--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিটো ঋতুতে বীট বজাৰত পোৱা যায়। মানুহে ইয়াক চালাড, ভাজি, দাইলত দি খায়। বহুলোকে বীটৰ জুচ খায়। ইয়াত প্ৰচুৰ পৰিমাণে ফ’লেট আৰু মেংগানিজ থাকে, যিবোৰ আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয়। আনহাতে ফ’লেট আমাৰ মগজুৰ বাবে উপকাৰী। ইয়াৰ বাহিৰেও বীটত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী। যদি আপুনি এতিয়ালৈকে এই পাচলি সেৱন কৰা নাছিল, তেন্তে এই পাচলি আজি নিজেই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। 

বীট খালে আমাৰ স্বাস্থ্যৰ বাবে কি কি উপকাৰ পোৱা যায়?

১) মগজুক চোকা কৰি তোলেঃ বীটত নাইট্ৰেট থাকে যিয়ে বৃদ্ধি পোৱা ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। কেৱল এয়াই নহয়, যদি আপুনি দৈনিক বীট সেৱন কৰে, তেন্তে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা কম। আনহাতে বীট খালে মগজু সুস্থ হৈ থাকে আৰু চোকা হৈ পৰে।

২) তেজ বৃদ্ধি পায়ঃ বীটত আইৰণ আৰু খনিজ পদাৰ্থ পোৱা যায়, যিয়ে শৰীৰৰ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। আনহাতে দৈনিক বীট সেৱন কৰিলে হিম’গ্লবিনৰ অভাৱ নহয়। যাৰ বাবে আপোনাৰ অক্সিজেনৰ মাত্ৰা আৰু তেজৰ মাত্ৰা শৰীৰত ঠিকেই থাকে।

৩) কলেষ্টেৰলঃ দৈনিক বীটৰ ৰস খালে বেয়া কলেষ্টেৰল নাইকিয়া হয়, যাৰ বাবে ই ধমনীত জমা নহয় আৰু মেদবহুলতা, হৃদযন্ত্ৰৰ সমস্যাৰ পৰা আপুনি ৰক্ষা পৰে।

৪) মুখলৈ গ্লো আহেঃ বীট খালে ছালখন স্বাস্থ্যসন্মত হয়। নিয়মীয়াকৈ খালে আপোনাৰ মুখলৈ গ্লো আহিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু