্য" শীৰ্ষক  এক বিস্তৃত গ্ৰন্থও  মুকলি কৰা হয়।

এনএডিএ-য়ে "দ্য পেৰিছ পিনেকল: নাডাছ গাইড টু এথিকেল স্পোৰ্টিং" শীৰ্ষক এখন নিৰ্দেশিকা পুস্তিকাও  উন্মোচন কৰে। এই পুস্তিকা খন  পেৰিছ অলিম্পিক ২০২৪-ৰ বাবে প্ৰস্তুতি চলাই থকা  খেলুৱৈসকলৰ বাবে বিস্তৃত নিৰ্দেশনা প্ৰদান কৰা এক নিশ্চিত সম্পদ হিচাবে বিবেচিত হ’ব। এই নিৰ্দেশিকাই খেলুৱৈসকলৰ বাবে দিক নিৰ্দেশক  হিচাপে কাম কৰিব, তেওঁলোকক নৈতিকভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ  কৰিবলৈ আৰু স্বচ্ছভাবে খেলৰ নীতিবোৰ বজাই ৰাখিবলৈ সক্ষম কৰি তুলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ