--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত সৰ্বাধিক স্থান পোৱা এবিধ খাদ্য হ’ল সু-স্বাদু পৰঠা। পুৱাৰ খাদ্যই হওক বা আবেলিৰ টিফিনেই হওক, প্ৰায়সংখ্যক মানুহেই পৰঠা খোৱাটো নিজৰ ৰুচিৰ ভিতৰত অন্তভুক্ত কৰে। গৰম-গৰম পৰঠাৰ সৈতে আলু-চবজি বা মাখন সানি, দৈ বা ৰাইটা খাবলৈ মানুহে বহুত ভাল পায়।

আমি দৈনন্দিন খোৱা সেই পৰঠা বিধ ভিন্ন ৰন্ধন প্ৰণালীৰে মানুহে প্ৰস্তত কৰে, তাৰ ভিতৰত আছে- আলুপৰঠা, গাজৰপৰঠা, মেথিৰ সৈতে পৰঠা, ময়দা বা আটাৰ সৈতে পৰঠা। কিন্তু আমি দৈনন্দিন ব্যৱহাৰ কৰা সেই ভিন্ন সু-স্বাদু পৰঠা কিমান স্বাস্হ্যসন্মত আপুনি জানেনে?


হয়, সৰ্বাধিক কাৰ্বোহাইড্ৰেট আৰু চৰ্বিৰ পৰিমাণ বেছি থকা বাবে স্বাস্থ্য বিশেষজ্ঞসকলে মানুহৰ শৰীৰৰ বাবে বহু সময়ত পৰঠাঅপকাৰী বুলি ক’ব খোজে। কিন্তু সেই পৰঠাক আমি যদি কিছু পৃথকৰূপত প্ৰস্তুত কৰিব পাৰো, তেনেহ’লে পৰঠা হৈ পৰিব পাৰে অধিক স্বাস্থ্যসন্মত আৰু সু-স্বাদু।পৰঠা তৈয়াৰ কৰোতে অনুসৰণ কৰিব লগা পদ্ধতিসমূহ হ’ল এনেধৰণৰ-

১) পৰঠাত আমি সৰ্বাধিক হাৰত ব্যৱহাৰ কৰা ময়দাৰ সলনি যদি মাল্টিগ্ৰেইন ময়দা ব্যৱহাৰ কৰো, তেনেহ’লে পৰঠাখন স্বাস্থ্যসন্মত হ’ব। তদুপৰি পৰঠাখন গৰম পানীৰ সলনি দৈ বা গাখীৰৰ সৈতে যদি বেকিং কৰো তেতিয়া আমাৰ শৰীৰে কেলছিয়াম আৰু প্ৰবায়োটিক আমাৰ শৰীৰে লাভ কৰিব, যি আমাৰ স্বাস্থ্যৰ বাবে বাবে খুবেই উপকাৰী।

২) বহু মানুহে পৰঠাৰ সৈতে আলু চবজি, মাখন, ঘি বা চীজ সানি পৰঠাখন খাবলৈ ভাল পায় কিন্তু তাৰ সলনি যদি আমি ব্ৰকলি জাতীয় খাদ্য যেনে ফুলকবি বা দাইলৰ সৈতে পৰঠা খাওঁ, তেনেহ’লে স্বাস্থ্যৰ বাবে উপকাৰী।

৩) সাধাৰণতে, পৰঠাতৈয়াৰ কৰোতে যথেষ্ট তেল ব্যৱহাৰ কৰিব লগা হয় আৰু পৰঠাখন আমি সাধাৰণতে ত্ৰিভূতাকৃতি হ’লে দেখিবলৈ বেছি পাওঁ, কিন্তু পৰঠাখন যদি ঘূৰণীযা আকৃতিৰে প্ৰস্তত কৰো তেনেহ’লে তেলৰ পৰিমাণ কম হ’লেও হয়।

৪) আলু পৰঠাত আমি যদি আলুৰ লগত যদি বেছি পৰিমাণত ৰাজমা দিওঁ, তেতিয়াও আমাৰ শৰীৰে যথেষ্ট পুষ্টি লাভ কৰিব।

৫) এখন পৰঠাত প্ৰায় ২৫০ৰ পৰা ৩০০ পৰ্যন্ত কেলৰি থাকে। গতিকে আপুনি যদি সৰ্বাধিক হাৰত পৰঠাখাই তেনেহ’লে নিশ্চিতভাৱে ই শৰীৰৰ বাবে অপকাৰী। সেয়েহে পৰঠা সদায় খোৱাটো মানুহে একেবাৰে অভ্যাসত পৰিণত কৰিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া