--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত সৰ্বাধিক স্থান পোৱা এবিধ খাদ্য হ’ল সু-স্বাদু পৰঠা। পুৱাৰ খাদ্যই হওক বা আবেলিৰ টিফিনেই হওক, প্ৰায়সংখ্যক মানুহেই পৰঠা খোৱাটো নিজৰ ৰুচিৰ ভিতৰত অন্তভুক্ত কৰে। গৰম-গৰম পৰঠাৰ সৈতে আলু-চবজি বা মাখন সানি, দৈ বা ৰাইটা খাবলৈ মানুহে বহুত ভাল পায়।

আমি দৈনন্দিন খোৱা সেই পৰঠা বিধ ভিন্ন ৰন্ধন প্ৰণালীৰে মানুহে প্ৰস্তত কৰে, তাৰ ভিতৰত আছে- আলুপৰঠা, গাজৰপৰঠা, মেথিৰ সৈতে পৰঠা, ময়দা বা আটাৰ সৈতে পৰঠা। কিন্তু আমি দৈনন্দিন ব্যৱহাৰ কৰা সেই ভিন্ন সু-স্বাদু পৰঠা কিমান স্বাস্হ্যসন্মত আপুনি জানেনে?


হয়, সৰ্বাধিক কাৰ্বোহাইড্ৰেট আৰু চৰ্বিৰ পৰিমাণ বেছি থকা বাবে স্বাস্থ্য বিশেষজ্ঞসকলে মানুহৰ শৰীৰৰ বাবে বহু সময়ত পৰঠাঅপকাৰী বুলি ক’ব খোজে। কিন্তু সেই পৰঠাক আমি যদি কিছু পৃথকৰূপত প্ৰস্তুত কৰিব পাৰো, তেনেহ’লে পৰঠা হৈ পৰিব পাৰে অধিক স্বাস্থ্যসন্মত আৰু সু-স্বাদু।পৰঠা তৈয়াৰ কৰোতে অনুসৰণ কৰিব লগা পদ্ধতিসমূহ হ’ল এনেধৰণৰ-

১) পৰঠাত আমি সৰ্বাধিক হাৰত ব্যৱহাৰ কৰা ময়দাৰ সলনি যদি মাল্টিগ্ৰেইন ময়দা ব্যৱহাৰ কৰো, তেনেহ’লে পৰঠাখন স্বাস্থ্যসন্মত হ’ব। তদুপৰি পৰঠাখন গৰম পানীৰ সলনি দৈ বা গাখীৰৰ সৈতে যদি বেকিং কৰো তেতিয়া আমাৰ শৰীৰে কেলছিয়াম আৰু প্ৰবায়োটিক আমাৰ শৰীৰে লাভ কৰিব, যি আমাৰ স্বাস্থ্যৰ বাবে বাবে খুবেই উপকাৰী।

২) বহু মানুহে পৰঠাৰ সৈতে আলু চবজি, মাখন, ঘি বা চীজ সানি পৰঠাখন খাবলৈ ভাল পায় কিন্তু তাৰ সলনি যদি আমি ব্ৰকলি জাতীয় খাদ্য যেনে ফুলকবি বা দাইলৰ সৈতে পৰঠা খাওঁ, তেনেহ’লে স্বাস্থ্যৰ বাবে উপকাৰী।

৩) সাধাৰণতে, পৰঠাতৈয়াৰ কৰোতে যথেষ্ট তেল ব্যৱহাৰ কৰিব লগা হয় আৰু পৰঠাখন আমি সাধাৰণতে ত্ৰিভূতাকৃতি হ’লে দেখিবলৈ বেছি পাওঁ, কিন্তু পৰঠাখন যদি ঘূৰণীযা আকৃতিৰে প্ৰস্তত কৰো তেনেহ’লে তেলৰ পৰিমাণ কম হ’লেও হয়।

৪) আলু পৰঠাত আমি যদি আলুৰ লগত যদি বেছি পৰিমাণত ৰাজমা দিওঁ, তেতিয়াও আমাৰ শৰীৰে যথেষ্ট পুষ্টি লাভ কৰিব।

৫) এখন পৰঠাত প্ৰায় ২৫০ৰ পৰা ৩০০ পৰ্যন্ত কেলৰি থাকে। গতিকে আপুনি যদি সৰ্বাধিক হাৰত পৰঠাখাই তেনেহ’লে নিশ্চিতভাৱে ই শৰীৰৰ বাবে অপকাৰী। সেয়েহে পৰঠা সদায় খোৱাটো মানুহে একেবাৰে অভ্যাসত পৰিণত কৰিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ