--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেউতাক এগৰাকী আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা। উপাৰ্জনৰ ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰীসকলতকৈ বহু পইণ্ট আগবাঢ়ি আছে ভগ্নী। কেৱল হিন্দী চলচ্চিত্ৰ জগততে নহয়, হলিউডতো তেওঁ আত্মপ্ৰকাশ কৰিছিল। কিন্তু ভট্ট পৰিয়ালৰ কন্যা পূজা ভাটে কিয় অৰ্থাভাৱত দিন পাৰ কৰিছিল?

১৭ বছৰ বয়সত পিতৃ মহেশ ভট্টৰ পৰিচালনাত নিৰ্মিত টেলিভিছন ছবি ‘ডেডী’ত পূজাক প্ৰথমবাৰৰ বাবে অভিনয় কৰা দেখা গৈছিল। ৯০ দশকৰ আৰম্ভণিৰ ছবি দিল হায় কে মান্তা নাহিত আমিৰ খানৰ সৈতে অভিনয় কৰি পূজাই প্ৰশংসা লাভ কৰিছিল।

পূজাই ‘সাদক’, ‘জুনুন’, ‘চাহাট’, ‘তমন্না’, ‘সীমা’ আদি কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছে। ২০০৩ চনত অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ ৰেষ্টুৰেণ্টৰ মালিক মনীষ ম্খিজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পূজাই ১১ বছৰৰ পিছত মনীষক বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয়। তেওঁ ক’লে যে সেই মুহূৰ্তটোৱেই আছিল পূজাৰ জীৱনৰ আটাইতকৈ কঠিন। তেওঁ দাবী কৰে যে ব্ৰেকআপৰ পিছত অভিনেত্ৰীগৰাকী সুৰাৰ আসক্ত হৈ পৰে।

‘বিগ বছ অ’টিটি’ৰ ৰিয়েলিটি শ্ব’ত পূজাই নিজৰ জীৱনৰ অধিক গোপন কথা কয়। জীৱনত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে  অভিনেত্ৰীগৰাকীয়ে টকাৰ অভাৱত দিন পাৰ কৰিছিল। পূজাই কয়- ''ইমান ডাঙৰ তাৰকা হোৱাৰ পিছতো মোৰ বেংক একাউণ্টত মাত্ৰ ৪ হাজাৰ টকা আছিল। তথাপিও মই কাকো টকা খুজা নাছিলো।’’

পূজাৰ দাবী- ''টকাৰে নহয়, মানসিকতাৰেহে মানুহক বিচাৰ কৰা হয়।’’ কাৰোবাৰ মানসিকতা ভাল নহ’লে পূজাই তেওঁক ‘সৰু মানুহ’ বুলি ভাবে।’’ পূজাই লগতে কয় যে তেওঁ জীৱনত বহু উত্থান-পতন দেখিছে। টকা-পইচাও নাছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে কেতিয়াও ধনেৰে কাকো বিচাৰ কৰা নাছিল।

মনীষৰ সৈতে ১১ বছৰ ধৰি বিবাহিত হৈ থকাৰ পিছতো কোনো সন্তান নথকাৰ আচল কাৰণো প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। পূজাই ক'লে, "সন্তানৰ দায়িত্ব মই চম্ভালিব পৰা অৱস্থআত নাছিলো। মোৰ স্বামী, শহুৰেক সকলো বৰ ভাল আছিল। সন্তান জন্ম নিদিয়াটো মোৰ সিদ্ধান্ত আছিল।''

পূজাই বহু বছৰ ধৰি ডাঙৰ পৰ্দাৰ পৰা বিৰতি লৈছিল। ২০২১ চনত ‘বম্বে বেগমছ’ নামৰ এখন ৱেব ছিৰিজত অভিনয় কৰি অভিনয় জগতলৈ ঘূৰি আহে। পূজাই শেষবাৰৰ বাবে ২০২২ চনত মুক্তি পোৱা ‘চুপ: ৰিভেঞ্জ অৱ দ্য আৰ্টিষ্ট’ ছবিখনত অভিনয় কৰিছিল। এইবাৰ পূজাই ছলমান খানে আয়োজন কৰা ‘বিগ বছ অ’টিটি’ ৰিয়েলিটি শ্ব’ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু