--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেউতাক এগৰাকী আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা। উপাৰ্জনৰ ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰীসকলতকৈ বহু পইণ্ট আগবাঢ়ি আছে ভগ্নী। কেৱল হিন্দী চলচ্চিত্ৰ জগততে নহয়, হলিউডতো তেওঁ আত্মপ্ৰকাশ কৰিছিল। কিন্তু ভট্ট পৰিয়ালৰ কন্যা পূজা ভাটে কিয় অৰ্থাভাৱত দিন পাৰ কৰিছিল?

১৭ বছৰ বয়সত পিতৃ মহেশ ভট্টৰ পৰিচালনাত নিৰ্মিত টেলিভিছন ছবি ‘ডেডী’ত পূজাক প্ৰথমবাৰৰ বাবে অভিনয় কৰা দেখা গৈছিল। ৯০ দশকৰ আৰম্ভণিৰ ছবি দিল হায় কে মান্তা নাহিত আমিৰ খানৰ সৈতে অভিনয় কৰি পূজাই প্ৰশংসা লাভ কৰিছিল।

পূজাই ‘সাদক’, ‘জুনুন’, ‘চাহাট’, ‘তমন্না’, ‘সীমা’ আদি কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছে। ২০০৩ চনত অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ ৰেষ্টুৰেণ্টৰ মালিক মনীষ ম্খিজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পূজাই ১১ বছৰৰ পিছত মনীষক বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয়। তেওঁ ক’লে যে সেই মুহূৰ্তটোৱেই আছিল পূজাৰ জীৱনৰ আটাইতকৈ কঠিন। তেওঁ দাবী কৰে যে ব্ৰেকআপৰ পিছত অভিনেত্ৰীগৰাকী সুৰাৰ আসক্ত হৈ পৰে।

‘বিগ বছ অ’টিটি’ৰ ৰিয়েলিটি শ্ব’ত পূজাই নিজৰ জীৱনৰ অধিক গোপন কথা কয়। জীৱনত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে  অভিনেত্ৰীগৰাকীয়ে টকাৰ অভাৱত দিন পাৰ কৰিছিল। পূজাই কয়- ''ইমান ডাঙৰ তাৰকা হোৱাৰ পিছতো মোৰ বেংক একাউণ্টত মাত্ৰ ৪ হাজাৰ টকা আছিল। তথাপিও মই কাকো টকা খুজা নাছিলো।’’

পূজাৰ দাবী- ''টকাৰে নহয়, মানসিকতাৰেহে মানুহক বিচাৰ কৰা হয়।’’ কাৰোবাৰ মানসিকতা ভাল নহ’লে পূজাই তেওঁক ‘সৰু মানুহ’ বুলি ভাবে।’’ পূজাই লগতে কয় যে তেওঁ জীৱনত বহু উত্থান-পতন দেখিছে। টকা-পইচাও নাছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে কেতিয়াও ধনেৰে কাকো বিচাৰ কৰা নাছিল।

মনীষৰ সৈতে ১১ বছৰ ধৰি বিবাহিত হৈ থকাৰ পিছতো কোনো সন্তান নথকাৰ আচল কাৰণো প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। পূজাই ক'লে, "সন্তানৰ দায়িত্ব মই চম্ভালিব পৰা অৱস্থআত নাছিলো। মোৰ স্বামী, শহুৰেক সকলো বৰ ভাল আছিল। সন্তান জন্ম নিদিয়াটো মোৰ সিদ্ধান্ত আছিল।''

পূজাই বহু বছৰ ধৰি ডাঙৰ পৰ্দাৰ পৰা বিৰতি লৈছিল। ২০২১ চনত ‘বম্বে বেগমছ’ নামৰ এখন ৱেব ছিৰিজত অভিনয় কৰি অভিনয় জগতলৈ ঘূৰি আহে। পূজাই শেষবাৰৰ বাবে ২০২২ চনত মুক্তি পোৱা ‘চুপ: ৰিভেঞ্জ অৱ দ্য আৰ্টিষ্ট’ ছবিখনত অভিনয় কৰিছিল। এইবাৰ পূজাই ছলমান খানে আয়োজন কৰা ‘বিগ বছ অ’টিটি’ ৰিয়েলিটি শ্ব’ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক