--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বি-টাউনৰ তাৰকা যুটি মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ মাজত সম্পৰ্ক ভাঙিল। বলীউডৰ এই ‘পাৱাৰ কাপল’ তেওঁলোকৰ সম্পৰ্কৰ বাবে প্ৰায়ে শিৰোনামত ওলাই আহিছিল। কিন্তু সিহঁতৰ মাজত হঠাৎ ব্ৰেক আপ হৈছে। অৰ্জুন আৰু মলাইকাৰ একাধিক ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক জনায়। জনা যায় যে তেওঁলোকে নিজৰ মাজত আলোচনা কৰি আৰু ইজনে সিজনক সন্মান কৰি বিচ্ছেদৰ পথ বাছি লৈছে।

মলাইকা-অৰ্জুনে কিয় তেওঁলোকৰ সম্পৰ্ক শেষ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এক সূত্ৰৰ মতে, “মলাইকা আৰু অৰ্জুনৰ সম্পৰ্ক সঁচাকৈয়ে ভাল আছিল। বিচ্ছিন্ন হৈ থাকিলেও ইজনে সিজনৰ বাবে অন্তৰত এক বিশেষ স্থান ৰাখিব। তেওঁলোকে বিচ্ছেদৰ পথ বাছি লৈছে। কিন্তু ইজনে সিজনৰ প্ৰতি সন্মান থকাৰ বাবেই এই বিষয়ত মনে মনে থাকিব। তেওঁলোকে আন কাকো এই সম্পৰ্ক নষ্ট কৰিবলৈ নিদিয়ে।''

যোৱা কেইদিনমানৰ পৰা মলাইকা আৰু অৰ্জুনক একেলগে দেখা পোৱা নাই। সেই ঘনিষ্ঠ সূত্ৰৰ মতে, “তেওঁলোকৰ মাজত প্ৰেম আৰু সন্মানৰ সম্পৰ্ক আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ই স্থায়ী নহ’ল। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ মাজত কোনো ধৰণৰ তিক্ততা গঢ় লৈ উঠিছে। ইজনে সিজনক সদায় সন্মান কৰি ইজনে সিজনৰ কাষত থিয় দি আহিছে। ইজনে সিজনৰ প্ৰতি সন্মান তেওঁলোকৰ বাবে সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে।''

সম্পৰ্ক ভাঙিলেও সিহঁতে নিজৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিব। উৎসৰ ভাষাত "বিচ্ছেদ হ'লেও ইজনে সিজনৰ প্ৰতি একেধৰণৰ সন্মান বজাই ৰাখিব।" বহু বছৰ ধৰি দুয়োৰে মাজত এই সম্পৰ্ক আছিল। মলাইকা-অৰ্জুনে আশা কৰিছে যে এইবাৰ তেওঁলোকৰ কোনোৱেই তেওঁলোকক লাজ নিদিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ